Matthew 7:22 in Assamese 22 সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?
Other Translations King James Version (KJV) Many will say to me in that day, Lord, Lord, have we not prophesied in thy name? and in thy name have cast out devils? and in thy name done many wonderful works?
American Standard Version (ASV) Many will say to me in that day, Lord, Lord, did we not prophesy by thy name, and by thy name cast out demons, and by thy name do many mighty works?
Bible in Basic English (BBE) A great number will say to me on that day, Lord, Lord, were we not prophets in your name, and did we not by your name send out evil spirits, and by your name do works of power?
Darby English Bible (DBY) Many shall say to me in that day, Lord, Lord, have we not prophesied through *thy* name, and through *thy* name cast out demons, and through *thy* name done many works of power?
World English Bible (WEB) Many will tell me in that day, 'Lord, Lord, didn't we prophesy in your name, in your name cast out demons, and in your name do many mighty works?'
Young's Literal Translation (YLT) Many will say to me in that day, Lord, lord, have we not in thy name prophesied? and in thy name cast out demons? and in thy name done many mighty things?
Cross Reference Numbers 24:4 in Assamese 4 যি জনে ঈশ্বৰৰ বাক্য শুনে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে,
Numbers 31:8 in Assamese 8 আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।
1 Kings 22:11 in Assamese 11 বিশেষকৈ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ কাৰণে লোহাৰ শিং এজোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ‘ইয়াৰ দ্বাৰাই তুমি অৰামীয়াসকলক সম্পূৰ্ণৰূপে সংহাৰ নকৰালৈকে তেওঁলোকক ইয়াৰে খুচি থাকিবা’।”
Isaiah 2:11 in Assamese 11 মানুহৰ ঊৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
Isaiah 2:17 in Assamese 17 মানুহৰ অহঙ্কাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
Jeremiah 23:13 in Assamese 13 মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
Malachi 3:17 in Assamese 17 বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
Matthew 7:21 in Assamese 21 যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
Matthew 10:5 in Assamese 5 এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা।
Matthew 10:15 in Assamese 15 মই তোমালোকক সঁচাকৈ কওঁ, সোধ-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”
Matthew 24:36 in Assamese 36 কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰে বা পুত্ৰই বা আন কোনেও সেইদিন আৰু সময় নাজানে।
Matthew 25:11 in Assamese 11 পাছত আন কেইজনী কন্যাই আহি ক’লে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’।
Luke 10:12 in Assamese 12 মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।
Luke 13:25 in Assamese 25 কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক’বা, ‘প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক’, তেওঁ উত্তৰ দি আপোনালোকক ক’ব, ‘তোমালোক কৰ মানুহ, সেই বিষয়ে মই নাজানো’৷
John 11:51 in Assamese 51 এই কথা কায়াফাই যে নিজৰ পৰা ক’লে এনে নহয়; কিন্তু সেই বছৰত মহা-পুৰোহিত হোৱা বাবে ভাববাণী স্বৰূপে ক’লে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব লাগিব।
Acts 19:13 in Assamese 13 কিন্তু দেশ ভ্ৰমি ফুৰা কেইজনমান ইহুদী ভূত খেদাওঁতাই, ভূতৰ আত্মাই ধৰা সকলৰ আগত প্ৰভু যীচুৰ নাম, নিজৰ কামত ব্যৱহাৰ কৰি কয়, “যি জনাৰ কথা পৌলে প্ৰচাৰ কৰিছে, সেই যীচুৰ শপত দি তোমালোকক আজ্ঞা দিছোঁ।”
1 Corinthians 13:1 in Assamese 1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
1 Thessalonians 5:4 in Assamese 4 কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
2 Thessalonians 1:10 in Assamese 10 সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।
2 Timothy 1:12 in Assamese 12 এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ (ন্যায় বিচাৰৰ দিনৰ) কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
2 Timothy 1:18 in Assamese 18 তেওঁ যাতে সেইদিনা (ন্যায় বিচাৰৰ দিনা) প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল, সেই বিষয়েও তুমি ভালকৈ জনা৷
2 Timothy 4:8 in Assamese 8 মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হ’ব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
Hebrews 6:4 in Assamese 4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷