Malachi 2:12 in Assamese 12 যি ব্যক্তিয়ে এনেৰূপ কাৰ্য্য কৰে, তেওঁ যদিও বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰে, তথাপিও যিহোৱাই যাকোবৰ বংশৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিব।
Other Translations King James Version (KJV) The LORD will cut off the man that doeth this, the master and the scholar, out of the tabernacles of Jacob, and him that offereth an offering unto the LORD of hosts.
American Standard Version (ASV) Jehovah will cut off, to the man that doeth this, him that waketh and him that answereth, out of the tents of Jacob, and him that offereth an offering unto Jehovah of hosts.
Bible in Basic English (BBE) The Lord will have the man who does this cut off root and branch out of the tents of Jacob, and him who makes an offering to the Lord of armies.
Darby English Bible (DBY) Jehovah will cut off from the tents of Jacob the man that doeth this, him that calleth and him that answereth; and him that offereth an oblation unto Jehovah of hosts.
World English Bible (WEB) Yahweh will cut off, to the man who does this, him who wakes and him who answers, out of the tents of Jacob, and him who offers an offering to Yahweh of Hosts.
Young's Literal Translation (YLT) Cut off doth Jehovah the man who doth it, Tempter and tempted -- from the tents of Jacob, Even he who is bringing nigh a present to Jehovah of Hosts.
Cross Reference Genesis 4:3 in Assamese 3 পাছত এটা সময়ত কয়িনে যিহোৱাৰ উদ্দেশ্যে তেওঁৰ ভূমিত উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে;
Leviticus 18:29 in Assamese 29 কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Leviticus 20:3 in Assamese 3 ময়ো সেই লোকলৈ কন্দুৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্ম্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
Numbers 15:30 in Assamese 30 কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Numbers 24:5 in Assamese 5 হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ! হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!
Joshua 23:12 in Assamese 12 নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,
1 Samuel 2:31 in Assamese 31 চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃৰ বংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধলোক নাথাকিব, এনে সময় আহিছে।
1 Samuel 3:14 in Assamese 14 সেই কাৰণে, এলীৰ বংশলৈ মই শপত খালোঁ যে, এলীৰ বংশই যি অপৰাধ কৰিলে, তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ’ব।”
1 Samuel 15:22 in Assamese 22 চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
1 Chronicles 25:8 in Assamese 8 তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য্য কৰিবলৈ থিৰ কৰিছিল।
Ezra 10:18 in Assamese 18 পুৰোহিতসকলৰ বংশৰ মাজত যি সকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ’ল: যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ ভায়েকসকলৰ মাজত মাচেয়া, ইলীয়েজৰ, যাৰীব, আৰু গদলিয়া।
Nehemiah 13:28 in Assamese 28 ইলিয়াচীব প্ৰধান পুৰোহিতৰ পুত্র যোয়াদা, যোয়াদাৰ এজন পুত্র হোৰোনীয়া চনবল্লটৰ জোঁৱায়েক আছিল। সেই কাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আতৰ কৰিলোঁ।
Isaiah 9:14 in Assamese 14 এই হেতুকে যিহোৱাই একে দিনাই ইস্ৰায়েলৰ আৰম্ভণীৰ পৰা শেষলৈকে, খাজুৰ পাত আৰু খাগৰি কাটি পেলাব।
Isaiah 24:1 in Assamese 1 চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে।
Isaiah 61:8 in Assamese 8 কাৰণ মই যিহোৱাই ন্যায় বিচাৰ ভাল পাওঁ, মই চুৰ কৰা কাৰ্য আৰু অন্যায় অত্যচাৰ ঘিণ কৰোঁ; মই বিশ্বাসযোগ্যতাৰে তেওঁলোকক প্রতিফল দিম, আৰু তেওঁলোকৰ সৈতে অনন্তকলীয়া চুক্তি স্থাপন কৰিম।
Isaiah 66:3 in Assamese 3 যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে ভেড়া পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্ম্মত সন্তোষ পায়।
Ezekiel 14:10 in Assamese 10 এইদৰে তেওঁলোকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। সেই ভাববাদীজনৰ ওচৰলৈ পৰামৰ্শ ল’বলৈ যোৱা লোকজনৰ অপৰাধ দুয়োৰে সমান হ’ব।
Ezekiel 24:21 in Assamese 21 ‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Hosea 4:4 in Assamese 4 তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক; কিয়নো, হে পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে।
Amos 5:22 in Assamese 22 তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম; এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মঙ্গলার্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম ।
Zechariah 12:7 in Assamese 7 দায়ূদৰ বংশ আৰু যিৰূচালেম-নিবাসীসকল যিহূদাতকৈ বৰ বুলি বিবেচিত নহ’বৰ কাৰণে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।
Malachi 1:10 in Assamese 10 “ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসর্গ গ্ৰহণ নকৰিম।
Malachi 2:10 in Assamese 10 আমাৰ সকলোৰে পিতৃ এজনা নহয় জানো? এজনা ঈশ্বৰেই জানো আমাক স্ৰজন কৰা নাই? তেন্তে আমি কিয় প্রতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰি আমাৰ পৈতৃক ব্যৱস্থাক অপবিত্ৰ কৰো?
Matthew 15:14 in Assamese 14 তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
2 Timothy 3:13 in Assamese 13 কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে কিছুমান লোকক বিপথে লৈ যাব আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব।
Revelation 19:20 in Assamese 20 তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰী-কোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।