Leviticus 24:11 in Assamese 11 তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক।
Other Translations King James Version (KJV) And the Israelitish woman's son blasphemed the name of the Lord, and cursed. And they brought him unto Moses: (and his mother's name was Shelomith, the daughter of Dibri, of the tribe of Dan:)
American Standard Version (ASV) and the son of the Israelitish woman blasphemed the Name, and cursed; and they brought him unto Moses. And his mother's name was Shelomith, the daughter of Dibri, of the tribe of Dan.
Bible in Basic English (BBE) And the son of the Israelite woman said evil against the holy Name, with curses; and they took him to Moses. His mother's name was Shelomith, the daughter of Dibri, of the tribe of Dan.
Darby English Bible (DBY) and the Israelitish woman's son blasphemed the Name, and cursed; and they brought him to Moses. And his mother's name was Shelomith, the daughter of Dibri, of the tribe of Dan.
Webster's Bible (WBT) And the Israelitish woman's son blasphemed the name of the LORD, and cursed: and they brought him to Moses: (and his mother's name was Shelomith, the daughter of Dibri, of the tribe of Dan:)
World English Bible (WEB) The son of the Israelite woman blasphemed the Name, and cursed; and they brought him to Moses. His mother's name was Shelomith, the daughter of Dibri, of the tribe of Dan.
Young's Literal Translation (YLT) and the son of the Israelitish woman execrateth the Name, and revileth; and they bring him in unto Moses; and his mother's name `is' Shelomith daughter of Dibri, of the tribe of Dan;
Cross Reference Exodus 3:15 in Assamese 15 ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচাহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
Exodus 18:22 in Assamese 22 তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।
Exodus 18:26 in Assamese 26 তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।
Exodus 20:7 in Assamese 7 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব।
Leviticus 24:15 in Assamese 15 আৰু তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব।
Numbers 15:33 in Assamese 33 আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
2 Samuel 12:14 in Assamese 14 কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
1 Kings 21:10 in Assamese 10 তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।
1 Kings 21:13 in Assamese 13 আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
2 Kings 18:30 in Assamese 30 হিষ্কিয়াই যেন এই কথা কৈ যিহোৱাৰ ওপৰত আপোনালোকক ভাৰসা নিদিয়ে যে, “যিহোৱাই আমাক অৱশ্যেই উদ্ধাৰ কৰিব; অচূৰৰ ৰজাৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিব।”
2 Kings 18:35 in Assamese 35 সেই দেশবোৰৰ সকলো দেৱতাৰ মাজত এনে কোনো দেৱতা আছে যেয়ে মোৰ অধিকাৰৰ পৰা নিজৰ দেশ উদ্ধাৰ কৰিলে; যিহোৱাইনো মোৰ শক্তিৰ পৰা যিৰূচালেমক কেনেকৈ উদ্ধাৰ কৰিব পাৰিব?”
2 Kings 18:37 in Assamese 37 তাৰ পাছত ৰাজগৃহৰ ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজলিখক চেবনা আৰু ইতিহাস-লিখক আচফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিষ্কিয়াৰ ওচৰলৈ গ’ল আৰু ৰবচাকিৰ কথা জনালে।
2 Kings 19:6 in Assamese 6 তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, “আপোনালোকৰ প্ৰভুক ক’ব যে, যিহোৱাই কৈছে, ‘তুমি যি শুনিছা অর্থাৎ অচুৰৰ ৰজাৰ দাসবোৰে মোক যি সকলো ঠাট্টা-বিদ্রূপ কৰিছে, তালৈ তুমি ভয় নকৰিবা।
2 Kings 19:10 in Assamese 10 “তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”
2 Kings 19:22 in Assamese 22 তুমি কাক অপমান কৰিলা? কাক নিন্দা কৰিলা? তুমি কাৰ বিৰুদ্ধে চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা? ইস্ৰায়েলৰ পবিত্ৰজনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
2 Chronicles 32:14 in Assamese 14 মোৰ ওপৰ পিতৃসকলে যিবোৰ জাতিক নিঃশেষে সংহাৰ কৰিছিল, তেওঁলোকৰ সকলো দেৱতাবোৰৰ মাজত কোনে নিজ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল যে, তোমালোকৰ ঈশ্বৰে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰে?
Job 1:5 in Assamese 5 পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পৱিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়েহে ইয়োবে সদায় এইদৰে কৰে।
Job 1:11 in Assamese 11 কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
Job 1:22 in Assamese 22 এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে।
Job 2:5 in Assamese 5 কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
Job 2:9 in Assamese 9 পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।”
Psalm 74:18 in Assamese 18 হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাত্তা নিন্দা কৰিছে; মূর্খ লোকসকলে যে তোমাৰ নাম অনাদৰ কৰিছে।
Psalm 74:22 in Assamese 22 হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খব্যক্তিযে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
Isaiah 8:21 in Assamese 21 তেওঁলোক দুখিত ও ক্ষুধিত হৈ দেশৰ মাজেদি যাব। তেওঁলোকৰ যেতিয়া ভোক লাগিব, তেতিয়া তেওঁলোকৰ খং উঠিব; আৰু তেওঁলোকৰ মুখ ওপৰলৈ কৰি নিজৰ ৰজা আৰু নিজৰ ঈশ্বৰক শাও দিব।
Matthew 26:65 in Assamese 65 তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে ঈশ্বৰ নিন্দা শুনিলা।
Acts 6:11 in Assamese 11 তেতিয়া তেওঁলোকে কিছুমান লোকক গুপুতে উচটাই এই বুলি ক’বলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।”
Romans 2:24 in Assamese 24 কিয়নো ‘ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে’, ঠিক এনেদৰে লিখাও আছে৷
1 Timothy 1:13 in Assamese 13 যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে; কাৰণ মই নুবুজি, বিশ্বাস নকৰাকৈ সেইবোৰ কৰিছিলোঁ৷
Revelation 16:11 in Assamese 11 আৰু নিজ নিজ বেদনা আৰু ঘা বোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি নিজ নিজ কৰ্মৰ পৰা মন-পালটন নকৰিলে।
Revelation 16:21 in Assamese 21 আৰু মানুহৰ ওপৰত, আকাশৰ পৰা পঞ্চাশ কিলোগ্ৰাম, পঞ্চাশ কিলোগ্ৰাম, গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।