Luke 11:9 in Assamese 9 মই তোমালোকক পুনৰ কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।
Other Translations King James Version (KJV) And I say unto you, Ask, and it shall be given you; seek, and ye shall find; knock, and it shall be opened unto you.
American Standard Version (ASV) And I say unto you, Ask, and it shall be given you; seek, and ye shall find; knock, and it shall be opened unto you.
Bible in Basic English (BBE) And I say to you, Make requests, and they will be answered; what you are searching for, you will get; when you give the sign, the door will be open to you.
Darby English Bible (DBY) And *I* say to you, Ask, and it shall be given to you; seek, and ye shall find; knock, and it shall be opened to you.
World English Bible (WEB) "I tell you, keep asking, and it will be given you. Keep seeking, and you will find. Keep knocking, and it will be opened to you.
Young's Literal Translation (YLT) and I say to you, Ask, and it shall be given to you; seek, and ye shall find; knock, and it shall be opened to you;
Cross Reference Psalm 27:4 in Assamese 4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছো, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰো।
Psalm 27:8 in Assamese 8 মোৰ হৃদয়ে (তুমি কোৱা) তোমাৰ এই কথাকে ক’লে, “আঁহা, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচৰা!” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
Psalm 34:4 in Assamese 4 মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
Psalm 34:10 in Assamese 10 যুবা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
Psalm 50:15 in Assamese 15 সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
Psalm 105:3 in Assamese 3 তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।
Psalm 118:5 in Assamese 5 মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।
Song of Solomon 3:1 in Assamese 1 কইনাৰ সপোন: ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; মই তেওঁক বিচাৰিলো, কিন্তু নাপালো;
Song of Solomon 5:6 in Assamese 6 মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলো; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলো, কিন্তু নাপালো; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
Isaiah 45:19 in Assamese 19 মই গুপুতে অন্ধকাৰময় কোনো ঠাইত কথা কোৱা নাই; ‘মোক নিৰর্থক ভাবে বিচাৰা,’ এই বুলি মই যাকোবৰ বংশক কোৱা নাই! মই যিহোৱাই, যি আন্তৰিকতাৰে কওঁ, যি সত্য মই তাক ঘোষনা কৰোঁ।
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Jeremiah 29:12 in Assamese 12 আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
Jeremiah 33:3 in Assamese 3 ‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
Daniel 9:3 in Assamese 3 তেতিয়া মই লঘোণ দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কিৰিলোঁ।
Amos 5:4 in Assamese 4 যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, “তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
Matthew 6:29 in Assamese 29 তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।
Matthew 7:7 in Assamese 7 খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
Matthew 21:22 in Assamese 22 তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
Matthew 21:31 in Assamese 31 এই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?” তেওঁলোকে ক’লে, “প্ৰথম জনে।” যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে আপোনালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
Mark 11:24 in Assamese 24 এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,
Mark 13:37 in Assamese 37 মই তোমালোকক কি কি ক’ব লাগে, সেই সকলোবোৰকে কলোঁ, পৰ দি থাকা৷”
Luke 13:24 in Assamese 24 “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা। মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
John 1:45 in Assamese 45 ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচি আৰু ভাৱবাদী সকলে যি জনৰ বিষয়ে বিধান-শাস্ত্ৰত লিখিছিল, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।
John 4:10 in Assamese 10 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে, ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
John 14:13 in Assamese 13 তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।
John 15:7 in Assamese 7 তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহলে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হ’ব।
John 15:16 in Assamese 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
John 16:23 in Assamese 23 সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
Acts 10:4 in Assamese 4 তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই ক’লে, ‘কি কয় প্ৰভু’? দূতে তেওঁক ক’লে, ‘তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ’ল৷
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
2 Corinthians 6:2 in Assamese 2 কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাক মনযোগ দিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্ৰাণৰ দিন৷
2 Corinthians 12:8 in Assamese 8 সেই কাঁইট মোৰ পৰা যেন দূৰ হয়, সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ।
Hebrews 4:16 in Assamese 16 এতেকে সাহসিকতাৰ সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হ’বলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
Hebrews 11:6 in Assamese 6 কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
James 1:5 in Assamese 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্বৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
James 5:15 in Assamese 15 তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক ৰক্ষা কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
1 John 3:22 in Assamese 22 আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ৷ কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
1 John 5:14 in Assamese 14 এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
Revelation 2:24 in Assamese 24 কিন্তু থুয়াতীৰাত অৱশিষ্ট থকা তোমালোকৰ যি সকলে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু কিছুমানে কোৱা চয়তানৰ গভীৰ বিষয়বোৰক তোমালোকৰ যি সকলে নাজানা, তেওঁলোকক মই কওঁ- তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ,