Matthew 26:63 in Assamese 63 কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
Other Translations King James Version (KJV) But Jesus held his peace, And the high priest answered and said unto him, I adjure thee by the living God, that thou tell us whether thou be the Christ, the Son of God.
American Standard Version (ASV) But Jesus held his peace. And the high priest said unto him, I adjure thee by the living God, that thou tell us whether thou art the Christ, the Son of God.
Bible in Basic English (BBE) But Jesus said not a word. And the high priest said to him, I put you on oath, by the living God, that you will say to us if you are the Christ, the Son of God.
Darby English Bible (DBY) But Jesus was silent. And the high priest answering said to him, I adjure thee by the living God that thou tell us if *thou* art the Christ the Son of God.
World English Bible (WEB) But Jesus held his peace. The high priest answered him, "I adjure you by the living God, that you tell us whether you are the Christ, the Son of God."
Young's Literal Translation (YLT) and Jesus was silent. And the chief priest answering said to him, `I adjure thee, by the living God, that thou mayest say to us, if thou art the Christ -- the Son of God.'
Cross Reference Leviticus 5:1 in Assamese 1 যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
Numbers 5:19 in Assamese 19 আৰু পুৰোহিতে সেই মহিলাক শপত খোৱাব লাগিব, তেওঁ তাইক কব লগগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।
1 Samuel 14:24 in Assamese 24 সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনোও আহাৰ গ্ৰহণ নকৰিলে।
1 Samuel 14:26 in Assamese 26 যেতিয়া তেওঁলোক অৰণ্যত সোমাই গৈছিল, তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কাৰণ লোকসকলে সেই শপতলৈ ভয় কৰিলে।
1 Samuel 14:28 in Assamese 28 তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।”
1 Kings 22:16 in Assamese 16 তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
2 Chronicles 18:15 in Assamese 15 তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খোৱাম?”
Psalm 2:6 in Assamese 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
Psalm 38:12 in Assamese 12 যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
Proverbs 29:24 in Assamese 24 যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে; শাও দিয়া শুনিও তেওঁ একো নকয়।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 53:7 in Assamese 7 তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া ভেড়া, আৰু যেনেকৈ নোম কাটোতাৰ আগত ভেড়াই নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।
Daniel 3:16 in Assamese 16 তেতিয়া চৈদ্ৰক, মৈচক আৰু অবেদ-নগোৱে ৰজাক উত্তৰ দি ক’লে, “হে নবুখদনেচৰ, আপোনাক এই বিষয়ে উত্তৰ দিয়া আমাৰ একো প্ৰয়োজন নাই।
Matthew 16:16 in Assamese 16 তেতিয়া চিমোন পিতৰে উত্তৰ দি ক’লে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
Matthew 26:63 in Assamese 63 কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
Matthew 27:12 in Assamese 12 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে।
Matthew 27:14 in Assamese 14 কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।
Matthew 27:40 in Assamese 40 “হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা।”
Matthew 27:43 in Assamese 43 তেওঁ ঈশ্বৰত বিশ্বাস কৰিছে; ঈশ্বৰে যদি তেওঁক ভালপায়, তেনেহলে এতিয়া তেওঁক উদ্ধাৰ কৰকচোন; কিয়নো নিজকে কৈছিল ‘ময়েই ঈশ্বৰৰ পুত্ৰ’।”
Matthew 27:54 in Assamese 54 পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, “এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
Mark 14:61 in Assamese 61 কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
Luke 22:66 in Assamese 66 পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে,
John 1:34 in Assamese 34 মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”
John 1:49 in Assamese 49 নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
John 3:16 in Assamese 16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
John 5:18 in Assamese 18 যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়; তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
John 6:69 in Assamese 69 আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে, আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
John 8:25 in Assamese 25 তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছোঁ।”
John 10:24 in Assamese 24 তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
John 10:30 in Assamese 30 মই আৰু পিতৃ এক।”
John 10:36 in Assamese 36 তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কয় নেকি যে ‘তুমি ঈশ্বৰ নিন্দা কৰিছা,’ কাৰণ ময়ো ক’লো যে ‘মই ঈশ্বৰৰ পুত্ৰ’?
John 18:37 in Assamese 37 তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
John 19:7 in Assamese 7 ইহুদী সকলে পীলাতক উত্তৰ দিলে, “আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত; কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে।”
John 19:9 in Assamese 9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
John 20:31 in Assamese 31 কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।
Acts 8:32 in Assamese 32 ধৰ্মশাস্ত্ৰৰ যি বচন তেওঁ পঢ়িছিল, সেয়া এই, “মাৰিবলৈ নিয়া মেষ পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেষ পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।
1 Peter 2:23 in Assamese 23 তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷
1 John 5:11 in Assamese 11 সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।