Luke 2:34 in Assamese 34 তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্রায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হ’ব আৰু তেওঁ এনে এক চিন হ’ব, যাৰ বিৰুদ্ধে অনেকেই কথা ক’ব।
Other Translations King James Version (KJV) And Simeon blessed them, and said unto Mary his mother, Behold, this child is set for the fall and rising again of many in Israel; and for a sign which shall be spoken against;
American Standard Version (ASV) and Simeon blessed them, and said unto Mary his mother, Behold, this `child' is set for the falling and the rising of many in Israel; and for a sign which is spoken against;
Bible in Basic English (BBE) And Simeon gave them his blessing and said to Mary, his mother, See, this child will be the cause of the downfall and the lifting up of great numbers of people in Israel, and he will be a sign against which hard words will be said;
Darby English Bible (DBY) And Simeon blessed them, and said to Mary his mother, Lo, this [child] is set for the fall and rising up of many in Israel, and for a sign spoken against;
World English Bible (WEB) and Simeon blessed them, and said to Mary, his mother, "Behold, this child is set for the falling and the rising of many in Israel, and for a sign which is spoken against.
Young's Literal Translation (YLT) and Simeon blessed them, and said unto Mary his mother, `Lo, this `one' is set for the falling and rising again of many in Israel, and for a sign spoken against --
Cross Reference Genesis 14:19 in Assamese 19 তেওঁ অব্ৰামক আশীৰ্বাদ কৰি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰৰ দ্বাৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক;
Genesis 47:7 in Assamese 7 তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে।
Exodus 39:43 in Assamese 43 তাৰ পাছত মোচিয়ে সেই সকলো কাম চোৱা চিতা কৰি সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।
Leviticus 9:22 in Assamese 22 তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল।
Psalm 22:6 in Assamese 6 কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোকসমূহে মোক তুচ্ছ জ্ঞান কৰে।
Psalm 69:9 in Assamese 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাসকলৰ নিন্দা মোৰ ওপৰত পৰিল।
Isaiah 8:14 in Assamese 14 তেঁৱেই পবিত্ৰ স্থান হ’ব, কিন্তু তেওঁ এটা ক্ষুদ্র পদক্ষেপ দিয়া শিল আৰু উজুটি খোৱা শিল হ’ব, যিৰুচালেম নিবাসী লোকৰ বাবে ইস্রায়েলৰ দুয়োটা বংশ ফান্দ আৰু জালৰ দৰে হ’ব।
Isaiah 8:18 in Assamese 18 চিয়োন পৰ্বতত থকা বাহিনীসকলৰ যিহোৱাৰ পৰা যিহোৱাই চিন স্বৰূপে ইস্রায়েলৰ অদ্ভুত লক্ষ্যণৰ বাবে দিয়া পুত্রসকল আৰু মোক চোৱা,
Hosea 14:9 in Assamese 9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্ম্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্ম্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
Matthew 11:19 in Assamese 19 মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহক আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, সেয়া নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।”
Matthew 12:46 in Assamese 46 যীচুৱে যেতিয়া লোক সকলৰ আগত কথা কৈ আছিল, তেতিয়া তেওঁৰ মাক আৰু ভায়েক সকলে আহি তেওঁৰ সৈতে কথা পাতিবৰ বাবে বাহিৰত থিয় হৈ অপেক্ষা কৰি আছিল।
Matthew 21:44 in Assamese 44 এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
Matthew 26:65 in Assamese 65 তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে ঈশ্বৰ নিন্দা শুনিলা।
Matthew 27:40 in Assamese 40 “হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা।”
Matthew 27:63 in Assamese 63 “হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, ‘তিন দিনৰ মুৰত মই পুনৰাই উঠিম’, এতিয়া এই কথা আমাৰ মনত পৰিছে।
John 3:20 in Assamese 20 কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
John 5:18 in Assamese 18 যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়; তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
John 8:48 in Assamese 48 ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
John 9:24 in Assamese 24 তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহ জনক দ্বিতীয় বাৰ মাতি ক’লে, “ঈশ্বৰৰ মহিমা কৰা; সেই মানুহ যে এজন পাপী তাক আমি জানো।”
Acts 2:36 in Assamese 36 এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক সঁচাকৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্ৰুচত দিলে, ঈশ্বৰে হ’লে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।”
Acts 3:15 in Assamese 15 আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ
Acts 4:26 in Assamese 26 ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত(খ্ৰীষ্ট) জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে। (গীতমালা ২:১-২ পদ)
Acts 6:7 in Assamese 7 তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গ’ল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ল’লে।
Acts 9:1 in Assamese 1 সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,
Acts 13:45 in Assamese 45 কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
Acts 17:6 in Assamese 6 কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি ক’বলৈ ধৰিলে, “যি লোক সকলে সমগ্র জগত উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
Acts 24:5 in Assamese 5 কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ এজন অগ্ৰণী নেতা৷
Acts 28:22 in Assamese 22 কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷”
Romans 9:32 in Assamese 32 কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে;
1 Corinthians 1:23 in Assamese 23 কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতা স্বৰূপ।
2 Corinthians 2:15 in Assamese 15 কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
Hebrews 7:1 in Assamese 1 এই মল্কিচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। অব্রাহামে যেতিয়া ৰজা সকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত অব্ৰাহামৰ সাক্ষাৎ হ’ল আৰু মল্কিচেদকে অব্রাহামক আশীর্বাদ কৰিলে।
Hebrews 7:7 in Assamese 7 এই বিষয়ত কোনো সন্দেহ নাই যে, সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে।
Hebrews 12:1 in Assamese 1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
1 Peter 2:7 in Assamese 7 এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল,
1 Peter 4:14 in Assamese 14 আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।