Matthew 3:10 in Assamese 10 গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হ’ব।
Other Translations King James Version (KJV) And now also the axe is laid unto the root of the trees: therefore every tree which bringeth not forth good fruit is hewn down, and cast into the fire.
American Standard Version (ASV) And even now the axe lieth at the root of the trees: every tree therefore that bringeth not forth good fruit is hewn down, and cast into the fire.
Bible in Basic English (BBE) And even now the axe is put to the root of the trees; every tree then which does not give good fruit is cut down, and put into the fire.
Darby English Bible (DBY) And already the axe is applied to the root of the trees; every tree therefore not producing good fruit is cut down and cast into the fire.
World English Bible (WEB) "Even now the axe lies at the root of the trees. Therefore, every tree that doesn't bring forth good fruit is cut down, and cast into the fire.
Young's Literal Translation (YLT) and now also, the axe unto the root of the trees is laid, every tree therefore not bearing good fruit is hewn down, and to fire is cast.
Cross Reference Psalm 1:3 in Assamese 3 সেই মানুহ বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ দৰে, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; তেওঁ সকলো কৰ্মতে সফলতা লাভ কৰে।
Psalm 80:15 in Assamese 15 যি পুলিগছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
Psalm 92:13 in Assamese 13 তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
Isaiah 5:2 in Assamese 2 তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষা-কুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
Isaiah 27:11 in Assamese 11 তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।
Isaiah 61:3 in Assamese 3 চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
Jeremiah 17:8 in Assamese 8 কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
Ezekiel 15:2 in Assamese 2 “হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?
Malachi 3:1 in Assamese 1 বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
Malachi 4:1 in Assamese 1 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
Matthew 7:19 in Assamese 19 যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়।
Matthew 21:19 in Assamese 19 এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে, আৰু তেওঁ ওচৰলৈ গ’ল; কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক।” লগে লগে সেই ডিমৰু জোপা শুকাই গ’ল৷
Luke 3:9 in Assamese 9 গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হ’ব।
Luke 13:6 in Assamese 6 তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি ক’লে, “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।
Luke 23:31 in Assamese 31 কিয়নো কেচা গছত যদি তেওঁলোকে এইবোৰ কর্ম কৰে, তেনেহলে শুকান গছত কি কৰা যাব?”
John 15:2 in Assamese 2 যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰত পুনৰ অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে।
John 15:6 in Assamese 6 কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহলে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।
Hebrews 3:1 in Assamese 1 এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা পাঁচনি আৰু সেই মহা-পুৰোহিত।
Hebrews 6:8 in Assamese 8 কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হ’বলৈ গৈ আছে। তাৰ শেষগতি জ্বলন।
Hebrews 10:28 in Assamese 28 যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে, নিৰ্দয়ভাবে মৰিব লগা হয়।
Hebrews 12:25 in Assamese 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল, সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
1 Peter 4:17 in Assamese 17 কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?