Matthew 10:41 in Assamese 41 এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব।
Other Translations King James Version (KJV) He that receiveth a prophet in the name of a prophet shall receive a prophet's reward; and he that receiveth a righteous man in the name of a righteous man shall receive a righteous man's reward.
American Standard Version (ASV) He that receiveth a prophet in the name of a prophet shall receive a prophet's reward: and he that receiveth a righteous man in the name of a righteous man shall receive a righteous man's reward.
Bible in Basic English (BBE) He who gives honour to a prophet, in the name of a prophet, will be given a prophet's reward; and he who gives honour to an upright man, in the name of an upright man, will be given an upright man's reward.
Darby English Bible (DBY) He that receives a prophet in the name of a prophet, shall receive a prophet's reward; and he that receives a righteous man in the name of a righteous man, shall receive a righteous man's reward.
World English Bible (WEB) He who receives a prophet in the name of a prophet will receive a prophet's reward: and he who receives a righteous man in the name of a righteous man will receive a righteous man's reward.
Young's Literal Translation (YLT) he who is receiving a prophet in the name of a prophet, shall receive a prophet's reward, and he who is receiving a righteous man in the name of a righteous man, shall receive a righteous man's reward,
Cross Reference Genesis 20:7 in Assamese 7 গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া উভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।
1 Kings 17:9 in Assamese 9 “তুমি উঠি গৈ দীদোনৰ অধীনত থকা চাৰিফতত বাস কৰাগৈ; আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ।”
1 Kings 17:20 in Assamese 20 তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই যি বিধৱাৰ ঘৰত প্ৰৱাস কৰি আছোঁ, আপুনি জনো তাইৰ ল’ৰাটিক মাৰি পেলাই তাইলৈয়ো অমঙ্গল ঘটাইছে নে?”
1 Kings 18:3 in Assamese 3 পাছত আহাবে ৰাজ-গৃহৰ ঘৰগিৰী ওবদিয়াক মাতি আনিলে; সেই ওবদিয়া যিহোৱাৰ প্ৰতি অতিশয় ভয়কাৰী লোক আছিল৷
2 Kings 4:8 in Assamese 8 এদিন ইলীচাই খোজ কাঢ়ি কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।
2 Kings 4:16 in Assamese 16 ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্রভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”
2 Kings 4:32 in Assamese 32 পাছত ইলীচাই ঘৰলৈ আহি দেখিলে যে, তেওঁৰ বিচনাতে মৃত ল’ৰাটি শুৱাই থোৱা আছে।
Isaiah 3:10 in Assamese 10 তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
Matthew 6:1 in Assamese 1 সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
Matthew 6:4 in Assamese 4 কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
Matthew 6:6 in Assamese 6 কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ কোঠালিলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
Matthew 6:18 in Assamese 18 যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
Matthew 16:27 in Assamese 27 কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।
Matthew 25:34 in Assamese 34 তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
Luke 14:13 in Assamese 13 কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ, এনে লোকক মাতিবা।
Acts 16:15 in Assamese 15 তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ল’লে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ অনুৰোধ কৰিলে।
Romans 16:1 in Assamese 1 মই আপোনালোকক নিবেদন কৰিছোঁ যে, কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবি নামেৰে আমাৰ ভনীক,
Romans 16:23 in Assamese 23 মোৰ শুশ্ৰূষা কৰোঁতা গায় আৰু গোটেই মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে। এই নগৰৰ তত্বাৱধায়ক ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
1 Corinthians 9:17 in Assamese 17 কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ, তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত দিয়া সেই তত্বাৱধায়কৰ দায়িত্ব ভাৰ আছে বাবেই মই কৰোঁ৷
2 Thessalonians 1:6 in Assamese 6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক নিশ্চয় ক্লেশ দিব,
2 Timothy 1:16 in Assamese 16 অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
Hebrews 6:10 in Assamese 10 কিয়নো ঈশ্বৰ এনে অধাৰ্মিক বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
2 John 1:8 in Assamese 8 আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
3 John 1:5 in Assamese 5 হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাই সকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বাসযোগ্যতাৰ অনুশীলন,