Leviticus 18:21 in Assamese 21 তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
Other Translations King James Version (KJV) And thou shalt not let any of thy seed pass through the fire to Molech, neither shalt thou profane the name of thy God: I am the LORD.
American Standard Version (ASV) And thou shalt not give any of thy seed to make them pass through `the fire' to Molech; neither shalt thou profane the name of thy God: I am Jehovah.
Bible in Basic English (BBE) And you may not make any of your children go through the fire as an offering to Molech, and you may not put shame on the name of your God: I am the Lord.
Darby English Bible (DBY) And thou shalt not give of thy seed to let them pass through [the fire] to Molech, neither shalt thou profane the name of thy God: I am Jehovah.
Webster's Bible (WBT) And thou shalt not let any of thy seed pass through the fire to Molech, neither shalt thou profane the name of thy God: I am the LORD.
World English Bible (WEB) "'You shall not give any of your children to sacrifice to Molech; neither shall you profane the name of your God: I am Yahweh.
Young's Literal Translation (YLT) `And of thy seed thou dost not give to pass over to the Molech; nor dost thou pollute the name of thy God; I `am' Jehovah.
Cross Reference Leviticus 19:12 in Assamese 12 আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা।
Leviticus 20:2 in Assamese 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তানসকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব।
Leviticus 21:6 in Assamese 6 তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।
Leviticus 22:2 in Assamese 2 “ইস্ৰায়েলৰ সন্তানসকলে মোৰ উদ্দেশ্যে যি বস্তু পবিত্ৰ কৰে, তাৰ পৰা যেন নিজকে পৃথকে ৰাখে আৰু মোৰ পবিত্ৰ নাম যেন অপবিত্ৰ নকৰে, এনে আজ্ঞা তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিয়া। মই যিহোৱা।
Leviticus 22:32 in Assamese 32 আৰু তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ নকৰিবা; কিন্তু মই ইস্ৰায়েলৰ সন্তানসকলৰ মাজত পবিত্ৰীকৃত হ’ম। তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা ময়েই।
Deuteronomy 12:31 in Assamese 31 আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।
Deuteronomy 18:10 in Assamese 10 আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে,
1 Kings 11:7 in Assamese 7 সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তানসকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
1 Kings 11:33 in Assamese 33 কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চিদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তানসকলৰ মিলকম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
2 Kings 16:3 in Assamese 3 কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
2 Kings 21:6 in Assamese 6 তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধান্বিত কৰিছিল।
2 Kings 23:10 in Assamese 10 কোনেও যাতে মোলক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোমবলি দিব নোৱাৰে, সেয়ে ৰজা যোচিয়াই বেন-হিন্নোমৰ উপত্যকাত থকা তোফৎ নামৰ পূজাৰ ঠাইক অপবিত্র কৰি দিলে।
Psalm 106:37 in Assamese 37 এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।
Jeremiah 7:31 in Assamese 31 আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।
Jeremiah 19:5 in Assamese 5 তেওঁলোকে বালৰ উদ্দেশ্যে হোম-বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ, বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ, বা মোৰ মনত উদয়ো হোৱা নাছিল।
Ezekiel 20:31 in Assamese 31 আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তানসকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাললোকক মোক সুধিবলৈ নিদিওঁ।”’”
Ezekiel 23:37 in Assamese 37 কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তানসকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে!
Ezekiel 36:20 in Assamese 20 তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
Amos 5:26 in Assamese 26 বৰং তোমালোকে নিজে নির্মাণ কৰা তোমালোকৰ ৰজা-দেৱতা চিক্কুত আৰু তৰা-দেৱতা কিয়ুনৰ মূর্তিক বৈ লৈ গৈছিলা।
Malachi 1:12 in Assamese 12 “কিন্তু, তোমালোকেই ইয়াক অপবিত্র কৰিছা; কিয়নো তোমালোকে কৈছা, যিহোৱাৰ মেজ অশুচি; সেই মেজৰ ফল আৰু তাৰ খাদ্যক ঘৃণা কৰা হ’ব।
Acts 7:43 in Assamese 43 তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ উপাসনা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে পঠিয়াই দিম’।
Romans 1:23 in Assamese 23 আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
Romans 2:24 in Assamese 24 কিয়নো ‘ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে’, ঠিক এনেদৰে লিখাও আছে৷