Cross Reference Exodus 19:5 in Assamese 5 এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
Exodus 34:10 in Assamese 10 যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলো। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
Joshua 23:12 in Assamese 12 নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,
Joshua 24:3 in Assamese 3 পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷
Ezra 9:11 in Assamese 11 আপুনি আপোনাৰ ভাববাদী দাস সকলক আজ্ঞা দি যেতিয়া কৈছিল যে, এই যি দেশ তোমালোকে আধিকাৰ কৰিবলৈ প্রবেশ কৰিছা, সেইয়া অশুচি দেশ। তেওঁলোকৰ অশুচি আৰু ঘিণলগা কাৰ্য্যৰ দ্ৱাৰাই লোকসকলে ইমুৰৰ পৰা সিমুৰলৈকে সমগ্র দেশ দূষিত কৰি তুলিছে।
Ezra 10:2 in Assamese 2 এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
Nehemiah 13:29 in Assamese 29 হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।
Job 31:15 in Assamese 15 মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই?
Psalm 100:3 in Assamese 3 তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মান কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেষ।
Isaiah 43:1 in Assamese 1 কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
Isaiah 43:7 in Assamese 7 মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ আৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
Isaiah 43:15 in Assamese 15 ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।”
Isaiah 44:2 in Assamese 2 যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যি জনাই তোমাক সহায় কৰিব, সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচূৰূণ, ভয় নকৰিবা।”
Isaiah 51:2 in Assamese 2 তোমালোকৰ পিতৃ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী চাৰালৈ দৃষ্টি কৰা; কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্ব্বাদ দি বহুবংশ কৰিলোঁ ।
Isaiah 63:16 in Assamese 16 কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্ব্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
Isaiah 64:8 in Assamese 8 কিন্তু এতিয়াও, হে যিহোৱা, তুমি আমাৰ পিতৃ; আমি মাটি, তুমি আমাৰ কুমাৰ; আৰু আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য।
Jeremiah 9:4 in Assamese 4 তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
Ezekiel 33:24 in Assamese 24 “হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’
Micah 7:2 in Assamese 2 পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
Malachi 1:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’
Malachi 2:8 in Assamese 8 কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Malachi 2:11 in Assamese 11 যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্রেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে।
Malachi 2:14 in Assamese 14 তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা।
Matthew 3:9 in Assamese 9 আপোনালোকে নিজৰ মনতে “আমাৰ পিতৃপুৰুষ অব্ৰাহাম আছে” বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
Matthew 10:21 in Assamese 21 ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
Matthew 22:16 in Assamese 16 এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়াৰ মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, কোনো ব্যক্তিৰ সৈতে পক্ষপাত নকৰে।
Luke 1:73 in Assamese 73 এই বিধান হৈছে প্রতিজ্ঞা, এই বিধান আমাৰ পূর্বপুৰুষ অব্রাহামক তেওঁ দিছিল।
Luke 3:8 in Assamese 8 আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
John 8:39 in Assamese 39 তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
John 8:41 in Assamese 41 আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
John 8:53 in Assamese 53 তুমি কি আমাৰ ওপৰ-পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?”
John 8:56 in Assamese 56 আপোনালোকৰ ওপৰ-পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে।”
Acts 7:2 in Assamese 2 স্তিফানে ক’লে, “হে ভাই সকল আৰু পিতৃ সকল, মোৰ কথা শুনক। আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম হাৰোণত বসবাস কৰাৰ আগেয়ে যেতিয়া মেচোপতামিয়াত আছিল, সেই সময়ত গৌৰৱময় ঈশ্বৰে তেওঁক দেখা দি ক’লে,
Acts 7:26 in Assamese 26 পাছদিনা দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে ক’লে, ‘হে লোক সকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা’?
Acts 17:25 in Assamese 25 মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে।
Romans 4:1 in Assamese 1 তেনেহলে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক’ম?
Romans 9:10 in Assamese 10 অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত,
1 Corinthians 6:6 in Assamese 6 কিন্তু তাৰ সলনি এনেকুৱা হয় যে, এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায় গোচৰ দিয়ে, তাকো অবিশ্বাসী সকলৰ আগত।
1 Corinthians 8:6 in Assamese 6 কিন্তু আমাৰ কাৰণে একমাত্র এজন পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলোবোৰ সৃষ্টি কৰা হৈছে আৰু আমি তেওঁৰ কাৰণেই জীয়াই আছোঁ। আমাৰ প্রভুও মাত্র এজন। তেওঁ যীচু খ্রীষ্ট। তেওঁৰ দ্বাৰাই সকলো সৃষ্ট হ’ল আৰু আমিও জীয়াই আছোঁ।
Ephesians 4:6 in Assamese 6 এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।
Ephesians 4:25 in Assamese 25 সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।
1 Thessalonians 4:6 in Assamese 6 এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
Hebrews 12:9 in Assamese 9 ইয়াৰ বাহিৰেও আমাৰ যি মাংসিক পিতৃ সকল আছিল, তেওঁলোকে আমাক শাসন কৰিছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন ধাৰণ নকৰিম নে?