Luke 6:48 in Assamese 48 তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল।
Other Translations King James Version (KJV) He is like a man which built an house, and digged deep, and laid the foundation on a rock: and when the flood arose, the stream beat vehemently upon that house, and could not shake it: for it was founded upon a rock.
American Standard Version (ASV) he is like a man building a house, who digged and went deep, and laid a foundation upon the rock: and when a flood arose, the stream brake against that house, and could not shake it: because it had been well builded.
Bible in Basic English (BBE) He is like a man building a house, who went deep and put the base of it on a rock; and when the water came up and the river was driving against that house, it was not moved, because the building was good.
Darby English Bible (DBY) He is like a man building a house, who dug and went deep, and laid a foundation on the rock; but a great rain coming, the stream broke upon that house, and could not shake it, for it had been founded on the rock.
World English Bible (WEB) He is like a man building a house, who dug and went deep, and laid a foundation on the rock. When a flood arose, the stream broke against that house, and could not shake it, because it was founded on the rock.
Young's Literal Translation (YLT) he is like to a man building a house, who did dig, and deepen, and laid a foundation upon the rock, and a flood having come, the stream broke forth on that house, and was not able to shake it, for it had been founded upon the rock.
Cross Reference Deuteronomy 32:15 in Assamese 15 যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
Deuteronomy 32:18 in Assamese 18 যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
Deuteronomy 32:31 in Assamese 31 শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
1 Samuel 2:2 in Assamese 2 যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।
2 Samuel 22:2 in Assamese 2 তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।
2 Samuel 22:5 in Assamese 5 কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
2 Samuel 22:32 in Assamese 32 কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
2 Samuel 22:47 in Assamese 47 যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্ৰশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক;
2 Samuel 23:3 in Assamese 3 ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
Psalm 32:6 in Assamese 6 সেই বাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
Psalm 46:1 in Assamese 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Psalm 62:2 in Assamese 2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
Psalm 93:3 in Assamese 3 হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
Psalm 95:1 in Assamese 1 আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোহকঁ; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
Psalm 125:1 in Assamese 1 যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
Proverbs 10:25 in Assamese 25 দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
Isaiah 26:4 in Assamese 4 তোমালোকে চিৰকাললৈকে যিহোৱাত ভৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
Isaiah 28:16 in Assamese 16 এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
Isaiah 59:19 in Assamese 19 সেয়ে লোকসকলে পশ্চিম দিশৰ পৰা যিহোৱাৰ নামলৈ, আৰু সূৰ্য্য উদয় হোৱা ফালৰ পৰা তেওঁৰ প্ৰতাপলৈ ভয় কৰিব; কিয়নো যিহোৱাই ফুঁ মাৰি পঠাই দিয়া বেগেৰে বৈ যোৱা সোঁতৰ দৰে তেওঁ আহিব।
Nahum 1:8 in Assamese 8 কিন্তু তেওঁৰ শত্রুসকলক তেওঁ বানপানীৰ ধলৰ দ্বাৰাই সম্পূ্ৰ্ণকৈ শেষ কৰিব আৰু তেওঁ সেই লোকসকলক আন্ধাৰলৈ খেদি পঠাব।
Matthew 7:25 in Assamese 25 পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
John 16:33 in Assamese 33 এই কাৰণে মই তোমালোকক এইবোৰ কথা কলোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Acts 14:22 in Assamese 22 তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
Romans 8:35 in Assamese 35 খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে?
1 Corinthians 3:10 in Assamese 10 ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।
1 Corinthians 15:55 in Assamese 55 “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?”
Ephesians 2:20 in Assamese 20 এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
2 Timothy 2:19 in Assamese 19 তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে, “প্ৰভুৱে তেওঁৰ লোক সকলক জানে”, আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
1 Peter 2:4 in Assamese 4 তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমূলীয়া হ’ল৷
2 Peter 1:10 in Assamese 10 এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ’বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
2 Peter 3:10 in Assamese 10 কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হ’ব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব।
1 John 2:28 in Assamese 28 আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তান সকল আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷
Jude 1:24 in Assamese 24 এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,
Revelation 6:14 in Assamese 14 আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল।
Revelation 20:11 in Assamese 11 তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত এই জগত আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।