Mark 4:19 in Assamese 19 সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
Other Translations King James Version (KJV) And the cares of this world, and the deceitfulness of riches, and the lusts of other things entering in, choke the word, and it becometh unfruitful.
American Standard Version (ASV) and the cares of the world, and the deceitfulness of riches, and the lusts of other things entering in, choke the word, and it becometh unfruitful.
Bible in Basic English (BBE) And the cares of this life, and the deceits of wealth, and the desire for other things coming in, put a stop to the growth of the word, and it gives no fruit.
Darby English Bible (DBY) and the cares of life, and the deceitfulness of riches, and the lusts of other things, entering in, choke the word, and it becomes unfruitful.
World English Bible (WEB) and the cares of this age, and the deceitfulness of riches, and the lusts of other things entering in choke the word, and it becomes unfruitful.
Young's Literal Translation (YLT) and the anxieties of this age, and the deceitfulness of the riches, and the desires concerning the other things, entering in, choke the word, and it becometh unfruitful.
Cross Reference Proverbs 23:5 in Assamese 5 যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।
Ecclesiastes 4:8 in Assamese 8 কোনো এজন মানুহ একেবাৰে অকলশৰীয়াকৈ থাকে, তেওঁৰ দ্বিতীয়জন বুলিবলৈ কোনো নাই; এনেকি তেওঁৰ পুত্রও নাই, ভাই-ককাই কোনো নাই; তথাপিও তেওঁৰ পৰিশ্ৰমৰ শেষ নাই আৰু ধন-সম্পত্তি লাভৰ বিষয়ত তেওঁৰ চকু তৃপ্ত নহয়। তেওঁ সুধে, “তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ? কিয় আমোদ-প্রমোদৰ পৰা নিজক বঞ্চিত কৰিছোঁ?” ইও অসাৰ, অতি দুখজনক অৱস্থা।
Ecclesiastes 5:10 in Assamese 10 যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
Isaiah 5:2 in Assamese 2 তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষা-কুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
Isaiah 5:4 in Assamese 4 মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাৰিলো হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
Matthew 3:10 in Assamese 10 গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হ’ব।
Matthew 19:23 in Assamese 23 তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন।
Luke 10:41 in Assamese 41 কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷
Luke 12:17 in Assamese 17 তেতিয়া তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম’?
Luke 12:29 in Assamese 29 তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা।
Luke 14:18 in Assamese 18 তেতিয়া সকলো লোকে একে ভাবে ক্ষমা প্ৰার্থনা কৰিবলৈ ধৰিলে। প্ৰথম জনে তেওঁক ক’লে, ‘মই এডৰা মাটি কিনিলোঁ; মই তোমাক অনুৰোধ কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে’।
Luke 21:34 in Assamese 34 কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
John 15:2 in Assamese 2 যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰত পুনৰ অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে।
Philippians 4:6 in Assamese 6 আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা, আৰু নিবেদনেৰে সৈতে আপোনালোকৰ অনুৰোধ ঈশ্বৰৰ আগত জনোৱা হওক।
1 Timothy 6:9 in Assamese 9 কিন্তু যি সকলে ধনৱন্ত হ’বলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ মূৰ্খ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
1 Timothy 6:17 in Assamese 17 যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি জনা ঈশ্বৰে ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেইজনা ঈশ্বৰত ভাৰসা কৰক৷
2 Timothy 4:10 in Assamese 10 কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰিল, আৰু মোক ত্যাগ কৰি থিচলনীকীলৈ গ’ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ’ল।
Hebrews 6:7 in Assamese 7 যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰা সকলৰ কাৰণে সেই মাটিয়ে প্রয়োজনীয় শাক-পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়।
1 Peter 4:2 in Assamese 2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
2 Peter 1:8 in Assamese 8 কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ’ব।
1 John 2:15 in Assamese 15 আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই।
Jude 1:12 in Assamese 12 তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিৰ্লজ্জভাবে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে। তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীনগছ, উঘালি পৰা গছ, আৰু দুবাৰ মৰা।