Mark 12:1 in Assamese 1 পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাঁত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙী সাজি খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দি আন দেশলৈ গ’ল।
Other Translations King James Version (KJV) And he began to speak unto them by parables. A certain man planted a vineyard, and set an hedge about it, and digged a place for the winefat, and built a tower, and let it out to husbandmen, and went into a far country.
American Standard Version (ASV) And he began to speak unto them in parables. A man planted a vineyard, and set a hedge about it, and digged a pit for the winepress, and built a tower, and let it out to husbandmen, and went into another country.
Bible in Basic English (BBE) And he gave them teaching in the form of stories. A man had a vine-garden planted, and put a wall about it, and made a place for crushing out the wine, and put up a tower, and let it out to field-workers, and went into another country.
Darby English Bible (DBY) And he began to say to them in parables, A man planted a vineyard, and made a fence round [it] and dug a wine-vat, and built a tower, and let it out to husbandmen, and left the country.
World English Bible (WEB) He began to speak to them in parables. "A man planted a vineyard, put a hedge around it, dug a pit for the winepress, built a tower, rented it out to a farmer, and went into another country.
Young's Literal Translation (YLT) And he began to speak to them in similes: `A man planted a vineyard, and put a hedge around, and digged an under-winevat, and built a tower, and gave it out to husbandmen, and went abroad;
Cross Reference Nehemiah 9:13 in Assamese 13 আপুনি চিনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
Psalm 78:68 in Assamese 68 কিন্তু তেওঁ যিহূদা জনগোষ্ঠীক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
Psalm 80:8 in Assamese 8 তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
Psalm 147:19 in Assamese 19 তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।
Song of Solomon 8:11 in Assamese 11 বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
Isaiah 5:1 in Assamese 1 মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
Isaiah 7:23 in Assamese 23 সেই সময়ত, যি ঠাইত হাজাৰ ৰূপৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই।
Jeremiah 2:21 in Assamese 21 তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰোইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?
Ezekiel 20:11 in Assamese 11 তেতিয়া যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁলোকক মই দেখুৱালোঁ।
Ezekiel 20:18 in Assamese 18 আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক কলোঁ, ‘তোমালোকে তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা।
Ezekiel 20:49 in Assamese 49 তেতিয়া মই ক’লোঁ, “হায় হায়! প্ৰভু যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে’?”
Matthew 13:10 in Assamese 10 যীচুৰ শিষ্য সকলে আহি তেওঁক সুধিলে, “আপুনি কিয় দৃষ্টান্তৰ মাধ্যমেৰে লোক সকলৰ আগত কথা কয়?”
Matthew 13:34 in Assamese 34 যীচুৱে দৃষ্টান্তৰ দ্বাৰাই লোক সকলৰ আগত এইবোৰ কথা ক’লে। তেওঁ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকক একো কথা নক’লে।
Matthew 21:28 in Assamese 28 “কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
Matthew 25:14 in Assamese 14 কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়।
Mark 4:2 in Assamese 2 তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে আৰু উপদেশ দিওতে তেওঁলোকক ক’লে:
Mark 4:11 in Assamese 11 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
Mark 4:33 in Assamese 33 এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক’লে৷
Mark 12:1 in Assamese 1 পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাঁত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙী সাজি খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দি আন দেশলৈ গ’ল।
Mark 13:34 in Assamese 34 সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷
Luke 8:10 in Assamese 10 তেতিয়া তেওঁ ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হ’ব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷
Luke 13:6 in Assamese 6 তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি ক’লে, “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।
Luke 15:13 in Assamese 13 অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।
Luke 19:12 in Assamese 12 “এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে।
Luke 20:9 in Assamese 9 পাছত তেওঁ লোক সকলৰ আগত এই দৃষ্টান্ত দি ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাক খেতিয়ক সকলৰ হাতত গতাই দি বহু দিনৰ কাৰণে আন দেশলৈ গ’ল।
Luke 22:9 in Assamese 9 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি ক’ত যুগুত কৰাতো আপুনি ইচ্ছা কৰে?”
John 15:1 in Assamese 1 “ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক।
Acts 7:38 in Assamese 38 তেৱেঁই মৰুভুমিত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সৈতে এক সহভাগীতাত আছিল৷ চীনয় পর্বতত স্বৰ্গৰ দূতে তেওঁৰ সৈতেই কথা কৈছিল আৰু তেৱেঁই আমাক জনাবলৈ জীৱনময় বাক্য পাইছিল।
Acts 7:46 in Assamese 46 দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।
Romans 3:1 in Assamese 1 তেনেহ’লে ইহুদী সকলৰ এনে কি সুবিধা আছে, যি অন্য লোকৰ নাই? চুন্নতৰেই বা মূল্য কি?
Romans 9:4 in Assamese 4 তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, ঐশ্বৰ্য, নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷
Romans 11:17 in Assamese 17 কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,