Luke 12:20 in Assamese 20 কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হ’ব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থ’লা, সেইবোৰ কাৰ হ’ব’?
Other Translations King James Version (KJV) But God said unto him, Thou fool, this night thy soul shall be required of thee: then whose shall those things be, which thou hast provided?
American Standard Version (ASV) But God said unto him, Thou foolish one, this night is thy soul required of thee; and the things which thou hast prepared, whose shall they be?
Bible in Basic English (BBE) But God said to him, You foolish one, tonight I will take your soul from you, and who then will be the owner of all the things which you have got together?
Darby English Bible (DBY) But God said to him, Fool, this night thy soul shall be required of thee; and whose shall be what thou hast prepared?
World English Bible (WEB) "But God said to him, 'You foolish one, tonight your soul is required of you. The things which you have prepared--whose will they be?'
Young's Literal Translation (YLT) `And God said to him, Unthinking one! this night thy soul they shall require from thee, and what things thou didst prepare -- to whom shall they be?
Cross Reference Exodus 16:9 in Assamese 9 মোচিয়ে হাৰোণক ক’লে, “আপুনি ইস্ৰায়েলী লোকসকলৰ সমাজক কওক, ‘আপোনালোক যিহোৱাৰ ওচৰলৈ চাপি আহক; কাৰণ তেওঁ আপোনালোকৰ অভিযোগ শুনিলে।”
1 Samuel 25:36 in Assamese 36 তাৰ পাছত অবীগল নাবলৰ ওচৰলৈ আহিল; আৰু চালে, যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিলা আৰু তেওঁৰ মন প্ৰফুল্লিত হৈ আছিল; এই হেতুকে অবীগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নক’লে।
2 Samuel 13:28 in Assamese 28 অবচালোমে তেওঁৰ দাসসকলক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”
1 Kings 16:9 in Assamese 9 পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
Esther 5:11 in Assamese 11 হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্চৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্রৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক’লে; আৰু ৰজাই কি দৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে; এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক’লে।
Esther 8:1 in Assamese 1 সেই দিনা ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক ইহুদী সকলৰ শত্ৰু হামনৰ সা-সম্পত্তি দিলে। যিহেতু ইষ্টেৰে মৰ্দখয়ৰ লগত তেওঁৰ সম্পৰ্ক কি, সেই বিষয়ে ৰজাক জনাইছিল। সেয়েহে মৰ্দখয়ে ৰজাৰ পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে।
Job 20:20 in Assamese 20 তাৰ পেট কেতিয়াও তৃপ্ত নহয়; এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব।
Job 27:8 in Assamese 8 কিয়নো, যেতিয়া অধৰ্ম্মীৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
Job 27:16 in Assamese 16 যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,
Psalm 39:6 in Assamese 6 বাস্তবিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
Psalm 49:17 in Assamese 17 কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব ।
Psalm 52:5 in Assamese 5 কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
Psalm 73:19 in Assamese 19 তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়! নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হব।
Psalm 78:30 in Assamese 30 কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই
Proverbs 11:4 in Assamese 4 ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
Proverbs 28:8 in Assamese 8 যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে, সেই জনে দৰিদ্র লোকক দয়া কৰা লোকৰ বাবে সেই ধন সাঁচে।
Ecclesiastes 2:18 in Assamese 18 সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।
Ecclesiastes 5:14 in Assamese 14 দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
Jeremiah 17:11 in Assamese 11 ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালী গোটোৱা কইৰা চৰাইৰ নিচিনা; তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব।
Daniel 5:1 in Assamese 1 বেলচচৰ ৰজাই তেওঁৰ এক হাজাৰ প্ৰধান লোকৰ বাবে এটা বৰ ভোজ দিলে, আৰু সেই এক হাজাৰ লোকৰ সাক্ষাতে তেওঁ দ্ৰাক্ষাৰস পান কৰিলে।
Daniel 5:25 in Assamese 25 লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।”
Nahum 1:10 in Assamese 10 কিয়নো, সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হলেও, সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ’ব।
Matthew 24:48 in Assamese 48 কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে, এই বুলি সেই দুষ্ট দাসে মনতে কৈ,
Luke 11:40 in Assamese 40 হে নির্ব্বোধ সকল! যিজনে বাহিৰফাল নির্মাণ কৰিলে, সেইজনে ভিতৰফালো নির্মাণ নকৰিলে নে?
Luke 16:22 in Assamese 22 কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল, তেতিয়া তেওঁক মৈদাম দিয়া হ’ল৷
1 Thessalonians 5:3 in Assamese 3 যেতিয়া লোক সকলে ‘শান্তি আৰু নিৰাপত্তা’ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
1 Timothy 6:7 in Assamese 7 কিয়নো আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷
James 4:14 in Assamese 14 কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপস্বৰূপ৷