Malachi 2:9 in Assamese 9 “সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলো; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।”
Other Translations King James Version (KJV) Therefore have I also made you contemptible and base before all the people, according as ye have not kept my ways, but have been partial in the law.
American Standard Version (ASV) Therefore have I also made you contemptible and base before all the people, according as ye have not kept my ways, but have had respect of persons in the law.
Bible in Basic English (BBE) And so I have taken away your honour and made you low before all the people, even as you have not kept my ways, and have given no thought to me in using the law.
Darby English Bible (DBY) And I also have made you contemptible and base before all the people, because ye have not kept my ways, but have respect of persons in [administering] the law.
World English Bible (WEB) "Therefore I have also made you contemptible and base before all the people, according to the way you have not kept my ways, but have had respect for persons in the law.
Young's Literal Translation (YLT) And I also, I have made you despised and low before all the people, Because ye are not keeping My ways, And are accepting persons in the law.
Cross Reference Deuteronomy 1:17 in Assamese 17 বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
1 Samuel 2:30 in Assamese 30 সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতাসকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতাসকলক হেয়জ্ঞান কৰা হ’ব।
1 Kings 22:28 in Assamese 28 তেতিয়া মীখায়াই ক’লে, “তুমি যদি কোনো ৰূপে শান্তিৰে উভটি আহাঁ, তেন্তে যিহোৱাই মোৰ মুখে এই বাক্য কোৱা নাই।” তেওঁ পুনৰায় ক’লে, “হে জাতিসকল, এই বিষয়ে সকলোৱে শুনক।”
Proverbs 10:7 in Assamese 7 সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
Jeremiah 28:15 in Assamese 15 পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
Jeremiah 29:20 in Assamese 20 এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা:
Jeremiah 29:31 in Assamese 31 তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
Ezekiel 13:12 in Assamese 12 চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?”
Ezekiel 13:21 in Assamese 21 মই তোমালোকৰ ওৰণিও ফালিম আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁলোক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
Daniel 12:2 in Assamese 2 পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।
Micah 3:6 in Assamese 6 সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব।
Malachi 2:3 in Assamese 3 চোৱা, মই তোমালোকৰ কাৰণেই তোমালোকৰ বংশধৰসকলক শাস্তি দিম। তোমালোকৰ মুখত মই উৎসৱৰ উৎসর্গিত পশুৰ বিষ্ঠা লিপি দিম আৰু তাৰেই সৈতে তোমালোকক লৈ যোৱা হ’ব।”
Malachi 2:8 in Assamese 8 কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Matthew 5:21 in Assamese 21 তোমালোকে শুনিছা, পূর্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে ‘তুমি নৰ-বধ নকৰিবা আৰু যি কোনোৱে নৰ-বধ কৰে, সি সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব’।
Matthew 5:27 in Assamese 27 “তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
Matthew 5:33 in Assamese 33 পুনৰায় তোমালোকে শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।
Matthew 5:43 in Assamese 43 তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
Matthew 19:17 in Assamese 17 যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”
Matthew 23:16 in Assamese 16 হায় হায় অন্ধ পথ প্ৰদৰ্শক! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে কয় যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
Mark 7:8 in Assamese 8 আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে।”
Luke 10:29 in Assamese 29 কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”
Luke 11:42 in Assamese 42 কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে, কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম আপোনালোকে ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷
Luke 20:45 in Assamese 45 পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক ক’লে,
Romans 7:7 in Assamese 7 তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ ‘কিয়নো তুমি লোভ নকৰিবা’, বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে সঁচাকৈ নাজানিলোহেঁতেন৷
Galatians 2:6 in Assamese 6 মণ্ডলীত যি সকল মান্যৱন্ত বুলি খ্যাত, তেওঁলোকে হ’লে মোক একোকে নজনালে। তেওঁলোক কি প্রকাৰৰ লোক আছিল, তাতে মোৰ একো প্রয়োজন নাই। ঈশ্বৰে মানুহৰ সমাদৃত বিষয়বোৰ গ্ৰহন নকৰে।