Leviticus 10:1 in Assamese 1 পাছত হাৰোণৰ পুত্ৰ নাদৰ আৰু অবীহুৱে নিজ নিজ আঙঠা ধৰা লৈ, তাত জুই ৰাখি তাৰ ওপৰত ধূঁপ দি, যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিলে।
Other Translations King James Version (KJV) And Nadab and Abihu, the sons of Aaron, took either of them his censer, and put fire therein, and put incense thereon, and offered strange fire before the LORD, which he commanded them not.
American Standard Version (ASV) And Nadab and Abihu, the sons of Aaron, took each of them his censer, and put fire therein, and laid incense thereon, and offered strange fire before Jehovah, which he had not commanded them.
Bible in Basic English (BBE) And Nadab and Abihu, the sons of Aaron, took their vessels and put fire in them and perfume, burning strange fire before the Lord, which he had not given them orders to do.
Darby English Bible (DBY) And the sons of Aaron, Nadab and Abihu, took each of them his censer, and put fire in it, and put incense on it, and presented strange fire before Jehovah, which he had not commanded them.
Webster's Bible (WBT) And Nadab and Abihu, the sons of Aaron, took each of them his censer, and put fire in it, and put incense on it, and offered strange fire before the LORD, which he commanded them not.
World English Bible (WEB) Nadab and Abihu, the sons of Aaron, each took his censer, and put fire in it, and laid incense on it, and offered strange fire before Yahweh, which he had not commanded them.
Young's Literal Translation (YLT) And the sons of Aaron, Nadab and Abihu, take each his censer, and put in them fire, and put on it perfume, and bring near before Jehovah strange fire, which He hath not commanded them;
Cross Reference Exodus 6:23 in Assamese 23 হাৰোণে অম্মীনাদবৰ জীয়েক নহচোণৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহো, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।
Exodus 24:1 in Assamese 1 যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
Exodus 24:9 in Assamese 9 তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
Exodus 27:3 in Assamese 3 তুমি যজ্ঞবেদীৰ সকলো সামগ্রী তৈয়াৰ কৰিবা: ছাঁই পেলোৱা পাত্ৰ, হেঁতা, চৰিয়া, মাংস খুচা যাঠি, আৰু জুই ধৰা পাত্ৰ। সেই সকলো সঁজুলি পিতলেৰে গঢ়াবা।
Exodus 28:1 in Assamese 1 পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।
Exodus 30:1 in Assamese 1 তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা।
Exodus 30:34 in Assamese 34 যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।
Exodus 31:11 in Assamese 11 অভিষেক তেল, আৰু পবিত্ৰস্থানৰ বাবে মধুৰ সুগন্ধি ধূপ। মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ, সেইদৰেই শিল্পকাৰ সকলে সকলো বস্তু তৈয়াৰ কৰিব।”
Exodus 37:29 in Assamese 29 সুগন্ধিদ্ৰব্য তৈয়াৰ কৰা লোক সকলৰ দৰে, তেওঁ অভিষেকৰ পবিত্ৰ তেল, আৰু শুদ্ধ সুগন্ধি ধূপ যুগুত কৰিলে।
Exodus 38:3 in Assamese 3 তেওঁ বেদিৰ সকলো সামগ্রী যেনে, ছাই পেলোৱা পাত্ৰ, ছাই উলিওৱা হেঁতা, চৰিয়া, মাংস খুচা যাঠি, আৰু জুই ধৰা পাত্ৰ, এই সকলো সামগ্রী পিতলেৰে গঢ়ালে।
Exodus 40:27 in Assamese 27 তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে।
Leviticus 9:24 in Assamese 24 আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।
Leviticus 16:1 in Assamese 1 হাৰোণৰ যি দুজন পুত্ৰ যিহোৱাৰ ওচৰলৈ গ’ল, তেওঁলোকৰ মৃত্যুৰ পাছত যিহোৱাই মোচিক কৈছিল।
Leviticus 16:12 in Assamese 12 হাৰোনে যিহোৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা-ধৰাত ভৰাই ল’ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব।
Leviticus 22:9 in Assamese 9 এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেষবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে, তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা।
Numbers 3:2 in Assamese 2 হাৰোণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
Numbers 16:6 in Assamese 6 হে কোৰহ আৰু তোমাৰ গোটেই দল, এই কাম কৰা; ধূপাধাৰ লোৱা
Numbers 16:16 in Assamese 16 পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা।
Numbers 16:46 in Assamese 46 মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদীৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।
Numbers 26:61 in Assamese 61 কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোতে তেওঁলোকৰ মৃত্যু হ’ল।
Deuteronomy 4:2 in Assamese 2 মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
Deuteronomy 12:32 in Assamese 32 মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।
Deuteronomy 17:3 in Assamese 3 আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিলে, বা মই নিষেধ কৰা সূৰ্য্য, চন্দ্ৰ আদি আকাশৰ বাহিনীসকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰে,
1 Kings 13:1 in Assamese 1 সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বদিৰ কাষত থিয় হৈ আছিল৷
2 Chronicles 26:16 in Assamese 16 কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
Psalm 141:2 in Assamese 2 মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধ্যা উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।
Jeremiah 7:31 in Assamese 31 আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।
Jeremiah 19:5 in Assamese 5 তেওঁলোকে বালৰ উদ্দেশ্যে হোম-বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ, বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ, বা মোৰ মনত উদয়ো হোৱা নাছিল।
Jeremiah 32:35 in Assamese 35 তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
Jeremiah 44:8 in Assamese 8 তোমালোকৰ কোনো অৱশিষ্ট নথকাকৈ, যিহূদাৰ মাজৰ পৰা তোমালোকৰ সম্পৰ্কীয় পুৰুষ, মহিলা, ল’ৰা আৰু পিয়াহ খোৱা কেঁচুৱাক উচ্ছন্ন কৰিবলৈ তোমালোকে কিয় নিজ নিজ প্ৰাণৰ বিৰুদ্ধে এই মহাপাপ কৰিছা?
Jeremiah 44:15 in Assamese 15 তেতিয়া যি সকলো পুৰুষে, তেওঁলোকৰ ভাৰ্য্যাসকলে ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছে বুলি জানিছিল, তেওঁলোকে আৰু ওচৰত থকা মহিলাসকলৰ মহা সমাজে, অৰ্থাৎ মিচৰ দেশত থকা আটাই লোকসকলে পথ্ৰোচত যিৰিমিয়াক উত্তৰ দিলে।
Jeremiah 44:19 in Assamese 19 “আমি যেতিয়া আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ, তেতিয়া জানো নিজ নিজ স্বামীৰ বিনা অনুমতিৰে তেওঁক সেৱা-পূজা কৰিবৰ অৰ্থে আমি তেওঁৰ উদ্দেশ্যে পিঠা বনাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ?”
Luke 1:9 in Assamese 9 পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।
Hebrews 9:4 in Assamese 4 এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদী অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি (যত কুঁহি ওলাইছিল) আৰু বিধান থকা দুখন শিলৰ ফলি।
Revelation 8:3 in Assamese 3 পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰ সৈতে, তেওঁক ভালেমান ধুপ দিয়া হ’ল।