Micah 2:3 in Assamese 3 সেই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমঙ্গলৰ সময়।
Other Translations King James Version (KJV) Therefore thus saith the LORD; Behold, against this family do I devise an evil, from which ye shall not remove your necks; neither shall ye go haughtily: for this time is evil.
American Standard Version (ASV) Therefore thus saith Jehovah: Behold, against this family do I devise an evil, from which ye shall not remove your necks, neither shall ye walk haughtily; for it is an evil time.
Bible in Basic English (BBE) For this cause the Lord has said, See, against this family I am purposing an evil from which you will not be able to take your necks away, and you will be weighted down by it; for it is an evil time.
Darby English Bible (DBY) Therefore thus saith Jehovah: Behold, against this family do I devise an evil, from which ye shall not remove your necks; neither shall ye walk haughtily: for it is an evil time.
World English Bible (WEB) Therefore thus says Yahweh: "Behold, I am planning against these people a disaster, From which you will not remove your necks, Neither will you walk haughtily; For it is an evil time.
Young's Literal Translation (YLT) Therefore, thus said Jehovah: Lo, I am devising against this family evil, From which ye do not remove your necks, Nor walk loftily, for a time of evil it `is'.
Cross Reference Isaiah 2:11 in Assamese 11 মানুহৰ ঊৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
Isaiah 3:16 in Assamese 16 যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহঙ্কাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।
Isaiah 5:19 in Assamese 19 যি সকলে কয়, ঈশ্বৰ লৰালৰি কৰক, তেওঁৰ কাৰ্য শীঘ্ৰে কৰক,সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম; আৰু আমি যেন জানিব পৰো তাৰ বাবে ইস্ৰায়েলৰ পবিত্ৰ জনাৰ কল্পনাই আকৃতিলৈ আহক।”
Isaiah 28:14 in Assamese 14 যিৰূচালেমৰ লোকসকলক শাসন কৰা জন হে নিন্দক লোকসকল, যিহোৱাৰ বাক্য শুনা।
Jeremiah 8:3 in Assamese 3 বাহিনীসকলৰ যিহোৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ’ব।
Jeremiah 13:15 in Assamese 15 তোমালোকে শুনা, কাণ দিয়া, অহঙ্কাৰ নকৰিবা, কিয়নো যিহোৱাই কথা কৈছে।
Jeremiah 18:11 in Assamese 11 এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা উলটা, নিজ নিজ পথ আৰু কাৰ্য্য শুধৰোৱা।”
Jeremiah 27:12 in Assamese 12 পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা।
Jeremiah 34:17 in Assamese 17 এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।
Jeremiah 36:23 in Assamese 23 পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল।
Jeremiah 43:2 in Assamese 2 হোচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক যোহানন আদি সকলো গৰ্ব্বী লোকে যিৰিমিয়াক ক’লে, “তুমি মিছাকৈ কৈছা। প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিচৰত নোসোমাবা, এই বুলি ক’বলৈ আমাৰ ঈশ্বৰ যিহোৱাই তোমাক পঠিওৱা নাই।’
Lamentations 1:14 in Assamese 14 মোৰ অপৰাধৰূপ যূঁৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল। সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে। যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
Lamentations 2:17 in Assamese 17 যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্ব্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে, আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।
Lamentations 5:5 in Assamese 5 আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে। আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।
Daniel 4:37 in Assamese 37 এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহঙ্কাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
Daniel 5:20 in Assamese 20 যেতিয়া তেওঁৰ হৃদয় অহঙ্কাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।
Amos 2:14 in Assamese 14 সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;
Amos 5:13 in Assamese 13 সেয় বাবে এই, এই সময়ত বিজ্ঞ লোক মনে মনে থাকে; কিয়নো ই এক দু:সময় ।
Amos 9:1 in Assamese 1 মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে। সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰু যি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম; তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব; তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব ।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Zephaniah 1:17 in Assamese 17 মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
Romans 16:4 in Assamese 4 তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল; মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু কেৱল মই নহয়, অনা-ইহুদী সকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে;
Ephesians 5:16 in Assamese 16 সুসময়ক কিনি ল’ব; কিয়নো এই সময় মন্দ।
James 2:13 in Assamese 13 কিয়নো যি জনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!