Mark 14:61 in Assamese 61 কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
Other Translations King James Version (KJV) But he held his peace, and answered nothing. Again the high priest asked him, and said unto him, Art thou the Christ, the Son of the Blessed?
American Standard Version (ASV) But he held his peace, and answered nothing. Again the high priest asked him, and saith unto him, Art thou the Christ, the Son of the Blessed?
Bible in Basic English (BBE) But he kept quiet and said nothing. Again the high priest questioning him said, Are you the Christ, the son of the Holy One?
Darby English Bible (DBY) But he was silent, and answered nothing. Again the high priest asked him, and says to him, *Thou* art the Christ, the Son of the Blessed?
World English Bible (WEB) But he stayed quiet, and answered nothing. Again the high priest asked him, "Are you the Christ, the Son of the Blessed?"
Young's Literal Translation (YLT) and he was keeping silent, and did not answer anything. Again the chief priest was questioning him, and saith to him, `Art thou the Christ -- the Son of the Blessed?'
Cross Reference Psalm 2:7 in Assamese 7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
Psalm 39:1 in Assamese 1 মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মূৰ মুখত সোপা দি ৰাখিম।”
Psalm 39:9 in Assamese 9 মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
Psalm 119:12 in Assamese 12 ধন্য তুমি, হে যিহোৱা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 53:7 in Assamese 7 তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া ভেড়া, আৰু যেনেকৈ নোম কাটোতাৰ আগত ভেড়াই নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।
Matthew 3:17 in Assamese 17 তেতিয়া এই স্বৰ্গীয়-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”
Matthew 8:29 in Assamese 29 সিহঁতে চিঞৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবৰ বাবে ইয়ালৈ আহিছে নেকি?”
Matthew 11:3 in Assamese 3 ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
Matthew 16:16 in Assamese 16 তেতিয়া চিমোন পিতৰে উত্তৰ দি ক’লে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
Matthew 26:63 in Assamese 63 কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
Matthew 27:12 in Assamese 12 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে।
Mark 14:61 in Assamese 61 কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
Mark 15:2 in Assamese 2 তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা হয় নে?” তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
Mark 15:4 in Assamese 4 তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!”
Luke 22:67 in Assamese 67 তেওঁলোকে কলে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক ক’লে, “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা,
John 1:34 in Assamese 34 মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”
John 1:49 in Assamese 49 নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
John 5:18 in Assamese 18 যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়; তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
John 10:24 in Assamese 24 তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
John 10:30 in Assamese 30 মই আৰু পিতৃ এক।”
John 10:36 in Assamese 36 তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কয় নেকি যে ‘তুমি ঈশ্বৰ নিন্দা কৰিছা,’ কাৰণ ময়ো ক’লো যে ‘মই ঈশ্বৰৰ পুত্ৰ’?
John 18:37 in Assamese 37 তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
John 19:7 in Assamese 7 ইহুদী সকলে পীলাতক উত্তৰ দিলে, “আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত; কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে।”
John 19:9 in Assamese 9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
Acts 8:32 in Assamese 32 ধৰ্মশাস্ত্ৰৰ যি বচন তেওঁ পঢ়িছিল, সেয়া এই, “মাৰিবলৈ নিয়া মেষ পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেষ পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।
1 Timothy 1:11 in Assamese 11 পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে সেই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
1 Timothy 6:15 in Assamese 15 সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।
1 Peter 2:23 in Assamese 23 তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷