Leviticus 10:3 in Assamese 3 তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম’।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
Other Translations King James Version (KJV) Then Moses said unto Aaron, This is it that the LORD spake, saying, I will be sanctified in them that come nigh me, and before all the people I will be glorified. And Aaron held his peace.
American Standard Version (ASV) Then Moses said unto Aaron, This is it that Jehovah spake, saying, I will be sanctified in them that come nigh me, and before all the people I will be glorified. And Aaron held his peace.
Bible in Basic English (BBE) Then Moses said to Aaron, This is what the Lord said, I will be holy in the eyes of all those who come near to me, and I will be honoured before all the people. And Aaron said nothing.
Darby English Bible (DBY) And Moses said to Aaron, This is what Jehovah spoke, saying, I will be hallowed in them that come near me, and before all the people I will be glorified. And Aaron was silent.
Webster's Bible (WBT) Then Moses said to Aaron, This is what the LORD spoke, saying, I will be sanctified in them that come nigh me, and before all the people I will be glorified. And Aaron held his peace.
World English Bible (WEB) Then Moses said to Aaron, "This is what Yahweh spoke of, saying, "'I will show myself holy to those who come near me, And before all the people I will be glorified.'" Aaron held his peace.
Young's Literal Translation (YLT) And Moses saith unto Aaron, `It `is' that which Jehovah hath spoken, saying, By those drawing near to Me I am sanctified, and in the face of all the people I am honoured;' and Aaron is silent.
Cross Reference Genesis 18:25 in Assamese 25 ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্ম্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্ম্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
Exodus 14:4 in Assamese 4 মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্যসমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
Exodus 19:22 in Assamese 22 যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমন নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”
Exodus 29:43 in Assamese 43 সেই ঠাইতে মই ইস্ৰায়েলী লোকসকলৰ সৈতে সাক্ষাৎ কৰিম; তাতে মোৰ প্ৰতাপৰ দ্বাৰাই সেই তম্বু পবিত্ৰকৃত হ’ব।
Leviticus 8:35 in Assamese 35 এই হেতুকে তোমালোকে মৰা নপৰিবৰ বাবে, সাত দিনলৈকে দিনে ৰাতিয়ে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থাকি পাৰ্য্যমানে যিহোৱাৰ পালনীয়াখিনি পালন কৰিবা, কিয়নো মই এনে আজ্ঞা পালো।”
Leviticus 21:6 in Assamese 6 তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।
Leviticus 21:8 in Assamese 8 এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ “ভক্ষ্য দ্ৰব্য” উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোতাঁ যিহোৱা যি মই, মই পবিত্ৰ।
Leviticus 21:15 in Assamese 15 তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।”
Leviticus 21:17 in Assamese 17 “তুমি হাৰোণক কোৱা, ‘পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
Leviticus 21:21 in Assamese 21 আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
Leviticus 22:9 in Assamese 9 এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেষবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে, তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা।
Numbers 20:12 in Assamese 12 তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোত দৃঢ়ৰূপে বিশ্বাস নকৰিলা; এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা।
Deuteronomy 32:51 in Assamese 51 কিয়নো ছীন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েলীয়া সন্তানসকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েলীয়া সন্তানসকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
1 Samuel 2:30 in Assamese 30 সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতাসকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতাসকলক হেয়জ্ঞান কৰা হ’ব।
1 Samuel 3:18 in Assamese 18 তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
1 Samuel 6:20 in Assamese 20 বৈৎ-চেমচৰ লোকসকলে ক’লে, “এই পবিত্ৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত কোনে থিয় হ’ব পাৰিব? আৰু তেওঁ আমাৰ পৰা কাৰ ওচৰলৈ যাব?”
1 Chronicles 15:12 in Assamese 12 তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছো, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰো, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্র কৰা।
Job 1:20 in Assamese 20 তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে,
Job 2:10 in Assamese 10 তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।
Psalm 39:9 in Assamese 9 মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
Psalm 46:10 in Assamese 10 যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
Psalm 89:7 in Assamese 7 পবিত্ৰ দূতসকলৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভীতিজনক।
Psalm 119:120 in Assamese 120 তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
Isaiah 39:8 in Assamese 8 তেতিয়া হিষ্কিয়াই যিচয়াক ক’লে, “তুমি যিহোৱাৰ যি বাক্য ক’লা, সেয়ে উত্তম।” কাৰণ তেওঁ ভাবিলে যে, “মোৰ দিনত সেই ঠাইত শান্তি আৰু স্থিৰতা হ’ব।
Isaiah 49:3 in Assamese 3 তেওঁ মোক ক’লে,“ইস্রায়েল তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম।”
Isaiah 52:11 in Assamese 11 তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।
Ezekiel 20:41 in Assamese 41 যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
Ezekiel 28:22 in Assamese 22 আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!
Ezekiel 42:13 in Assamese 13 তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।
Matthew 10:37 in Assamese 37 যিকোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়।
John 12:28 in Assamese 28 হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা।” তেতিয়া স্বর্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম।”
John 13:31 in Assamese 31 যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গল, যীচুৱে ক’লে, “এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হ’ল৷
John 14:13 in Assamese 13 তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।
Acts 5:11 in Assamese 11 মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
2 Thessalonians 1:10 in Assamese 10 সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।
Hebrews 12:28 in Assamese 28 যিহেতু আমি অলৰ ৰাজ্যৰ অধিকাৰী হ’লো; সেয়েহে আহক, প্ৰশংসা আৰু ভক্তিপূৰ্ণ ভয়েৰে সৈতে গ্ৰহণযোগ্যভাবে ঈশ্বৰৰ কৃতজ্ঞতা স্বীকাৰ আৰু আৰাধনা কৰোঁহক;
1 Peter 4:17 in Assamese 17 কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?