Mark 10:21 in Assamese 21 তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি ক’লে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোক অনুসৰণ কৰা।”
Other Translations King James Version (KJV) Then Jesus beholding him loved him, and said unto him, One thing thou lackest: go thy way, sell whatsoever thou hast, and give to the poor, and thou shalt have treasure in heaven: and come, take up the cross, and follow me.
American Standard Version (ASV) And Jesus looking upon him loved him, and said unto him, One thing thou lackest: go, sell whatsoever thou hast, and give to the poor, and thou shalt have treasure in heaven: and come, follow me.
Bible in Basic English (BBE) And Jesus, looking on him and loving him, said, There is one thing needed: go, get money for your goods, and give it to the poor, and you will have wealth in heaven: and come with me.
Darby English Bible (DBY) And Jesus looking upon him loved him, and said to him, One thing lackest thou: go, sell whatever thou hast and give to the poor, and thou shalt have treasure in heaven; and come, follow me, [taking up the cross].
World English Bible (WEB) Jesus looking at him loved him, and said to him, "One thing you lack. Go, sell whatever you have, and give to the poor, and you will have treasure in heaven; and come, follow me, taking up the cross."
Young's Literal Translation (YLT) And Jesus having looked upon him, did love him, and said to him, `One thing thou dost lack; go away, whatever thou hast -- sell, and give to the poor, and thou shalt have treasure in heaven, and come, be following me, having taken up the cross.'
Cross Reference Genesis 34:19 in Assamese 19 পৰিয়ালৰ সকলোতকৈ সন্মানীত ব্যক্তি যুবক চিখিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে; কাৰণ তেওঁ যাকোবৰ জীয়েকক বৰ ভাল পাইছিল।
Proverbs 23:23 in Assamese 23 সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্ৰজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
Isaiah 63:8 in Assamese 8 কাৰণ তেওঁ কৈছিল, “অৱশ্যে তেওঁলোক মোৰ লোক, এওঁলোক বিশ্বাসঘাত নকৰা সন্তান।” তেওঁ তেওঁলোকৰ ত্ৰাণকৰ্ত্তা হৈছিল।
Matthew 6:19 in Assamese 19 যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে জগতত নিজলৈ ধন নাসাঁচিবা;
Matthew 13:44 in Assamese 44 “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
Matthew 16:24 in Assamese 24 তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
Matthew 19:21 in Assamese 21 যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হ’বলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তেতিয়া স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা।”
Mark 8:34 in Assamese 34 পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনিলে, আৰু তেওঁ ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক।
Luke 9:23 in Assamese 23 যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।
Luke 10:42 in Assamese 42 মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”
Luke 12:33 in Assamese 33 তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্ৱর্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷
Luke 16:9 in Assamese 9 মই তোমালোকক কওঁ, অযথার্থ ধনেৰে অাপোনালোকে নিজলৈ বন্ধু লাভ কৰে, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে অাপোনালোকক অনন্ত নিবাসত গ্ৰহণ কৰিব৷
Luke 18:22 in Assamese 22 যীচুৱে এই কথা শুনি, তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ’ব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”
Luke 19:41 in Assamese 41 পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি কান্দিলে
John 12:26 in Assamese 26 কোনোৱে যদি মোৰ পৰিচাৰক হ’ব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তেতিয়া মই যি ঠাইত থাকোঁ, মোৰ পৰিচাৰক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
John 16:33 in Assamese 33 এই কাৰণে মই তোমালোকক এইবোৰ কথা কলোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Acts 2:45 in Assamese 45 আৰু তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
Acts 4:34 in Assamese 34 তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল।
Romans 8:17 in Assamese 17 আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও সঁচা উত্তৰাধিকাৰী হওঁ।
2 Corinthians 12:15 in Assamese 15 সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ’ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহলে মোক আপোনালোকে কমকৈ প্ৰেম কৰিব নে?
1 Timothy 6:17 in Assamese 17 যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি জনা ঈশ্বৰে ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেইজনা ঈশ্বৰত ভাৰসা কৰক৷
2 Timothy 3:12 in Assamese 12 আৰু বাস্তবিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।
Hebrews 10:34 in Assamese 34 যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোক তেওঁলোকৰ সহানুভুতিশীল কৰিছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে; কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷
James 2:10 in Assamese 10 কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে, এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো আইন ভংগ কৰিলে আৰু দোষী হ’ল৷
1 Peter 1:4 in Assamese 4 সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; ই অম্লান৷
Revelation 2:4 in Assamese 4 কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কথা আছে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা।
Revelation 2:14 in Assamese 14 কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে, তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্রায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।
Revelation 2:20 in Assamese 20 তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাৱবাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।