Cross Reference Genesis 22:12 in Assamese 12 দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহ’লা।”
Deuteronomy 6:6 in Assamese 6 আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
1 Samuel 23:16 in Assamese 16 চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।
2 Samuel 7:1 in Assamese 1 পাছত ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু যিহোৱাই চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে,
1 Kings 18:3 in Assamese 3 পাছত আহাবে ৰাজ-গৃহৰ ঘৰগিৰী ওবদিয়াক মাতি আনিলে; সেই ওবদিয়া যিহোৱাৰ প্ৰতি অতিশয় ভয়কাৰী লোক আছিল৷
1 Kings 18:12 in Assamese 12 কিয়নো মই আপোনাৰ ওচৰৰ পৰা যোৱা মাত্ৰকে মই নজনা কোনো এক ঠাইলৈ যিহোৱাৰ আত্মাই আপোনাক লৈ যাব; তাতে মই গৈ আহাবক সংবাদ দিলে, যদি তেওঁ আপোনাক বিচৰি নাপায়, তেতিয়া তেওঁ মোক বধ কৰিব; কিন্তু আপোনাৰ দাস মই হ’লে, ল’ৰাকালৰে পৰা যিহোৱাৰ ভয়কাৰী লোক হৈ আছোঁ।
2 Chronicles 6:7 in Assamese 7 আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মান কৰিবলৈ মোৰ পিতৃ দায়ূদৰ মন আছিল।
Esther 2:23 in Assamese 23 সেই কথা বিচাৰ কৰি সত্য বুলি প্ৰমাণিত হোৱাৰ পাছত, তেওঁলোক দুয়োকো ফাঁসিকাঠত ফাঁসি দিয়া হ’ল। সেই কথা ৰজাৰ সাক্ষাতে বংশাৱলীত লিপিৱদ্ধ কৰা হ’ল।
Esther 4:5 in Assamese 5 তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হথাক নামৰ এজন ৰাজ নপুংসকক মাতি পঠিয়ালে। তেওঁক মৰ্দখয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে।
Esther 6:1 in Assamese 1 সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য-বিৱৰণী আনিবলৈ আজ্ঞা দিলে; আৰু তেওঁলোকে উচ্চ-স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে।
Job 19:23 in Assamese 23 অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে, অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,
Job 28:28 in Assamese 28 আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম্ম ত্যাগ কৰাই সুবিবেচনা।
Psalm 10:4 in Assamese 4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে “ঈশ্বৰ বুলি কোনো নাই।”
Psalm 16:3 in Assamese 3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
Psalm 20:7 in Assamese 7 অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰো আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
Psalm 33:18 in Assamese 18 যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
Psalm 34:15 in Assamese 15 যিহোৱাৰ দৃষ্টি ধার্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
Psalm 56:8 in Assamese 8 তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে ?
Psalm 66:16 in Assamese 16 হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আঁহা, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
Psalm 73:15 in Assamese 15 যদি মই কলোহেতেন, “সেইদৰে কম বুলি ভাবিলোহেঁতেন; তেন্তে চোৱা, তোমাৰ সন্তানসকলৰ বংশলৈ বিশ্বাসঘাতক হলোহেঁতেন।
Psalm 94:19 in Assamese 19 মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাবোৰে মোৰ প্রাণত আনন্দ দান কৰে।
Psalm 104:33 in Assamese 33 মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
Psalm 111:10 in Assamese 10 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।
Psalm 119:63 in Assamese 63 যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
Psalm 139:4 in Assamese 4 কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।
Psalm 147:11 in Assamese 11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
Proverbs 13:20 in Assamese 20 জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।
Isaiah 26:3 in Assamese 3 যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পুৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
Isaiah 26:8 in Assamese 8 হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ; আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে।
Isaiah 50:10 in Assamese 10 তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
Isaiah 65:6 in Assamese 6 চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কাৰণ মই প্ৰতিফল দিম; মই তেওঁলোকৰ কাৰ্য অনুসাৰে তেওঁলোকক প্রতিফল দিম।
Ezekiel 9:4 in Assamese 4 যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা - যিৰূচলেমৰ মাজেৰে - আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্য্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
Daniel 2:17 in Assamese 17 তাৰ পাছত দানিয়েল তেওঁৰ ঘৰলৈ গ’ল, আৰু হননীয়া, মিচায়েল, আৰু অজৰীয়াক যি ঘটিছিল সেই সকলো ব্যাখ্যা কৰিলে।
Daniel 7:10 in Assamese 10 তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Malachi 4:2 in Assamese 2 কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্ম্মিকতাৰূপ সূৰ্য্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালীৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
Matthew 12:35 in Assamese 35 ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
Matthew 18:19 in Assamese 19 পুনৰায় মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেনেহলে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ সেই বিষয় সিদ্ধ কৰা হ’ব
Luke 2:38 in Assamese 38 ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে ক’বলৈ ধৰিলে।
Luke 24:14 in Assamese 14 তেওঁলোক দুয়ো জনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল।
John 1:40 in Assamese 40 যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
John 12:20 in Assamese 20 সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
Acts 1:13 in Assamese 13 পাছত তেওঁলোকে যেতিয়া যিৰূচালেম নগৰ গৈ পালে, তেতিয়া তেওঁলোকে তাতে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহূদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।
Acts 2:1 in Assamese 1 পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।
Acts 4:23 in Assamese 23 পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
Acts 9:31 in Assamese 31 সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া প্ৰদেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত থাকি, প্ৰভুৰ ভয়ত জীৱন-যাপন কৰিছিল ৷
Acts 10:2 in Assamese 2 তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
Ephesians 5:19 in Assamese 19 ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।
1 Thessalonians 5:11 in Assamese 11 এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
1 Thessalonians 5:14 in Assamese 14 ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
Hebrews 3:13 in Assamese 13 যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।
Hebrews 4:12 in Assamese 12 কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
Hebrews 10:24 in Assamese 24 সেয়েহে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক;
Hebrews 12:15 in Assamese 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
Revelation 15:4 in Assamese 4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷”
Revelation 20:12 in Assamese 12 সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত পুনৰ এখন পুস্তক মেলা হ’ল, এয়া জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।