Matthew 3:9 in Assamese 9 আপোনালোকে নিজৰ মনতে “আমাৰ পিতৃপুৰুষ অব্ৰাহাম আছে” বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
Other Translations King James Version (KJV) And think not to say within yourselves, We have Abraham to our father: for I say unto you, that God is able of these stones to raise up children unto Abraham.
American Standard Version (ASV) and think not to say within yourselves, We have Abraham to our father: for I say unto you, that God is able of these stones to raise up children unto Abraham.
Bible in Basic English (BBE) And say not to yourselves, We have Abraham for our father; because I say to you that God is able from these stones to make children for Abraham.
Darby English Bible (DBY) And do not think to say within yourselves, We have Abraham for [our] father; for I say unto you, that God is able of these stones to raise up children to Abraham.
World English Bible (WEB) Don't think to yourselves, 'We have Abraham for our father,' for I tell you that God is able to raise up children to Abraham from these stones.
Young's Literal Translation (YLT) and do not think to say in yourselves, A father we have -- Abraham, for I say to you, that God is able out of these stones to raise children to Abraham,
Cross Reference Ezekiel 33:24 in Assamese 24 “হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’
Matthew 8:11 in Assamese 11 মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
Mark 7:21 in Assamese 21 কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,
Luke 3:8 in Assamese 8 আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
Luke 5:22 in Assamese 22 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?
Luke 7:39 in Assamese 39 তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাৱবাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
Luke 12:17 in Assamese 17 তেতিয়া তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম’?
Luke 16:24 in Assamese 24 তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক’লে, ‘হে পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁৰ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক’৷
Luke 19:40 in Assamese 40 তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “মই আপোনালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।”
John 8:33 in Assamese 33 তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো দাস্যকৰ্ম কৰা নাই; তেনেস্থলত ‘আপোনালোকক মুক্ত কৰা হ’ব’, এনে কথা তুমি কেনেকৈ কৈছা?”
John 8:39 in Assamese 39 তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
John 8:53 in Assamese 53 তুমি কি আমাৰ ওপৰ-পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?”
Acts 13:26 in Assamese 26 হে ভাইসকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী অনা-ইহুদীসকল, আমালৈ এই পৰিত্ৰাণৰ বাক্য পঠোৱা হৈছে৷
Acts 15:14 in Assamese 14 চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে।
Romans 4:1 in Assamese 1 তেনেহলে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক’ম?
Romans 4:11 in Assamese 11 চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামে বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, সেয়া ধাৰ্মিকতাৰ মোহৰ আছিল; আৰু তেওঁ সেই চুন্নত, চিন হিচাপে পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়;
Romans 9:7 in Assamese 7 তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু, “ইচহাকৰ পৰাহে তোমাৰ বংশৰ নাম বিখ্যাত হ’ব৷”
1 Corinthians 1:27 in Assamese 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
Galatians 3:27 in Assamese 27 কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।
Galatians 4:22 in Assamese 22 কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; দাসীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
Ephesians 2:12 in Assamese 12 সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই জগতত আপোনালোক ঈশ্বৰবিহীন আছিল।