Malachi 1:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’
Other Translations King James Version (KJV) A son honoureth his father, and a servant his master: if then I be a father, where is mine honour? and if I be a master, where is my fear? saith the LORD of hosts unto you, O priests, that despise my name. And ye say, Wherein have we despised thy name?
American Standard Version (ASV) A son honoreth his father, and a servant his master: if then I am a father, where is mine honor? and if I am a master, where is my fear? saith Jehovah of hosts unto you, O priests, that despise my name. And ye say, Wherein have we despised thy name?
Bible in Basic English (BBE) A son gives honour to his father, and a servant has fear of his master: if then I am a father, where is my honour? and if I am a master, where is the fear of me? says the Lord of armies to you, O priests, who give no value to my name. And you say, How have we not given value to your name?
Darby English Bible (DBY) A son honoureth [his] father, and a servant his master: if then I be a father, where is mine honour? and if I be a master, where is my fear? saith Jehovah of hosts unto you, priests, that despise my name. But ye say, Wherein have we despised thy name?
World English Bible (WEB) "A son honors his father, and a servant his master. If I am a father, then where is my honor? And if I am a master, where is the respect due me? Says Yahweh of Hosts to you, priests, who despise my name. You say, 'How have we despised your name?'
Young's Literal Translation (YLT) A son honoureth a father, and a servant his master. And if I `am' a father, where `is' Mine honour? And if I `am' a master, where `is' My fear? Said Jehovah of Hosts to you, O priests, despising My name! And ye have said: `In what have we despised Thy name?'
Cross Reference Exodus 4:22 in Assamese 22 তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, “যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ;
Exodus 20:12 in Assamese 12 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
Leviticus 19:3 in Assamese 3 তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Deuteronomy 5:16 in Assamese 16 নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
1 Samuel 2:28 in Assamese 28 তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তানসকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?
Proverbs 30:11 in Assamese 11 এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
Proverbs 30:17 in Assamese 17 যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুনে তেওঁক খাব।
Isaiah 1:2 in Assamese 2 হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
Isaiah 64:8 in Assamese 8 কিন্তু এতিয়াও, হে যিহোৱা, তুমি আমাৰ পিতৃ; আমি মাটি, তুমি আমাৰ কুমাৰ; আৰু আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য।
Jeremiah 2:21 in Assamese 21 তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰোইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?
Jeremiah 5:30 in Assamese 30 দেশৰ মাজত এক আচৰিত আৰু নোম শিয়ৰি উঠা ঘটনাবোৰ ঘটিছে।
Jeremiah 23:11 in Assamese 11 কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
Jeremiah 31:9 in Assamese 9 তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
Ezekiel 22:26 in Assamese 26 তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লোঁ।
Hosea 4:6 in Assamese 6 জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলো। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তানসকলক পাহৰি যাম।
Hosea 5:1 in Assamese 1 হে পুৰোহিতসকল, এই কথা শুনা! হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া! হে ৰাজবংশৰ লোকসকল, শুনা! কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।
Hosea 12:8 in Assamese 8 ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
Malachi 2:8 in Assamese 8 কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Malachi 2:14 in Assamese 14 তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা।
Malachi 3:7 in Assamese 7 তোমালোকৰ পূর্ব-পুৰুষসকলৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা, সেইবোৰ পালন কৰা নাই। মোৰ ওচৰলৈ ঘূৰি আঁহা আৰু ময়ো তোমালোকৰ কাষলৈ ঘূৰি আহিম; কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ ঘূৰি আহিম?’
Malachi 3:13 in Assamese 13 যিহোৱাই পুনৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি তোমাৰ অহিতে কি কলোঁ?’
Matthew 6:9 in Assamese 9 এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
Matthew 6:14 in Assamese 14 কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বর্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
Matthew 7:21 in Assamese 21 যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
Matthew 15:4 in Assamese 4 কাৰণ ঈশ্বৰে আজ্ঞা দিছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হ’ব।’
Matthew 15:6 in Assamese 6 তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। সেয়েহে আপোনালোকৰ এনেকুৱা পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
Matthew 19:19 in Assamese 19 মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”।
Mark 7:10 in Assamese 10 কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক’।
Mark 10:19 in Assamese 19 তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
Luke 6:36 in Assamese 36 তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা।
Luke 6:46 in Assamese 46 তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা?
Luke 10:29 in Assamese 29 কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”
Luke 18:20 in Assamese 20 তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
John 13:13 in Assamese 13 তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ মাতিছা, সেয়া ঠিকেই কৈছা; কিয়নো মই সেয়েই হওঁ।
Ephesians 6:2 in Assamese 2 “তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা” এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা।
1 Timothy 6:1 in Assamese 1 ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়, সেই বাবে ‘দাসত্বৰ যুৱলিৰ’ অধীন হোৱা দাস সকলে নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰেৰে যোগ্য জ্ঞান কৰক।
Titus 2:9 in Assamese 9 দাস সকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হ’ব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষদায়ক হ’ব লাগে, কিন্তু উত্তৰা-উত্তৰি নকৰি
1 Peter 1:17 in Assamese 17 আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিত ভয়েৰে নিয়াব৷
1 Peter 2:17 in Assamese 17 সকলোকে সমাদৰ কৰক৷ ভাইমাত্ৰকে প্ৰেম কৰক৷ ঈশ্বৰৰলৈ ভয় ৰাখক৷ ৰজাক সমাদৰ কৰক।