Mark 10:14 in Assamese 14 যেতিয়া যীচুৱে দেখা পালে, তেতিয়া তেওঁলোকৰ ওপৰত তেওঁ খং কৰিলে, আৰু তেওঁলোকক ক’লে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।
Other Translations King James Version (KJV) But when Jesus saw it, he was much displeased, and said unto them, Suffer the little children to come unto me, and forbid them not: for of such is the kingdom of God.
American Standard Version (ASV) But when Jesus saw it, he was moved with indignation, and said unto them, Suffer the little children to come unto me; forbid them not: for to such belongeth the kingdom of God.
Bible in Basic English (BBE) And when Jesus saw it, he was angry, and said to them, Let the little children come to me, and do not keep them away; for of such is the kingdom of God.
Darby English Bible (DBY) But Jesus seeing [it], was indignant, and said to them, Suffer the little children to come to me; forbid them not; for of such is the kingdom of God.
World English Bible (WEB) But when Jesus saw it, he was moved with indignation, and said to them, "Allow the little children to come to me! Don't forbid them, for the Kingdom of God belongs to such as these.
Young's Literal Translation (YLT) and Jesus having seen, was much displeased, and he said to them, `Suffer the children to come unto me, and forbid them not, for of such is the reign of God;
Cross Reference Genesis 17:7 in Assamese 7 এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
Genesis 17:10 in Assamese 10 তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
Numbers 14:31 in Assamese 31 কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
Deuteronomy 4:37 in Assamese 37 কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্রেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
Deuteronomy 29:11 in Assamese 11 আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনীত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।
1 Samuel 1:11 in Assamese 11 আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খূৰ লগোৱা নহ’ব।”
1 Samuel 1:22 in Assamese 22 কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”
1 Samuel 1:27 in Assamese 27 এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।
Psalm 78:4 in Assamese 4 তেওঁলোকৰ বংশৰ সন্তানসকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
Psalm 115:14 in Assamese 14 যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তানসকলক বৃদ্ধি কৰক।
Psalm 131:1 in Assamese 1 হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহয়।
Isaiah 65:23 in Assamese 23 তেওঁলোকে বৃথা পৰিশ্ৰম নকৰিব, আৰু আপদৰ বাবে সন্তান প্ৰসৱ নকৰিব; কিয়নো তেওঁলোক আৰু তেওঁলোকৰ সন্তান যিহোৱাৰ পৰা আশীৰ্ব্বাদ পোৱাসকলৰ বংশ।
Jeremiah 32:39 in Assamese 39 মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তানসকলৰ মঙ্গল হয়।
Matthew 18:4 in Assamese 4 এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
Matthew 18:10 in Assamese 10 সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
Matthew 19:14 in Assamese 14 তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”
Mark 3:5 in Assamese 5 তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি, তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।
Mark 8:33 in Assamese 33 কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই ক’লে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
Luke 9:54 in Assamese 54 ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই ক’লে, “হে প্ৰভু, আকাশৰ পৰা জুই ওলাই সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?”
Luke 18:15 in Assamese 15 এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে, তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে।
Acts 2:39 in Assamese 39 কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।”
Acts 3:25 in Assamese 25 আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল ‘তোমাৰ বংশত জগতৰ সকলো জাতিয়ে আশীৰ্বাদ পাব’।
Romans 11:16 in Assamese 16 যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
Romans 11:28 in Assamese 28 এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয় পাত্ৰ।
1 Corinthians 7:14 in Assamese 14 কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান।
1 Corinthians 14:20 in Assamese 20 হে প্ৰিয় ভাইসকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।
Ephesians 4:26 in Assamese 26 ক্ৰুদ্ধ হৈ, ক্রোধৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;
2 Timothy 1:5 in Assamese 5 যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
2 Timothy 3:15 in Assamese 15 আৰু যি পবিত্ৰ ধৰ্মশাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্ৰাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা।
1 Peter 2:2 in Assamese 2 নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক,
Revelation 14:5 in Assamese 5 তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ’ল; তেওঁলোক নিৰ্দোষী।