Matthew 11:21 in Assamese 21 হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো আপোনালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তূৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট কাপোৰ পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন।
Other Translations King James Version (KJV) Woe unto thee, Chorazin! woe unto thee, Bethsaida! for if the mighty works, which were done in you, had been done in Tyre and Sidon, they would have repented long ago in sackcloth and ashes.
American Standard Version (ASV) Woe unto thee, Chorazin! woe unto thee, Bethsaida! for if the mighty works had been done in Tyre and Sidon which were done in you, they would have repented long ago in sackcloth and ashes.
Bible in Basic English (BBE) Unhappy are you, Chorazin! Unhappy are you, Beth-saida! For if the works of power which were done in you had been done in Tyre and Sidon, they would have been turned from their sins in days gone by, clothing themselves in haircloth and putting dust on their heads.
Darby English Bible (DBY) Woe to thee, Chorazin! woe to thee Bethsaida! for if the works of power which have taken place in you, had taken place in Tyre and Sidon, they had long ago repented in sackcloth and ashes.
World English Bible (WEB) "Woe to you, Chorazin! Woe to you, Bethsaida! For if the mighty works had been done in Tyre and Sidon which were done in you, they would have repented long ago in sackcloth and ashes.
Young's Literal Translation (YLT) `Wo to thee, Chorazin! wo to thee, Bethsaida! because, if in Tyre and Sidon had been done the mighty works that were done in you, long ago in sackcloth and ashes they had reformed;
Cross Reference Job 42:6 in Assamese 6 এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
Jeremiah 13:27 in Assamese 27 চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কু-কৰ্ম্ম দেখিলোঁ, হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?
Ezekiel 3:6 in Assamese 6 যি জাতিবোৰৰ বাক্য তুমি বুজি নোপোৱা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে জাতিৰ অনেকৰ ওচৰলৈ তোমাক পঠোৱা হোৱা নাই। মই যদি তোমাক তেওঁলোকৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে তেওঁলোকে তোমাৰ কথা শুনিলেহেঁতেন।
Matthew 11:22 in Assamese 22 কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তূৰ আৰু চীদোনৰ দশা সহিব পৰা হ’ব।
Matthew 12:41 in Assamese 41 বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন-পালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
Matthew 15:21 in Assamese 21 তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
Matthew 18:7 in Assamese 7 হায়! বিঘিনিৰ সময়ৰ কাৰণে এই জগত; কিয়নো বিঘিনিৰ সময় অৱশ্যেই আহিব৷ কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তেওঁৰ সন্তাপ হ’ব৷
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
Matthew 26:24 in Assamese 24 মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল।”
Mark 3:8 in Assamese 8 আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ, তূৰ আৰু চিদোনৰ চাৰিওফালৰ মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।
Mark 6:45 in Assamese 45 তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎচৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
Mark 7:24 in Assamese 24 পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আতৰি গ’ল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে।
Mark 7:31 in Assamese 31 আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল।
Mark 8:22 in Assamese 22 পাছত তেওঁলোক বৈৎচৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
Luke 4:26 in Assamese 26 কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল, কেৱল চীদোন এলেকাৰ চাৰিফতত বাস কৰা অনা-ইহুদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল।
Luke 6:17 in Assamese 17 তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহুদীয়া, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।
Luke 9:10 in Assamese 10 পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎচৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গ’ল।
Luke 10:13 in Assamese 13 হায় হায় কোৰাচীন! হায় হায় বৈৎচৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তূৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি মন-পালটন কৰিলেহেঁতেন।
Luke 11:42 in Assamese 42 কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে, কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম আপোনালোকে ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷
John 1:44 in Assamese 44 ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।
John 3:5 in Assamese 5 যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
John 12:21 in Assamese 21 তেওঁলোকে গালীল দেশৰ বৈৎচৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।”
Acts 12:20 in Assamese 20 তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল সহায়কাৰী এজনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্থাপন কৰিবলৈ নিবেদন কৰিলে; কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷
Acts 13:44 in Assamese 44 তাৰ পাছৰ বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷
Acts 27:3 in Assamese 3 পাছদিনা আমি চীদোন নগৰত নামিলো৷
Acts 28:25 in Assamese 25 তাৰ পাছত সেই কথাত পৰস্পৰৰ একমত নোহোৱাত, তেওঁলোক বিদায় ল’বলৈ ধৰিলে৷ পৌলে তেওঁলোকক এই কথা কৈছিল, বোলে, “পবিত্ৰ আত্মাই যিচয়া ভাৱবাদীৰ দ্ৱাৰাই আমাৰ পূর্বপুৰুষ সকলৰ বিষয়ে ভালদৰে কৈছিল।
Jude 1:11 in Assamese 11 তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু মূল্য পোৱাৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।