Malachi 2:17 in Assamese 17 তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছো?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায়-বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”
Other Translations King James Version (KJV) Ye have wearied the LORD with your words. Yet ye say, Wherein have we wearied him? When ye say, Every one that doeth evil is good in the sight of the LORD, and he delighteth in them; or, Where is the God of judgment?
American Standard Version (ASV) Ye have wearied Jehovah with your words. Yet ye say, Wherein have we wearied him? In that ye say, Every one that doeth evil is good in the sight of Jehovah, and he delighteth in them; or where is the God of justice?
Bible in Basic English (BBE) You have made the Lord tired with your words. And still you say, How have we made him tired? By your saying, Everyone who does evil is good in the eyes of the Lord, and he has delight in them; or, Where is God the judge?
Darby English Bible (DBY) Ye have wearied Jehovah with your words, and ye say, Wherein have we wearied [him]? In that ye say, Every one that doeth evil is good in the sight of Jehovah, and he delighteth in them; or, Where is the God of judgment?
World English Bible (WEB) You have wearied Yahweh with your words. Yet you say, 'How have we wearied him?' In that you say, 'Everyone who does evil is good in the sight of Yahweh, and he delights in them;' or 'Where is the God of justice?'
Young's Literal Translation (YLT) Ye have wearied Jehovah with your words, And ye have said: `In what have we wearied Him?' In your saying: `Every evil-doer `is' good in the eyes of Jehovah, And in them He is delighting,' Or, `Where `is' the God of judgment?'
Cross Reference Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
1 Samuel 2:3 in Assamese 3 তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।
Job 34:5 in Assamese 5 কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্ম্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;
Job 34:17 in Assamese 17 ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? তুমি ধাৰ্ম্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা?
Job 34:36 in Assamese 36 ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল।
Job 36:17 in Assamese 17 কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপুৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।
Psalm 10:11 in Assamese 11 তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
Psalm 73:3 in Assamese 3 তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
Psalm 95:9 in Assamese 9 যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।
Ecclesiastes 8:11 in Assamese 11 অন্যায় কার্যৰ শাস্তি যদি বেগাই কার্যকৰী নহয়, তেন্তে মানুহৰ মনলৈ অন্যায় কার্য কৰাৰ প্রৱণতা আহে।
Isaiah 1:14 in Assamese 14 তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।
Isaiah 5:18 in Assamese 18 যিসকলে অসাৰতাৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰী সৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ’ব;
Isaiah 7:13 in Assamese 13 সেয়ে যিচয়াই উওৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?
Isaiah 30:18 in Assamese 18 তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।
Isaiah 43:24 in Assamese 24 তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।
Jeremiah 15:6 in Assamese 6 যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
Ezekiel 8:12 in Assamese 12 তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!”
Ezekiel 9:9 in Assamese 9 তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
Ezekiel 16:43 in Assamese 43 তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্য্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা! প্ৰভু যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম” - আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।
Amos 2:13 in Assamese 13 চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম।
Zephaniah 1:12 in Assamese 12 সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।
Malachi 1:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’
Malachi 2:14 in Assamese 14 তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা।
Malachi 3:8 in Assamese 8 মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছো?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা।
Malachi 3:13 in Assamese 13 যিহোৱাই পুনৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি তোমাৰ অহিতে কি কলোঁ?’
Matthew 11:18 in Assamese 18 যোহনে আহি ভোজন গ্রহণ নকৰাৰ বাবে বা দ্রাক্ষাৰস পান নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
2 Peter 3:3 in Assamese 3 প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷