Malachi 2:7 in Assamese 7 এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।
Other Translations King James Version (KJV) For the priest's lips should keep knowledge, and they should seek the law at his mouth: for he is the messenger of the LORD of hosts.
American Standard Version (ASV) For the priest's lips should keep knowledge, and they should seek the law at his mouth; for he is the messenger of Jehovah of hosts.
Bible in Basic English (BBE) For it is right for the priest's lips to keep knowledge, and for men to be waiting for the law from his mouth: for he is the servant sent from the Lord of armies.
Darby English Bible (DBY) For the priest's lips should keep knowledge, and at his mouth they seek the law; for he is the messenger of Jehovah of hosts.
World English Bible (WEB) For the priest's lips should keep knowledge, and they should seek the law at his mouth; for he is the messenger of Yahweh of Hosts.
Young's Literal Translation (YLT) For the lips of a priest preserve knowledge, And law they do seek from his mouth, For a messenger of Jehovah of Hosts he `is'.
Cross Reference Leviticus 10:11 in Assamese 11 আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।”
Numbers 27:21 in Assamese 21 তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তানসকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”
Deuteronomy 17:8 in Assamese 8 যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ কঠিন হ’য়, সেয়া হত্যায়েই হওঁক নাইবা দুর্ঘটনাৰ কাৰণেই হওঁক, যদি দুজন লোকৰ বিবাদ আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত হ’য়; যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ অতি কঠিন হয়, তেন্তে আপোনালোকে উঠি, ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইলৈ যাব,
Deuteronomy 21:5 in Assamese 5 আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্য্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।
Deuteronomy 24:8 in Assamese 8 চর্মৰোগে দেখা দিলে আপোনালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিতসকলে যি নির্দশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলো, তাক পালন কৰি আপোনালোকে সেই মতে কাৰ্য্য কৰিব।
2 Chronicles 17:8 in Assamese 8 আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে।
2 Chronicles 30:22 in Assamese 22 আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্য্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।
Ezra 7:10 in Assamese 10 ইজ্রা যিহোৱাৰ বিধান-পুস্তকৰ আজ্ঞাবোৰ অধ্যয়ন আৰু পালন কৰিবলৈ, বিধান-প্রণালী আৰু আজ্ঞাবোৰ শিকাবলৈ নিজৰ মন স্থিৰ কৰিলে।
Nehemiah 8:2 in Assamese 2 সপ্তম মাহৰ প্ৰথম দিনা ইজ্ৰা পুৰোহিতে সমাজৰ আগলৈ, স্ত্ৰী-পুৰুষ আদি যিমান লোকে শুনিব আৰু বুজিব পাৰে, তেওঁলোকৰ ওচৰলৈ সেই পুস্তক আনিলে।
Isaiah 42:19 in Assamese 19 কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন? আৰু মই পঠোৱা দূতৰ দৰে কলা কোন? মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? যিহোৱাৰ দাসৰ দৰে অন্ধ কোন?
Isaiah 44:26 in Assamese 26 ময়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,
Jeremiah 15:19 in Assamese 19 এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্বৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
Jeremiah 18:18 in Assamese 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Haggai 1:13 in Assamese 13 তেতিয়া যিহোৱাৰ বাৰ্ত্তাবাহক হগ্গয়ে যিহোৱাৰ বাৰ্ত্তা লোকসকলক ক’লে, “‘মই তোমালোকৰ লগত আছো!’ এয়ে যিহোৱাৰ ঘোষণা!”
Haggai 2:11 in Assamese 11 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘তুমি পুৰোহিতসকলক বিধানৰ বিষয়ে সুধা আৰু কোৱা:
Malachi 3:1 in Assamese 1 বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
John 13:20 in Assamese 20 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”
John 20:21 in Assamese 21 এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম।”
Acts 16:17 in Assamese 17 এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
2 Corinthians 5:20 in Assamese 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতিলে, আৰু আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
Galatians 4:14 in Assamese 14 মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।
1 Thessalonians 4:8 in Assamese 8 এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যি জনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
2 Timothy 2:24 in Assamese 24 প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,