Luke 6:49 in Assamese 49 কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”
Other Translations King James Version (KJV) But he that heareth, and doeth not, is like a man that without a foundation built an house upon the earth; against which the stream did beat vehemently, and immediately it fell; and the ruin of that house was great.
American Standard Version (ASV) But he that heareth, and doeth not, is like a man that built a house upon the earth without a foundation; against which the stream brake, and straightway it fell in; and the ruin of that house was great.
Bible in Basic English (BBE) But he who gives hearing, without doing, is like a man building a house on the earth without a base for it; and when the force of the river came against it, straight away it came down; and the destruction of that house was great.
Darby English Bible (DBY) And he that has heard and not done, is like a man who has built a house on the ground without [a] foundation, on which the stream broke, and immediately it fell, and the breach of that house was great.
World English Bible (WEB) But he who hears, and doesn't do, is like a man who built a house on the earth without a foundation, against which the stream broke, and immediately it fell, and the ruin of that house was great."
Young's Literal Translation (YLT) `And he who heard and did not, is like to a man having builded a house upon the earth, without a foundation, against which the stream brake forth, and immediately it fell, and the ruin of that house became great.'
Cross Reference Proverbs 28:18 in Assamese 18 যি কোনোৱে শুদ্ধ পথত চলে, তেওঁ ৰক্ষা পায়, কিন্তু যিজনে কুটিল পথত চলে; তেওঁ হঠাৎ পতিত হয়।
Jeremiah 44:16 in Assamese 16 তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ।
Ezekiel 33:31 in Assamese 31 তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।
Hosea 4:14 in Assamese 14 তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
Matthew 12:43 in Assamese 43 যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
Matthew 13:20 in Assamese 20 শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যিজনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে।
Matthew 21:29 in Assamese 29 তেতিয়া সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি মন-পালটন কৰিলে, আৰু গ’ল।
Matthew 23:3 in Assamese 3 এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে প্ৰচাৰ কৰে, কিন্তু পালন নকৰে।
Matthew 24:10 in Assamese 10 তেতিয়া অনেকে বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘৃণা কৰিব।
Mark 4:17 in Assamese 17 কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
Luke 6:46 in Assamese 46 তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা?
Luke 8:5 in Assamese 5 তাতে বীজ সিচাঁৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে।
Luke 10:12 in Assamese 12 মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।
Luke 11:24 in Assamese 24 যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে, সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ, সেই ঘৰলৈকে উভতি যাম’।
Luke 12:47 in Assamese 47 যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।
Luke 19:14 in Assamese 14 কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’।
Luke 19:27 in Assamese 27 কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”
John 15:2 in Assamese 2 যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰত পুনৰ অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে।
Acts 20:29 in Assamese 29 মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব;
Acts 26:11 in Assamese 11 এনেদৰে মই তেখেত সকলক শাস্তি দিবলৈ এটা নামঘৰৰ পৰা আন এটা নামঘৰলৈ গৈছিলোঁ, আৰু যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷
1 Thessalonians 3:5 in Assamese 5 সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলো। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।
Hebrews 10:26 in Assamese 26 যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
James 1:22 in Assamese 22 কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
James 2:17 in Assamese 17 ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।
2 Peter 1:5 in Assamese 5 ইয়াৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
2 Peter 2:20 in Assamese 20 কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ অশুচিতাৰ পৰা হাত সাৰি অহাৰ পাছতো যদি, সেই একেই পাপৰ জীৱনলৈ পুনৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হ’ব।
1 John 2:3 in Assamese 3 আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।
1 John 2:19 in Assamese 19 তেওঁলোক আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।