Matthew 16:18 in Assamese 18 ময়ো তোমাক কওঁ, ‘তুমি পিতৰ অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব’।
Other Translations King James Version (KJV) And I say also unto thee, That thou art Peter, and upon this rock I will build my church; and the gates of hell shall not prevail against it.
American Standard Version (ASV) And I also say unto thee, that thou art Peter, and upon this rock I will build my church; and the gates of Hades shall not prevail against it.
Bible in Basic English (BBE) And I say to you that you are Peter, and on this rock will my church be based, and the doors of hell will not overcome it.
Darby English Bible (DBY) And *I* also, I say unto thee that *thou* art Peter, and on this rock I will build my assembly, and hades' gates shall not prevail against it.
World English Bible (WEB) I also tell you that you are Peter,{Peter's name, Petros in Greek, is the word for a specific rock or stone.} and on this rock{Greek, petra, a rock mass or bedrock.} I will build my assembly, and the gates of Hades will not prevail against it.
Young's Literal Translation (YLT) `And I also say to thee, that thou art a rock, and upon this rock I will build my assembly, and gates of Hades shall not prevail against it;
Cross Reference Genesis 22:17 in Assamese 17 মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।
2 Samuel 18:4 in Assamese 4 তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে যিহকে ভাল দেখা, মই তাকেই কৰিম।” পাছত ৰজা নগৰৰ দুৱাৰৰ কাষত থিয় হৈ ৰ’ল আৰু সকলো সৈন্য শ শ আৰু হাজাৰ হাজাৰ কৈ ওলাই গ’ল।
Job 38:17 in Assamese 17 মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে?
Psalm 9:13 in Assamese 13 হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘৃণাওতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।
Psalm 69:12 in Assamese 12 নগৰৰ দুৱাৰ-মুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।
Psalm 107:18 in Assamese 18 তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।
Psalm 125:1 in Assamese 1 যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
Psalm 127:5 in Assamese 5 সেই পুৰুষ সুখী, যিজনৰ এনে কাড়েঁসমূহেৰে পূর্ণ কাড়ঁ থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।
Proverbs 24:7 in Assamese 7 অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়; আৰু দুৱাৰত তেওঁ কথা কয়।
Isaiah 28:6 in Assamese 6 বিচাৰ আসনত বহা জনৰ বাবে ন্যায় বিচাৰৰ আত্মা, আৰু তেওঁলোকৰ দুৱাৰত শত্রুবোৰক ঘূৰাই অনা লোকসকললৈ বল হ’ব।
Isaiah 28:16 in Assamese 16 এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
Isaiah 38:10 in Assamese 10 মই কৈছিলো যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।”
Isaiah 54:17 in Assamese 17 তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন”-এয়াই যিহোৱাৰ ঘোষনা।
Zechariah 6:12 in Assamese 12 আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব!
Matthew 10:2 in Assamese 2 সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,
Matthew 11:23 in Assamese 23 তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে, তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন।
Matthew 18:17 in Assamese 17 যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ-সংগ্ৰহকাৰী সকলৰ দৰে হওক।
John 1:42 in Assamese 42 আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” এই নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
John 10:27 in Assamese 27 মোৰ মেষবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
Acts 2:47 in Assamese 47 আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
Acts 8:1 in Assamese 1 স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।
Romans 8:33 in Assamese 33 ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
1 Corinthians 3:9 in Assamese 9 কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।
1 Corinthians 15:55 in Assamese 55 “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?”
Galatians 2:9 in Assamese 9 যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে, মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;
Ephesians 2:19 in Assamese 19 হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।
Ephesians 3:10 in Assamese 10 ঈশ্বৰৰ ইচ্ছা এই যে, মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ নানাবিধ জ্ঞান জনোৱা হয়;
Ephesians 5:25 in Assamese 25 হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;
Ephesians 5:32 in Assamese 32 ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছোঁ।
Colossians 1:18 in Assamese 18 তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত, এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হ’ল।
1 Timothy 3:5 in Assamese 5 কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে, তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব?
1 Timothy 3:15 in Assamese 15 কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্ৱৰৰ গৃহ, সেয়ে জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনেদৰে জীৱন-যাপন কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷
Hebrews 3:3 in Assamese 3 কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে
Hebrews 12:28 in Assamese 28 যিহেতু আমি অলৰ ৰাজ্যৰ অধিকাৰী হ’লো; সেয়েহে আহক, প্ৰশংসা আৰু ভক্তিপূৰ্ণ ভয়েৰে সৈতে গ্ৰহণযোগ্যভাবে ঈশ্বৰৰ কৃতজ্ঞতা স্বীকাৰ আৰু আৰাধনা কৰোঁহক;
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”
Revelation 21:1 in Assamese 1 তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু এখন নতুন জগত দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম জগত খন গুচি গ’ল; সমুদ্ৰও নাছিল।
Revelation 21:14 in Assamese 14 আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেষ পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে।