Luke 13:35 in Assamese 35 চাওক, আপোনালোকৰ ঘৰ ধ্বংস হৈ গৈছে; মই আপোনালোকক কওঁ, যেতিয়ালৈকে আপোনালোকে এই কথা নকয়, ‘প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য’, তেতিয়ালৈকে আপোনালোকে মোক দেখিবলৈ নাপাব।”
Other Translations King James Version (KJV) Behold, your house is left unto you desolate: and verily I say unto you, Ye shall not see me, until the time come when ye shall say, Blessed is he that cometh in the name of the Lord.
American Standard Version (ASV) Behold, your house is left unto you `desolate': and I say unto you, Ye shall not see me, until ye shall say, Blessed is he that cometh in the name of the Lord.
Bible in Basic English (BBE) Now see, your house is waste, and I say to you, You will not see me again till you say, A blessing on him who comes in the name of the Lord.
Darby English Bible (DBY) Behold, your house is left unto you; and I say unto you, that ye shall not see me until it come that ye say, Blessed [is] he that comes in the name of [the] Lord.
World English Bible (WEB) Behold, your house is left to you desolate. I tell you, you will not see me, until you say, 'Blessed is he who comes in the name of the Lord!'"
Young's Literal Translation (YLT) `Lo, your house is being left to you desolate, and verily I say to you -- ye may not see me, till it may come, when ye may say, Blessed `is' he who is coming in the name of the Lord.'
Cross Reference Leviticus 26:31 in Assamese 31 মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম, তোমালোকৰ ধৰ্ম্মধামবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ সুগন্ধ বস্তুৰ ঘ্ৰাণ গ্ৰহণ নকৰিম।
Psalm 69:25 in Assamese 25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
Psalm 118:26 in Assamese 26 ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে; আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ।
Isaiah 1:7 in Assamese 7 তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
Isaiah 5:5 in Assamese 5 মই মোৰ দ্ৰাক্ষা-বাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
Isaiah 40:9 in Assamese 9 হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষনা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”
Isaiah 52:7 in Assamese 7 বার্তাবাহক যি জনে শুভবাৰ্ত্তা আনে, যি জনে শান্তি প্ৰচাৰ কৰে, যি জনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যি জনে পৰিত্ৰাণ ঘোষনা কৰে, যি জনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ !
Isaiah 64:10 in Assamese 10 তোমাৰ পবিত্ৰ নগৰবোৰ অৰণ্য হৈ পৰিছে; চিয়োন অৰণ্য হৈ গ’ল; যিৰূচালেম ধ্বংসস্থান হ’ল।
Jeremiah 22:5 in Assamese 5 কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।
Daniel 9:26 in Assamese 26 বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
Hosea 3:4 in Assamese 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Micah 3:12 in Assamese 12 এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।
Zechariah 11:1 in Assamese 1 হে লিবানোন, অগ্নিয়ে তোমাৰ এৰচ গছবোৰ গ্ৰাস কৰিবৰ কাৰণে তোমাৰ দুৱাৰবোৰ মুকলি কৰা!
Zechariah 12:10 in Assamese 10 আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
Zechariah 14:2 in Assamese 2 কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
Matthew 21:9 in Assamese 9 আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
Mark 11:9 in Assamese 9 যি সকল লোক তেওঁৰ আগে-পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক’বলৈ ধৰিলে, ‘হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
Luke 19:38 in Assamese 38 বোলে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”
Luke 21:5 in Assamese 5 পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,
Luke 21:24 in Assamese 24 তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
John 7:34 in Assamese 34 আপোনালোকে মোক বিচাৰিব, কিন্তু নাপাব; আৰু মই যি ঠাইলৈ যাম, আপোনালোক তালৈ যাব নোৱাৰিব।”
John 8:22 in Assamese 22 তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
John 12:13 in Assamese 13 তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”
John 12:35 in Assamese 35 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।
John 14:19 in Assamese 19 অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
Acts 6:13 in Assamese 13 তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে নিন্দাজনক কথা ক’বলৈ নেৰে।
Romans 10:9 in Assamese 9 কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।
2 Corinthians 3:15 in Assamese 15 কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে।