Luke 12:15 in Assamese 15 তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
Other Translations King James Version (KJV) And he said unto them, Take heed, and beware of covetousness: for a man's life consisteth not in the abundance of the things which he possesseth.
American Standard Version (ASV) And he said unto them, Take heed, and keep yourselves from all covetousness: for a man's life consisteth not in the abundance of the things which he possesseth.
Bible in Basic English (BBE) And he said to them, Take care to keep yourselves free from the desire for property; for a man's life is not made up of the number of things which he has.
Darby English Bible (DBY) And he said to them, Take heed and keep yourselves from all covetousness, for [it is] not because a man is in abundance [that] his life is in his possessions.
World English Bible (WEB) He said to them, "Beware! Keep yourselves from covetousness, for a man's life doesn't consist of the abundance of the things which he possesses."
Young's Literal Translation (YLT) And he said unto them, `Observe, and beware of the covetousness, because not in the abundance of one's goods is his life.'
Cross Reference Joshua 7:21 in Assamese 21 লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।”
Job 2:4 in Assamese 4 তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে।
Job 31:24 in Assamese 24 মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,
Psalm 10:3 in Assamese 3 দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
Psalm 37:16 in Assamese 16 দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, ধাৰ্ম্মিকৰ অলপ সম্পত্তিয়েই ভাল।
Psalm 62:10 in Assamese 10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনাকৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হবলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
Psalm 119:36 in Assamese 36 তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।
Proverbs 15:16 in Assamese 16 বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
Proverbs 16:16 in Assamese 16 সোণতকৈ প্ৰজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
Proverbs 23:4 in Assamese 4 ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
Proverbs 28:16 in Assamese 16 বিবেচনা শক্তি নথকা শাসনকৰৰ্ত্তা অত্যাচাৰী হয়; কিন্তু যিজনে অসাধুতাক ঘিণ কৰে, তেওঁ দীৰ্ঘজীৱি হয়।
Ecclesiastes 4:6 in Assamese 6 বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
Ecclesiastes 5:10 in Assamese 10 যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
Jeremiah 6:13 in Assamese 13 কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত, আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য্য কৰে।
Jeremiah 22:17 in Assamese 17 কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত, আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
Micah 2:2 in Assamese 2 তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীক অত্যাচাৰ কৰে।
Habakkuk 2:9 in Assamese 9 যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে, সেই জনৰ সন্তাপ হ’ব। দুষ্টৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ, তেওঁ ওখ ঠাইত নিজৰ আশ্রয়স্থান স্থাপন কৰে।’
Matthew 6:25 in Assamese 25 এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’, এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’, এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
Mark 7:22 in Assamese 22 পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
Luke 8:14 in Assamese 14 আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত, এওঁলোকৰ একো ফল সিদ্ধ নহয়।
Luke 16:14 in Assamese 14 এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷
Luke 21:34 in Assamese 34 কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
1 Corinthians 5:10 in Assamese 10 কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হ’লে, আপোনালোক জগতৰে বাহিৰ হ’ব লগা হ’ব।
1 Corinthians 6:10 in Assamese 10 যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রৱঞ্চক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।
Ephesians 5:3 in Assamese 3 আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;
Colossians 3:5 in Assamese 5 এতেকে আপোনালোকে জাগতিক সকলো বিষয়কে মাৰি পেলাওঁক; ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভৰ দৰে মূৰ্তিপূজা,
1 Timothy 6:6 in Assamese 6 কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।
2 Timothy 3:2 in Assamese 2 কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,
Hebrews 13:5 in Assamese 5 আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, ‘মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম’।
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
2 Peter 2:14 in Assamese 14 সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ প্ৰাণ কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত সন্তান।