Mark 13:27 in Assamese 27 তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
Other Translations King James Version (KJV) And then shall he send his angels, and shall gather together his elect from the four winds, from the uttermost part of the earth to the uttermost part of heaven.
American Standard Version (ASV) And then shall he send forth the angels, and shall gather together his elect from the four winds, from the uttermost part of the earth to the uttermost part of heaven.
Bible in Basic English (BBE) And then he will send out the angels, and will get together his saints from the four winds, from the farthest part of the earth to the farthest part of heaven.
Darby English Bible (DBY) and then shall he send his angels and shall gather together his elect from the four winds, from end of earth to end of heaven.
World English Bible (WEB) Then he will send out his angels, and will gather together his chosen ones from the four winds, from the ends of the earth to the ends of the sky.
Young's Literal Translation (YLT) and then he shall send his messengers, and gather together his chosen from the four winds, from the end of the earth unto the end of heaven.
Cross Reference Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Deuteronomy 30:4 in Assamese 4 এনেকি দেশান্তৰিত হোৱা আপোনালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমনাতো যদি থাকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও আপোনালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ আপোনালোকক লৈ আনিব।
Isaiah 65:9 in Assamese 9 মই যাকোবৰ বংশৰ পৰা, আৰু যিহূদাৰ পৰা মোৰ পৰ্ব্বতবোৰৰ এক অধিকাৰী উৎপন্ন কৰিম; আৰু মোৰ মনোনীত লোকসকলে তাত অধিকাৰ কৰিব, আৰু মোৰ দাসসকলে তাত বসতি কৰিব।
Zechariah 2:6 in Assamese 6 যিহোৱাই কৈছে, হে লোকসকল, হে লোকসকল! তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা; কিয়নো যিহোৱাই কৈছে, ‘আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন-ভিন্ন কৰিলোঁ!’
Matthew 12:42 in Assamese 42 বিচাৰৰ দিনা এই কালৰ মানুহৰ সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
Matthew 13:41 in Assamese 41 মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।
Matthew 13:49 in Assamese 49 জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব, আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব;
Matthew 24:22 in Assamese 22 সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো প্ৰাণীৰে ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
Matthew 24:24 in Assamese 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
Matthew 24:31 in Assamese 31 তেতিয়া তুৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
Matthew 25:31 in Assamese 31 “যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷
Mark 13:20 in Assamese 20 যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ল’লে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।
Mark 13:22 in Assamese 22 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হ’ব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
Luke 16:22 in Assamese 22 কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল, তেতিয়া তেওঁক মৈদাম দিয়া হ’ল৷
Luke 18:7 in Assamese 7 তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰিব নে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?
John 10:16 in Assamese 16 মোৰ এনে অনেক মেষ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
John 11:52 in Assamese 52 কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব।
Romans 8:33 in Assamese 33 ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
Colossians 3:12 in Assamese 12 এতেকে ঈশ্বৰৰ মনোনীত জন, প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
1 Thessalonians 4:14 in Assamese 14 কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
2 Thessalonians 2:1 in Assamese 1 হে ভাই সকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণ আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক -
2 Timothy 2:10 in Assamese 10 এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্ৰাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।
1 Peter 1:2 in Assamese 2 এতিয়া পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হ’বলৈ পবিত্ৰ আত্মাৰ দ্ৱাৰাই শুচি কৰা হ’ল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হ’ল৷ আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক৷
Revelation 7:1 in Assamese 1 তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ।
Revelation 7:5 in Assamese 5 ‘যিহুদা ফৈদৰ ছাব মৰা বাৰ হাজাৰ, ৰুবেনৰ ফৈদৰ মৰা বাৰ হাজাৰ, গাদৰ ফৈদৰ বাৰ হাজাৰ,
Revelation 15:6 in Assamese 6 সেই অতি পবিত্ৰ স্থানৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল।