Malachi 1:14 in Assamese 14 “যি ছলনাকাৰীয়ে নিজৰ ভেড়াৰ জাকৰ মাজত মতা ভেড়া থাকিলেও প্ৰভুৰ উদ্দেশ্যে সঙ্কল্প কৰি এজনী ঘুণীয়া মাইকী পশুৰ বলি উৎসৰ্গ কৰে, তেওঁ শাপগ্রস্ত হওঁক; কিয়নো মই মহান ৰজা; সকলো জাতিৰ মাজত মোৰ নাম ভয়াবহ।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।
Other Translations King James Version (KJV) But cursed be the deceiver, which hath in his flock a male, and voweth, and sacrificeth unto the LORD a corrupt thing: for I am a great King, saith the LORD of hosts, and my name is dreadful among the heathen.
American Standard Version (ASV) But cursed be the deceiver, who hath in his flock a male, and voweth, and sacrificeth unto the Lord a blemished thing; for I am a great King, saith Jehovah of hosts, and my name is terrible among the Gentiles.
Bible in Basic English (BBE) A curse on the false man who has a male in his flock, and takes his oath, and gives to the Lord a damaged thing: for I am a great King, says the Lord of armies, and my name is to be feared among the Gentiles.
Darby English Bible (DBY) Yea, cursed be the deceiver, who hath in his flock a male, and voweth and sacrificeth unto the Lord a corrupt thing; for I am a great King, saith Jehovah of hosts, and my name is terrible among the nations.
World English Bible (WEB) "But the deceiver is cursed, who has in his flock a male, and vows, and sacrifices to the Lord a blemished thing; for I am a great King," says Yahweh of hosts, "and my name is awesome among the nations."
Young's Literal Translation (YLT) And cursed `is' a deceiver, who hath in his drove a male, And is vowing, and is sacrificing a marred thing to the Lord, For a great king `am' I, said Jehovah of Hosts, And My name `is' revered among nations!
Cross Reference Genesis 27:12 in Assamese 12 কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।”
Leviticus 22:18 in Assamese 18 “তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সকলো সন্তানসকলক কোৱা। তেওঁলোকক এইদৰে কোৱা যে, ‘প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া, যিহোৱাৰ উদ্দেশ্যে হোম-বলি স্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইস্ৰায়েল বংশৰ কোনো মানুহে, নাইবা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা কোনো বিদেশীলোকে আনে,
Deuteronomy 28:58 in Assamese 58 ‘আপোনালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি আপোনালোকে যত্নেৰে সৈতে পালন নকৰে,
Joshua 7:11 in Assamese 11 ইস্ৰায়েলে পাপ কৰিলে৷ মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লঙ্ঘন কৰিলে৷ তেওঁলোকে বৰ্জিত বস্তুৰ পৰাই কিছু চুৰ কৰি ল’লে, চুৰ কৰিও ভাও ধৰিলে আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বর্জিত বস্তু লুকুৱাই ৰাখিলে।
Psalm 47:2 in Assamese 2 সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
Psalm 48:2 in Assamese 2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
Psalm 68:35 in Assamese 35 হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!
Psalm 76:12 in Assamese 12 তেওঁ ৰাজকোৱঁৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
Psalm 95:3 in Assamese 3 কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
Ecclesiastes 5:4 in Assamese 4 ঈশ্বৰৰ আগত সংকল্প কৰিলে, তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা; কিয়নো তেওঁ অজ্ঞানসকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা, তাক সিদ্ধ কৰা।
Isaiah 57:15 in Assamese 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰস্থানত বাস কৰো, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Jeremiah 48:10 in Assamese 10 যি জনে যিহোৱাৰ কাৰ্য্য এলাহেৰে কৰে, তেওঁ শাপগ্ৰস্থ হওঁক আৰু যি জনে ৰক্তপাতৰ পৰা নিজ তৰোৱাল কোঁচাই ৰাখে তেওঁ শাপগ্ৰস্থ হওঁক।
Daniel 4:37 in Assamese 37 এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহঙ্কাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
Daniel 9:4 in Assamese 4 মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰৰ্থনা কৰিলো, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰো, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্বাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
Zechariah 14:9 in Assamese 9 যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব।
Malachi 1:8 in Assamese 8 তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।
Malachi 1:11 in Assamese 11 কিয়নো সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
Malachi 3:9 in Assamese 9 তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে।
Matthew 5:35 in Assamese 35 আৰু জগতৰ নামতো শপত নাখাবা, কিয়নো সেয়ে তেওঁৰ ভৰি-পীৰা; যিৰূচালেমৰ নামেৰেও নহয়, কিয়নো সেয়া মহান ৰজাৰ নগৰ৷
Matthew 24:51 in Assamese 51 তাক দুডোখৰ কৰি কপটীয়া সকলৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব; তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।
Mark 12:41 in Assamese 41 পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাই দিছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে।
Mark 14:8 in Assamese 8 তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।
Luke 12:1 in Assamese 1 এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক ক’বলৈ ধৰিলে, “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।
Luke 12:46 in Assamese 46 তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে সেই দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷
Acts 5:1 in Assamese 1 তেতিয়া অননিয় নামেৰে এজন লোক আছিল আৰু তেওঁৰ ভাৰ্যা আছিল চফীৰা; তেওঁলোকে এডোখৰ মাটি বিক্রী কৰিলে৷
2 Corinthians 8:12 in Assamese 12 কিয়নো যদি কার্য কৰিবলৈ আগ্ৰহ থাকে, তেনেহলে এইটো ভাল আৰু গ্ৰহণীয় বিষয়, কিন্তু ব্যক্তি জনৰ যি ভিত্তি আছে, সেই অনুসাৰে, তেওঁৰ যি নাই, সেই অনুসাৰে নহয়।
1 Timothy 6:15 in Assamese 15 সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।
Hebrews 12:29 in Assamese 29 কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।
Revelation 15:4 in Assamese 4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷”
Revelation 21:8 in Assamese 8 কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভিচাৰী, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে, জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”