Luke 16:22 in Assamese 22 কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল, তেতিয়া তেওঁক মৈদাম দিয়া হ’ল৷
Other Translations King James Version (KJV) And it came to pass, that the beggar died, and was carried by the angels into Abraham's bosom: the rich man also died, and was buried;
American Standard Version (ASV) And it came to pass, that the beggar died, and that he was carried away by the angels into Abraham's bosom: and the rich man also died, and was buried.
Bible in Basic English (BBE) And in time the poor man came to his end, and angels took him to Abraham's breast. And the man of wealth came to his end, and was put in the earth.
Darby English Bible (DBY) And it came to pass that the poor man died, and that he was carried away by the angels into the bosom of Abraham. And the rich man also died and was buried.
World English Bible (WEB) It happened that the beggar died, and that he was carried away by the angels to Abraham's bosom. The rich man also died, and was buried.
Young's Literal Translation (YLT) `And it came to pass, that the poor man died, and that he was carried away by the messengers to the bosom of Abraham -- and the rich man also died, and was buried;
Cross Reference 2 Kings 9:34 in Assamese 34 তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ কবৰ দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
Job 3:13 in Assamese 13 কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোহেঁতেন আৰু শান্তি পালোহেতেন।
Job 21:13 in Assamese 13 সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়।
Job 21:30 in Assamese 30 দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
Psalm 49:6 in Assamese 6 সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহঙ্কাৰ কৰে।
Psalm 49:16 in Assamese 16 যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ ধন-সম্পদ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
Psalm 73:18 in Assamese 18 সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।
Psalm 91:11 in Assamese 11 কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতসকলক তোমাৰ বিষয়ে আজ্ঞা দিব।
Proverbs 14:32 in Assamese 32 দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
Ecclesiastes 8:10 in Assamese 10 তাৰ পাছত মই দেখিলো যে, কেনেকৈ দুষ্ট লোকক সন্মানেৰে মৈদাম দিয়া হৈছিল। এই দুষ্ট লোকসকলে পবিত্র স্থানত অহা-যোৱা কৰিছিল; যি নগৰত তেওঁলোকে দুষ্টতাৰ কার্য কৰিছিল, সেই নগৰৰ লোকসকলে তেওঁলোকক প্রশংসা কৰিলে। ইও অসাৰ।
Isaiah 14:18 in Assamese 18 দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
Isaiah 22:16 in Assamese 16 ‘ইয়াত তোমাৰ কি আছে, আৰু তুমি কোন, যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খনিলা? সিও নিজৰ বাবে এটা মৈদাম খানিলে, নিজৰ বাবে শিলত এটা বিশ্রামস্থান ক্ষোদিত কৰিলে’।”
Isaiah 57:1 in Assamese 1 ধাৰ্ম্মিক লোক ধ্বংস হৈছে, কিন্তু ইয়াক কোনেও বিবেচনা নকৰে; আৰু বিশ্বাসযোগ্য চুক্তিৰ লোকসকল আঁতৰি যায়, কিন্তু কোনেও নুবুজে। সেয়ে ধার্ম্মিকসকল পাপৰ পৰা আতৰি যায়।
Matthew 8:11 in Assamese 11 মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
Matthew 13:38 in Assamese 38 পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে দুষ্ট সন্তান।
Matthew 18:10 in Assamese 10 সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
Matthew 24:31 in Assamese 31 তেতিয়া তুৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
Mark 8:36 in Assamese 36 কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ প্ৰাণ হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ?
Luke 12:20 in Assamese 20 কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হ’ব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থ’লা, সেইবোৰ কাৰ হ’ব’?
John 13:23 in Assamese 23 যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল, সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷
John 21:20 in Assamese 20 তেতিয়া পিতৰে মূখ ঘূৰাই, যি জনে ৰাতিৰ ভোজনৰ সময়ত, যীচুৰ বুকুলৈ হাউলি গৈ সুধিছিল, ‘হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে শোধাই দিব’? যীচুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে।
Hebrews 1:14 in Assamese 14 সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? তেওঁলোকক পৰিত্রাণ পাবলগীয়াসকলক পৰিচর্যা কৰিবলৈ পঠোৱা হ’ল।
Hebrews 2:14 in Assamese 14 ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে, সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
James 1:11 in Assamese 11 কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো নিজ উন্নতিৰ মাজতেই মলিন হৈ যাব।
1 Peter 2:24 in Assamese 24 তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠ(ক্ৰুচ)ৰ ওপৰলৈ নিলে৷ তেওঁৰ কোব খোৱা সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
Revelation 14:13 in Assamese 13 পাছত এই স্বৰ্গীয়-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “এয়ে সঁচা।” আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”