Luke 22:32 in Assamese 32 কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”
Other Translations King James Version (KJV) But I have prayed for thee, that thy faith fail not: and when thou art converted, strengthen thy brethren.
American Standard Version (ASV) but I made supplication for thee, that thy faith fail not; and do thou, when once thou hast turned again, establish thy brethren.
Bible in Basic English (BBE) But I have made prayer for you, that your faith may not go from you: and when you are turned again, make your brothers strong.
Darby English Bible (DBY) but *I* have besought for thee that thy faith fail not; and *thou*, when once thou hast been restored, confirm thy brethren.
World English Bible (WEB) but I prayed for you, that your faith wouldn't fail. You, when once you have turned again, establish your brothers{The word for "brothers" here may be also correctly translated "brothers and sisters" or "siblings."}."
Young's Literal Translation (YLT) and I besought for thee, that thy faith may not fail; and thou, when thou didst turn, strengthen thy brethren.'
Cross Reference Psalm 32:3 in Assamese 3 মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
Psalm 51:12 in Assamese 12 তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা ।
Zechariah 3:2 in Assamese 2 তেতিয়া যিহোৱাৰ দূতে চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?”
Matthew 18:3 in Assamese 3 “মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হ’ব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
Matthew 26:75 in Assamese 75 তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
Mark 14:72 in Assamese 72 তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তেতিয়া তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷
Mark 16:7 in Assamese 7 কিন্তু তোমালোকে গৈ, তেওঁৰ শিষ্য সকলক আৰু পিতৰক কোৱাগৈ যে ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব’ আৰু তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক তাতে দেখা পাবা।”
Luke 8:13 in Assamese 13 আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।
Luke 22:61 in Assamese 61 তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা’৷
John 14:19 in Assamese 19 অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
John 17:9 in Assamese 9 মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছোঁ। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যি সকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছোঁ; কিয়নো তেওঁলোক তোমাৰ৷
John 17:15 in Assamese 15 তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক পাপ আত্মাৰ শক্তিৰ পৰা ৰক্ষা কৰা।
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
Acts 3:19 in Assamese 19 এই কাৰণে আপোনালোকে মন-পালটাই প্ৰভুলৈ ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
Romans 5:9 in Assamese 9 এতেকে এতিয়া খ্ৰীষ্টই দান কৰা তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম।
Romans 8:32 in Assamese 32 যি জনে নিজৰ পুত্ৰক অব্যাহতি দি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক তেওঁৰ সৈতে অনুগ্ৰহেৰে সকলো নিদিব নে?
Romans 8:34 in Assamese 34 দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।
2 Corinthians 1:4 in Assamese 4 আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
1 Timothy 1:13 in Assamese 13 যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে; কাৰণ মই নুবুজি, বিশ্বাস নকৰাকৈ সেইবোৰ কৰিছিলোঁ৷
2 Timothy 2:18 in Assamese 18 তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে।
Titus 1:1 in Assamese 1 মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
Hebrews 7:25 in Assamese 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
Hebrews 12:12 in Assamese 12 এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;
Hebrews 12:15 in Assamese 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
1 Peter 1:1 in Assamese 1 মই পিতৰ, যীচু খ্ৰীষ্টৰ পাঁচনি; যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, সেই প্ৰবাসী, মনোনীত লোক সকলৰ সমীপলৈ৷
1 Peter 1:5 in Assamese 5 শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্ৰাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
1 Peter 1:13 in Assamese 13 এতেকে মনৰ কঁকাল বান্ধক৷ আপোনালোকৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
1 Peter 5:8 in Assamese 8 সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্রু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
2 Peter 1:10 in Assamese 10 এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ’বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
2 Peter 3:14 in Assamese 14 এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে, সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে যত্ন কৰক।
2 Peter 3:17 in Assamese 17 এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক, আপোনালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্তি পথত নাযাব। নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয়, এই কাৰণে সাৱধানে থাকক।
1 John 2:1 in Assamese 1 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা* ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
1 John 2:19 in Assamese 19 তেওঁলোক আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।