Luke 20:10 in Assamese 10 পাছত সেই খেতিয়ক সকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এই কাৰণে বতৰৰ দিনত, তেওঁ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু খেতিয়ক সকলে তেওঁক কোবাই, শুদা-হাতে খেদি দিলে৷
Other Translations King James Version (KJV) And at the season he sent a servant to the husbandmen, that they should give him of the fruit of the vineyard: but the husbandmen beat him, and sent him away empty.
American Standard Version (ASV) And at the season he sent unto the husbandmen a servant, that they should give him of the fruit of the vineyard: but the husbandmen beat him, and sent him away empty.
Bible in Basic English (BBE) And at the right time he sent a servant to the workers to get part of the fruit from the vines; but the workmen gave him blows and sent him away with nothing.
Darby English Bible (DBY) And in the season he sent to the husbandmen a bondman, that they might give to him of the fruit of the vineyard; but the husbandmen, having beaten him, sent [him] away empty.
World English Bible (WEB) At the proper season, he sent a servant to the farmers to collect his share of the fruit of the vineyard. But the farmers beat him, and sent him away empty.
Young's Literal Translation (YLT) and at the season he sent unto the husbandmen a servant, that from the fruit of the vineyard they may give to him, but the husbandmen having beat him, did send `him' away empty.
Cross Reference Judges 6:8 in Assamese 8 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলৰ ওচৰলৈ এজন ভাৱবাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।
1 Kings 22:24 in Assamese 24 তেতিয়া কনানাৰ পুত্র চিদিকিয়াই ওচৰলৈ আহি মীখায়াৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ’ল?”
2 Kings 17:13 in Assamese 13 যিহোৱাই তেওঁৰ সকলো ভাৱবাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলো, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
2 Chronicles 16:10 in Assamese 10 তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত থ’লে, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে।
2 Chronicles 24:19 in Assamese 19 তথাপি যিহোৱালৈ তেওঁলোকক ওভটাই আনিবৰ বাবে তেওঁ ভাববাদীসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকে তেওঁলোকৰ অহিতে সাক্ষ্য দিলে, কিন্তু তেওঁলোকে তাক শুনিবলৈ অমান্তি হ’ল।
2 Chronicles 36:15 in Assamese 15 তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতসকলক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
Nehemiah 9:26 in Assamese 26 তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
Nehemiah 9:30 in Assamese 30 আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।
Psalm 1:3 in Assamese 3 সেই মানুহ বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ দৰে, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; তেওঁ সকলো কৰ্মতে সফলতা লাভ কৰে।
Jeremiah 2:30 in Assamese 30 মই তোমালোকৰ সন্তানসকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে; বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাবাদীসকলক গ্ৰাস কৰিলে।
Jeremiah 5:24 in Assamese 24 কাৰণ তেওঁলোকে এইবুলি নকয়, “আহাঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাক আমি ভয় কৰোহঁক, যি জনাই বতৰত আগতীয়া আৰু শেষতীয়া এই দুয়ো বৰষুন দিয়ে, যি জনাই শস্য দোৱা নিৰূপিত সপ্তাস কেইটা আমাৰ নিমিত্তে ৰক্ষা কৰে,” এইবুলি তেওঁলোকৰ মনত তেওঁলোকে নকয়।
Jeremiah 20:2 in Assamese 2 তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।
Jeremiah 25:3 in Assamese 3 তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ ত্ৰয়োদশ বছৰৰে পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলো, কিন্তু তোমালোকে কাণ দিয়া নাই।
Jeremiah 26:2 in Assamese 2 বোলে, “যিহোৱাই এইদৰে কৈছে: তুমি যিহোৱাৰ গৃহৰ চোতালত থিয় হোৱা, আৰু যিহোৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহূদাৰ সকলো নগৰৰ লোকসকলক, মই তোওঁলোকক ক’বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা।
Jeremiah 26:20 in Assamese 20 যিহোৱাৰ নামেৰে ভাববাণী প্ৰচাৰ কৰা আৰু এজন লোক আছিল, তেওঁ কিৰিয়ত-যিয়াৰীম-নিবাসী চমৰিয়াৰ পুত্ৰ ঊৰিয়া; তেওঁ যিৰিমিয়াৰ সকলো বাক্যৰ দৰে এই নগৰ আৰু এই দেশৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
Jeremiah 29:26 in Assamese 26 “যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে।
Jeremiah 35:15 in Assamese 15 মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
Jeremiah 37:15 in Assamese 15 সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই থ’লে; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
Jeremiah 38:4 in Assamese 4 তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞ দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
Jeremiah 44:4 in Assamese 4 তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য্য নকৰিবা।’
Hosea 6:4 in Assamese 4 হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলিৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।
Zechariah 1:3 in Assamese 3 সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য; “তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
Zechariah 7:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
Matthew 21:34 in Assamese 34 যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
Mark 12:2 in Assamese 2 পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ ফচলৰ অংশ পাবলৈ, তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।
Luke 11:47 in Assamese 47 হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাৱবাদী সকলৰ স্মৃতিৰ বাবে মৈদাম নির্মাণ কৰিছে, কিন্তু আপোনালোকৰ পূর্বপুৰুষ সকলে তেওঁলোকক বধ কৰিছিল।
Luke 13:34 in Assamese 34 হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু তুমি সন্মত নহ’লা৷
John 15:16 in Assamese 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
Romans 7:4 in Assamese 4 সেইদৰে, হে মোৰ ভাইসকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল।