Leviticus 12 in Assamese

1 পাছত যিহোৱাই মোচিক ক’লে,

2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, “কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব।

3 পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব।

4 আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্ম্মধামত নোসোমাব।

5 যদি তাইৰ ছোৱালী হয়, তেতিয়া তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰে দুসপ্তাহ অশুচি হৈ থাকিব; আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ কাৰণে তাইক ছয়ষষ্টি দিন ৰখিব লাগিব।

6 পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’লে, তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া ভেড়া পোৱালি, আৰু পাপাথৰ্ক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।

7 তেতিয়া পুৰোহিত জনে যিহোৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি, সেই মহিলা গৰাকীক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ’ব। ল’ৰা বা ছোৱালী প্ৰসৱ কৰা মহিলাসকলৰ কাৰণে এই নিয়ম।

8 যদি তাই ভেড়া পোৱালি আনিবলৈ অসমৰ্থ হয়, তেতিয়া তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই শুচি হ’ব’।”