Luke 15:13 in Assamese 13 অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।
Other Translations King James Version (KJV) And not many days after the younger son gathered all together, and took his journey into a far country, and there wasted his substance with riotous living.
American Standard Version (ASV) And not many days after, the younger son gathered all together and took his journey into a far country; and there he wasted his substance with riotous living.
Bible in Basic English (BBE) And not long after, the younger son got together everything which was his and took a journey into a far-away country, and there all his money went in foolish living.
Darby English Bible (DBY) And after not many days the younger son gathering all together went away into a country a long way off, and there dissipated his property, living in debauchery.
World English Bible (WEB) Not many days after, the younger son gathered all of this together and traveled into a far country. There he wasted his property with riotous living.
Young's Literal Translation (YLT) `And not many days after, having gathered all together, the younger son went abroad to a far country, and there he scattered his substance, living riotously;
Cross Reference 2 Chronicles 33:1 in Assamese 1 মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পাঁচপন্ন বছৰ ৰাজত্ব কৰিলে।
Job 21:13 in Assamese 13 সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়।
Job 22:17 in Assamese 17 সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?”
Psalm 10:4 in Assamese 4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে “ঈশ্বৰ বুলি কোনো নাই।”
Psalm 73:27 in Assamese 27 কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকাসকলৰ সর্বনাশ হব; তোমাক এৰি অবিশ্বাসীহোৱা সকলোকে তুমি ধ্বংস কৰিবা।
Proverbs 5:8 in Assamese 8 তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।
Proverbs 6:26 in Assamese 26 বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
Proverbs 18:9 in Assamese 9 আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
Proverbs 21:17 in Assamese 17 যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।
Proverbs 21:20 in Assamese 20 জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
Proverbs 23:19 in Assamese 19 হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা, আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা।
Proverbs 27:8 in Assamese 8 নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে।
Proverbs 28:7 in Assamese 7 যি জনে বিধান পালন কৰে, তেওঁ সুবিবেচনা থকা সন্তানৰ দৰে; কিন্তু যি জনৰ ভোজনবিলাসী সঙ্গী থাকে, তেওঁ নিজৰ পিতৃক লাজ দিয়ে।
Proverbs 29:3 in Assamese 3 যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে; কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে।
Ecclesiastes 11:9 in Assamese 9 হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।
Isaiah 1:4 in Assamese 4 হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তানসকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।
Isaiah 22:13 in Assamese 13 কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উৎযাপন, উল্লাস, পহু বধ, ভেড়া বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোহঁক, কিয়নো কাইলৈ আমি মৰিম।”
Isaiah 30:11 in Assamese 11 গতিপথৰ পাৰ ঘূৰি আঁহা, পথৰ পৰা ঘূৰি আঁহা; ইস্ৰায়েলৰ পবিত্ৰ জনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা।”
Isaiah 56:12 in Assamese 12 তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।”
Jeremiah 2:5 in Assamese 5 যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ, অসাৰৰ পাছত চলি অসাৰ হল?
Jeremiah 2:13 in Assamese 13 কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
Jeremiah 2:17 in Assamese 17 তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
Jeremiah 2:31 in Assamese 31 তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা। ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লোঁ, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’
Amos 6:3 in Assamese 3 তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
Micah 6:3 in Assamese 3 “হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ? মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ? মোৰ অহিতে সাক্ষ্য দিয়া।
Luke 15:30 in Assamese 30 কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰছ কৰি, এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘূৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰীটো মাৰিলে’।
Luke 16:1 in Assamese 1 যীচুৱে শিষ্য সকলক ক’লে, “এজন ধনী মানুহৰ এজন তত্বাৱধায়ক আছিল, এই তত্বাৱধায়ক জনে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে৷
Luke 16:19 in Assamese 19 কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷
Romans 13:13 in Assamese 13 বন্য অনুষ্ঠান (মত্ততা), ৰঙ্গৰস, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।
Ephesians 2:13 in Assamese 13 আগেয়ে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।
Ephesians 2:17 in Assamese 17 খ্রীষ্টই আহি আপোনালোক যি সকল দুৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।
1 Peter 4:3 in Assamese 3 যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰি আহিলে, সেয়াই যথেষ্ট৷
2 Peter 2:13 in Assamese 13 নিজৰ অধাৰ্মিক কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল আপোনালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে;