Luke 6:38 in Assamese 38 দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।”
Other Translations King James Version (KJV) Give, and it shall be given unto you; good measure, pressed down, and shaken together, and running over, shall men give into your bosom. For with the same measure that ye mete withal it shall be measured to you again.
American Standard Version (ASV) give, and it shall be given unto you; good measure, pressed down, shaken together, running over, shall they give into your bosom. For with what measure ye mete it shall be measured to you again.
Bible in Basic English (BBE) Give, and it will be given to you; good measure, crushed down, full and running over, they will give to you. For in the same measure as you give, it will be given to you again.
Darby English Bible (DBY) Give, and it shall be given to you; good measure, pressed down, and shaken together, and running over, shall be given into your bosom: for with the same measure with which ye mete it shall be measured to you again.
World English Bible (WEB) "Give, and it will be given to you: good measure, pressed down, shaken together, and running over, will be given to you.{literally, into your bosom.} For with the same measure you measure it will be measured back to you."
Young's Literal Translation (YLT) `Give, and it shall be given to you; good measure, pressed, and shaken, and running over, they shall give into your bosom; for with that measure with which ye measure, it shall be measured to you again.'
Cross Reference Deuteronomy 15:10 in Assamese 10 আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্ম্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্য্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
Deuteronomy 19:16 in Assamese 16 যদি কোনো অধার্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কার্যৰ হৈ সাক্ষ্য দিবলৈ উঠে,
Judges 1:7 in Assamese 7 তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলো। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলো, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
Ezra 7:27 in Assamese 27 আমাৰ পূৰ্ব্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
Esther 7:10 in Assamese 10 তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।
Esther 9:25 in Assamese 25 কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্রৰ দ্বাৰা আজ্ঞা দিলে যে, হামনে ইহুদী লোকসকলৰ বিৰুদ্ধে কৰা কু-কল্পনা তেওঁৰ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহ জন পুত্রক ফাঁচি কাঠত ফাঁচি দি আঁৰি থোৱা হওক।
Job 31:16 in Assamese 16 মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,
Job 42:11 in Assamese 11 পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকী লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।
Psalm 18:25 in Assamese 25 হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
Psalm 41:1 in Assamese 1 ধন্য সেই লোক, যি জনে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
Psalm 79:12 in Assamese 12 হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক যি অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।
Proverbs 3:9 in Assamese 9 আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
Proverbs 10:22 in Assamese 22 যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
Proverbs 19:17 in Assamese 17 যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
Proverbs 22:9 in Assamese 9 উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
Ecclesiastes 11:1 in Assamese 1 তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।
Isaiah 65:6 in Assamese 6 চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কাৰণ মই প্ৰতিফল দিম; মই তেওঁলোকৰ কাৰ্য অনুসাৰে তেওঁলোকক প্রতিফল দিম।
Matthew 7:2 in Assamese 2 কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
Matthew 10:42 in Assamese 42 যি কোনোৱে এই সাধাৰণ লোকসকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ স্বৰ্গীয় অধিকাৰ নেহেৰুৱাব।
Mark 4:24 in Assamese 24 যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হ’ব; আৰু তোমালোকক অধিক দিয়া হ’ব।
Luke 6:30 in Assamese 30 যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।
2 Corinthians 8:14 in Assamese 14 এই বৰ্ত্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়;
2 Corinthians 9:6 in Assamese 6 কিন্তু সেই বিষয়ে সাৰ কথা এই: যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
Philippians 4:17 in Assamese 17 মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
James 2:13 in Assamese 13 কিয়নো যি জনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
Revelation 16:5 in Assamese 5 তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি তোমাৰ ন্যায়ত ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।