Malachi 1:3 in Assamese 3 তথাপিও মই যাকোবকহে প্ৰেম কৰিলোঁ; কিন্তু এচৌক অগ্রাহ্য কৰিলোঁ। মই তেওঁৰ পৰ্ব্বতবোৰ এক ধ্বংসস্থান কৰিলোঁ আৰু তেওঁৰ উত্তৰাধিকাৰ মৰুভূমিৰ শিয়ালবোৰক দিলোঁ।”
Other Translations King James Version (KJV) And I hated Esau, and laid his mountains and his heritage waste for the dragons of the wilderness.
American Standard Version (ASV) but Esau I hated, and made his mountains a desolation, and `gave' his heritage to the jackals of the wilderness.
Bible in Basic English (BBE) And Esau was hated, and I sent destruction on his mountains, and gave his heritage to the beasts of the waste land.
Darby English Bible (DBY) and I hated Esau; and made his mountains a desolation, and [gave] his inheritance to the jackals of the wilderness.
World English Bible (WEB) but Esau I hated, and made his mountains a desolation, and gave his heritage to the jackals of the wilderness."
Young's Literal Translation (YLT) Is not Esau Jacob's brother? -- an affirmation of Jehovah, And I love Jacob, and Esau I have hated, And I make his mountains a desolation, And his inheritance for dragons of a wilderness.
Cross Reference Genesis 29:30 in Assamese 30 এইদৰে যাকোবে ৰাহেলকো বিয়া কৰিলে; কিন্তু তেওঁ লেয়াতকৈ ৰাহেলক অধিক প্ৰেম কৰিলে; তাৰপাছত তেওঁ আৰু সাত বছৰ খাটি লাবনৰ সেৱা কৰিলে।
Deuteronomy 21:15 in Assamese 15 যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;
Isaiah 13:21 in Assamese 21 কিন্তু মৰুভূমিৰ বনৰীয়া জন্তুৱে তাত বাস কৰিব; তেওঁলোকৰ ঘৰবোৰ ফেঁচাৰে পৰিপূৰ্ণ হ’ব, আৰু সেই ঠাইত উট পক্ষীয়ে আৰু বনৰীয়া ছাগলীবোৰে জপিয়াব।
Isaiah 34:9 in Assamese 9 ইদোমৰ নৈবোৰ আলকাতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, আৰু তাইৰ দেশ প্ৰজ্বলিত আলকাতৰা হ’ব।
Isaiah 35:7 in Assamese 7 জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব।
Jeremiah 9:11 in Assamese 11 মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
Jeremiah 49:10 in Assamese 10 কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লুপ পালে।
Jeremiah 49:16 in Assamese 16 হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।
Jeremiah 51:37 in Assamese 37 আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব।
Ezekiel 25:13 in Assamese 13 সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Ezekiel 35:3 in Assamese 3 আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম।
Ezekiel 35:7 in Assamese 7 এইদৰে মই চায়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম।
Ezekiel 36:3 in Assamese 3 এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে, তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকসকলে চৰ্চ্চি ফুৰাৰ বিষয় হ’লা।
Ezekiel 36:7 in Assamese 7 এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।
Ezekiel 36:9 in Assamese 9 কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।
Ezekiel 36:14 in Assamese 14 এই হেতুকে প্ৰভু যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা।
Joel 3:19 in Assamese 19 যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
Obadiah 1:10 in Assamese 10 তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।
Obadiah 1:18 in Assamese 18 যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ’ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অবশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।
Luke 14:26 in Assamese 26 “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ প্ৰাণকো যদি অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।