Malachi 3:3 in Assamese 3 তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তানসকলক শুচি কৰিব; সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্ম্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব।
Other Translations King James Version (KJV) And he shall sit as a refiner and purifier of silver: and he shall purify the sons of Levi, and purge them as gold and silver, that they may offer unto the LORD an offering in righteousness.
American Standard Version (ASV) and he will sit as a refiner and purifier of silver, and he will purify the sons of Levi, and refine them as gold and silver; and they shall offer unto Jehovah offerings in righteousness.
Bible in Basic English (BBE) He will take his seat, testing and cleaning the sons of Levi, burning away the evil from them as from gold and silver; so that they may make offerings to the Lord in righteousness.
Darby English Bible (DBY) And he shall sit [as] a refiner and purifier of silver; and he will purify the children of Levi, and purge them as gold and silver; and they shall offer unto Jehovah an oblation in righteousness.
World English Bible (WEB) and he will sit as a refiner and purifier of silver, and he will purify the sons of Levi, and refine them as gold and silver; and they shall offer to Yahweh offerings in righteousness.
Young's Literal Translation (YLT) And he hath sat, a refiner and purifier of silver, And he hath purified the sons of Levi, And hath refined them as gold and as silver, And they have been to Jehovah bringing nigh a present in righteousness.
Cross Reference Psalm 4:5 in Assamese 5 তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
Psalm 50:14 in Assamese 14 ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
Psalm 50:23 in Assamese 23 যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
Psalm 66:10 in Assamese 10 কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰিক্ষা কৰিলা ।
Psalm 69:30 in Assamese 30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
Psalm 107:21 in Assamese 21 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক।
Psalm 116:17 in Assamese 17 মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
Psalm 141:1 in Assamese 1 হে যিহোৱা, মই তোমাক মাতিছো; তুমি শীঘ্রেই মোৰ ওচৰলৈ আঁহা। মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।
Proverbs 17:3 in Assamese 3 ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।
Proverbs 25:4 in Assamese 4 ৰূপৰ পৰা ধাতুমল দূৰ কৰা; ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে;
Isaiah 1:25 in Assamese 25 মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম, তোমালোকৰ আবৰ্জনা আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম।
Isaiah 48:10 in Assamese 10 চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয় ; অত্যন্ত যন্ত্রনাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।
Isaiah 61:6 in Assamese 6 তোমালোকক যিহোৱাৰ পুৰোহিত বুলি মতা হ’ব; তেওঁলোকে তোমালোকক ঈশ্বৰৰ দাস বুলি ক’ব; তোমালোকে দেশৰ ধন-সম্পত্তি ভোগ কৰিবা, আৰু তেওঁলোকৰ ঐশ্বৰ্যত তোমালোকে গৌৰৱ কৰিবা।
Isaiah 66:19 in Assamese 19 মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
Jeremiah 6:28 in Assamese 28 তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী। তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।
Jeremiah 33:18 in Assamese 18 আৰু মোৰ আগত হোম-বলি উৎসৰ্গ কৰিবলৈ, নৈবেদ্য দগ্ধ কৰিবলৈ, আৰু নিত্যে নিত্যে মঙ্গলাৰ্থক বলিদান কৰিবলৈ লেবীয়া পুৰোহিতসকলর মাজৰ কোনো পুৰুষৰ অভাৱ নহ’ব।
Ezekiel 22:18 in Assamese 18 “হে মনুষ্য সন্তান, ইস্ৰায়ল বংশ মোৰ দৃষ্টিত আৱৰ্জনাস্বৰূপ হ’ল। তেওঁলোক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ।
Ezekiel 44:15 in Assamese 15 কিন্তু ইস্ৰায়েলৰ সন্তানসকল মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্ম্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতসকলে হ’লে, মোৰ পৰিচৰ্য্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব।
Daniel 12:10 in Assamese 10 অনেক লোকে নিজকে শুদ্ধ, পবিত্ৰ, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টসকলে দুষ্কৰ্মই কৰি থাকিব। দুষ্টসকলৰ মাজৰ কোনেও বুজি নাপাব, কিন্তু জ্ঞানীলোক সকলেহে বুজি পাব।
Hosea 14:2 in Assamese 2 মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰো।
Zechariah 13:9 in Assamese 9 আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
Malachi 1:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’
Malachi 2:1 in Assamese 1 এতিয়া হে পুৰোহিতসকল, তোমালোকৰ প্রতি এই আজ্ঞা।
Luke 3:16 in Assamese 16 যোহনে উত্তৰ দি সকলোকে ক’লে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।
John 4:23 in Assamese 23 কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ আৰাধনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
Romans 12:1 in Assamese 1 এতেকে, হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ আত্মিক আৰাধনা।
Romans 15:16 in Assamese 16 অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হ’বলৈ মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ পুৰোহিতৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
Ephesians 5:26 in Assamese 26 মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
Philippians 2:17 in Assamese 17 কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।
Philippians 4:18 in Assamese 18 সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হলোঁ৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷
2 Timothy 4:6 in Assamese 6 কিয়নো সম্প্ৰতি মই যজ্ঞৰ নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।
Titus 2:14 in Assamese 14 আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উৎসাহী হওঁ।
Hebrews 12:10 in Assamese 10 তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাসন কৰিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, আমাক তেওঁৰ পবিত্ৰতাৰ ভাগী কৰিবৰ কাৰণে শাসন কৰে।
Hebrews 13:15 in Assamese 15 এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।
1 Peter 1:7 in Assamese 7 অাপোনালোকৰ এই বিশ্বাস সঁচাকৈ পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্ৱাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
1 Peter 2:5 in Assamese 5 আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,
1 Peter 4:12 in Assamese 12 হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, আৰু ইয়াক কোনো অদ্ভুত বিষয় বুলিয়ো মনত নাভাবিব৷
Revelation 1:6 in Assamese 6 আৰু তেওঁ আমাক ৰাজ্য স্বৰূপ কৰিলে, ঈশ্বৰৰ আৰু তেওঁৰ পিতৃৰ উদ্দেশ্যে পুৰোহিত কৰিলে, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। আমেন।
Revelation 3:18 in Assamese 18 এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷
Revelation 5:10 in Assamese 10 আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব’।