Matthew 25:1 in Assamese 1 তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব।
Other Translations King James Version (KJV) Then shall the kingdom of heaven be likened unto ten virgins, which took their lamps, and went forth to meet the bridegroom.
American Standard Version (ASV) Then shall the kingdom of heaven be likened unto ten virgins, who took their lamps, and went forth to meet the bridegroom.
Bible in Basic English (BBE) Then the kingdom of heaven will be like ten virgins, the friends of the bride, who took their lights, and went out with the purpose of meeting the husband.
Darby English Bible (DBY) Then shall the kingdom of the heavens be made like to ten virgins that having taken their torches, went forth to meet the bridegroom.
World English Bible (WEB) "Then the Kingdom of Heaven will be like ten virgins, who took their lamps, and went out to meet the bridegroom.
Young's Literal Translation (YLT) `Then shall the reign of the heavens be likened to ten virgins, who, having taken their lamps, went forth to meet the bridegroom;
Cross Reference Psalm 45:9 in Assamese 9 তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।
Psalm 45:14 in Assamese 14 নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।
Song of Solomon 1:3 in Assamese 3 তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
Song of Solomon 5:8 in Assamese 8 হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছো, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্রেমত দুর্বল হৈছো।
Song of Solomon 5:16 in Assamese 16 তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।
Song of Solomon 6:8 in Assamese 8 ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;
Isaiah 54:5 in Assamese 5 তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।
Isaiah 62:4 in Assamese 4 তোমালোকক আৰু “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি আৰু মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তোষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Matthew 3:2 in Assamese 2 তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
Matthew 5:16 in Assamese 16 এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
Matthew 9:15 in Assamese 15 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানোঁ দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।
Matthew 13:24 in Assamese 24 এবাৰ যীচুৱে লোক সকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। “স্বর্গৰাজ্য এজন খেতিয়কৰ নিচিনা, যি জনে নিজৰ পথাৰত ভাল কঠিয়া সিচিঁলে।
Matthew 13:31 in Assamese 31 যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক’লে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিচিঁলে।
Matthew 13:38 in Assamese 38 পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে দুষ্ট সন্তান।
Matthew 13:44 in Assamese 44 “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
Matthew 13:47 in Assamese 47 “আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ’ল, আৰু সকলো বিধৰ মাছ সেই জালত উঠিল
Matthew 20:1 in Assamese 1 “স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল।
Matthew 22:2 in Assamese 2 “স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
Matthew 24:42 in Assamese 42 এই হেতুকে পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহুৰ্ত্তত আহিব, সেই বিষয়ে তোমালোকে নাজানা।
Mark 2:19 in Assamese 19 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।
Luke 5:34 in Assamese 34 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে?
Luke 12:35 in Assamese 35 তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক,
Luke 21:34 in Assamese 34 কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
John 3:29 in Assamese 29 যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
Acts 20:8 in Assamese 8 সেই সময়ত আমি গোট খোৱা ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল;
1 Corinthians 11:2 in Assamese 2 আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰিছে আৰু মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে মই আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
2 Corinthians 11:2 in Assamese 2 কিয়নো মই আপোনালোকক ঐশ্বৰিক অন্তৰ্জ্বালাৰে ঈর্ষা কৰোঁ; কাৰণ খ্ৰীষ্টৰ হাতত নিৰ্দোষী কন্যা স্বৰূপে সমৰ্পণ কৰিবৰ হাবিয়াহেৰে, আপোনালোকক একমাত্ৰ স্বামী খ্ৰীষ্টলৈ বাগ্দান কৰিলোঁ।
Ephesians 5:25 in Assamese 25 হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;
Philippians 2:15 in Assamese 15 যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷
2 Timothy 4:8 in Assamese 8 মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হ’ব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
Titus 2:13 in Assamese 13 এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷
2 Peter 1:13 in Assamese 13 কিন্তু মই এইটো সঠিক বুলি ভাৱো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্রত কৰি ৰখা মোৰ উচিত।
2 Peter 3:12 in Assamese 12 পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব।
Revelation 4:5 in Assamese 5 সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে পোহৰ, গুজৰণি, আৰু তীব্ৰ মেঘ-গৰ্জ্জন ওলাইছিল; সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছিল, আৰু সেইবোৰেই আছিল ঈশ্বৰৰ সাত আত্মা৷
Revelation 14:4 in Assamese 4 তেওঁলোক তিৰোতা সকলৰ সঙ্গত অশুচি হোৱা নাই; কাৰণ তেওঁলোক অমৈথুন। সেই মেষ-পোৱালি য’লৈকে যায়, তেওঁলোকো তেওঁৰ পাছে পাছে তালৈ যায়৷ ঈশ্বৰৰ আৰু সেই মেষ পোৱালিৰ উদ্দেশ্যে প্ৰথম ফল হিচাপে তেওঁলোকক মনুষ্য সকলৰ মাজৰ পৰা কিনি লোৱা হ’ল।
Revelation 19:7 in Assamese 7 আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেষ পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।”
Revelation 21:2 in Assamese 2 আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ, নতুন যিৰূচালেমক, স্বৰ্গৰ ঈশ্বৰৰ পৰা নমা দেখিলোঁ।
Revelation 21:9 in Assamese 9 তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি ক’লে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, মেষ পোৱালিৰ ভাৰ্যাক দেখুৱাম।”