Mark 4 in Assamese
1 তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাৱত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল।
2 তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে আৰু উপদেশ দিওতে তেওঁলোকক ক’লে:
3 “শুনক, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গ’ল।
4 তেওঁ সিচোঁতে সিচোঁতে কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে।
5 কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোনকালে গজিল৷
6 কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে, সেইবোৰ শুকাই গ’ল।
7 কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷
8 আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফল উৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”
9 তেওঁ ক’লে, “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
10 তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে।
11 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
12 ‘যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
13 পাছত তেওঁ ক’লে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?
14 সেই খেতিয়কে বাক্য সিচেঁ।
15 য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে।
16 সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,
17 কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
18 আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,
19 সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
20 আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
21 যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণৰ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷
22 কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷
23 কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
24 যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হ’ব; আৰু তোমালোকক অধিক দিয়া হ’ব।
25 কিয়নো যি জনৰ আছে, তেওঁকেই দিয়া হ’ব; কিন্তু যি জনৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হ’ব।”
26 যীচুৱে ক’লে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠিয়া মাটিত সিচাঁৰ দৰে হয়৷
27 তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠিয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।
28 মাটিয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে।
29 তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হ’ল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”
30 যীচুৱে পুনৰ ক’লে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?
31 সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু;
32 কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”
33 এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক’লে৷
34 কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় বাখ্যা কৰি বুজাই দিলে।
35 সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক ক’লে, “আমি সিপাৰলৈ যাওঁহক৷”
36 তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাৱত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গ’ল; আৰু আন আন নাৱো তেওঁলোকৰ লগত আছিল।
37 পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হ’বলৈ ধৰিলে।
38 সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, “হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে?”
39 তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল।
40 যীচুৱে তেওঁলোকক ক’লে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”
41 তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি ক’লে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”