Lamentations 2:15 in Assamese 15 আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে। তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে, “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনে নে?”
Other Translations King James Version (KJV) All that pass by clap their hands at thee; they hiss and wag their head at the daughter of Jerusalem, saying, Is this the city that men call The perfection of beauty, The joy of the whole earth?
American Standard Version (ASV) All that pass by clap their hands at thee; They hiss and wag their head at the daughter of Jerusalem, `saying', Is this the city that men called The perfection of beauty, The joy of the whole earth?
Bible in Basic English (BBE) All who go by make a noise with their hands at you; they make hisses, shaking their heads at the daughter of Jerusalem, and saying, Is this the town which was the crown of everything beautiful, the joy of all the earth?
Darby English Bible (DBY) All that pass by clap [their] hands at thee; they hiss and shake their head at the daughter of Jerusalem: Is this the city which they called, The perfection of beauty, The joy of the whole earth?
World English Bible (WEB) All that pass by clap their hands at you; They hiss and wag their head at the daughter of Jerusalem, [saying], Is this the city that men called The perfection of beauty, The joy of the whole earth?
Young's Literal Translation (YLT) Clapped hands at thee have all passing by the way, They have hissed -- and they shake the head At the daughter of Jerusalem: `Is this the city of which they said: The perfection of beauty, a joy to all the land?'
Cross Reference Deuteronomy 29:22 in Assamese 22 এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰপুৰুষসকলে, সন্তানসকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্রশ্ন কৰিব।
1 Kings 9:7 in Assamese 7 তেতিয়া মই ইস্ৰায়েলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ - সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম৷ তাতে সকলো জাতিৰ মাজত ‘ইস্ৰায়েল’ নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ’ব।
2 Kings 19:21 in Assamese 21 তেওঁৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘চিয়োনৰ যুৱতী কন্যাই তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্রূপ কৰি হাঁহে; যিৰূচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে।
2 Chronicles 7:21 in Assamese 21 আৰু এই যি গৃহ ইমান ওখ হৈছে, ইয়াৰ ওচৰেদি যোৱা প্ৰতিজন লোকে আঁচৰিত শৈ সুধিব যে, ‘এই দেশলৈ আৰু এই গৃহলৈ যিহোৱাই কিয় এইদৰে কাৰ্য্য কৰিলে?’
Job 27:22 in Assamese 22 কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁৰ ভয়ত পলাই ফুৰিব।
Psalm 22:7 in Assamese 7 যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
Psalm 44:14 in Assamese 14 অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোকসমূহৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
Psalm 48:2 in Assamese 2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
Psalm 50:2 in Assamese 2 চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
Isaiah 37:22 in Assamese 22 তেওঁৰ বিষয়ে যিহোৱাই কোৱা কথা এই: কুমাৰী চিয়োন-জীয়াৰীয়ে তোমাক হেয়জ্ঞান কৰিছে, আৰু তোমাক হাঁহিছে; যিৰূচালেম জীয়াৰীয়ে তোমালৈ মুৰ জোকাৰিলা।
Isaiah 64:11 in Assamese 11 আমাৰ পূৰ্ব্ব-পুৰুষসকলে তোমাৰ প্ৰশংসা কৰা, আমাৰ সেই পবিত্ৰ সুন্দৰ মন্দিৰ অগ্নিৰে দগ্ধ হ’ল; আৰু আমাৰ মনমোহা সকলো ঠাই উচ্ছন্ন হ’ল।
Jeremiah 18:16 in Assamese 16 নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে। যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব।
Jeremiah 19:8 in Assamese 8 আৰু তেতিয়া মই এই নগৰ বিস্ময় মনাৰ আৰু ইচ্ ইচ্ কৰাৰ বিষয় কৰিম; যি কোনোৱে তাৰ ওচৰেদি যাব, তেওঁ বিস্ময় মানিব, আৰু তালৈ ঘটা আটাই মহামাৰীৰ উৎপাত দেখি ইচ্ ইচ্ কৰিব।
Jeremiah 25:9 in Assamese 9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
Jeremiah 25:18 in Assamese 18 অৰ্থাৎ আজিৰ দৰেই, তেওঁলোকক ধ্বংসস্থান, আচৰিত, ইচ্ ইচ্, আৰু শাওৰ বিষয় কৰিবলৈ যিৰূচালেমক, যিহূদাৰ নগৰবোৰক তাৰ ৰজাসকলক, আৰু তাৰ প্ৰধান লোকসকলক পান কৰোৱালোঁ।
Jeremiah 29:18 in Assamese 18 মই তৰোৱাল, আকাল, আৰু মহামাৰী লৈ তেওঁলোকৰ পাছে পাছে খেদিম, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম; আৰু মই তেওঁলোকক খেদাই দিয়া সকলো জাতিৰ মাজত তেওঁলোকক শাও, আচৰিত, ইচ্ ইচ্ আৰু ধিক্কাৰৰ বিষয় কৰিম।
Jeremiah 51:37 in Assamese 37 আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব।
Lamentations 1:8 in Assamese 8 যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল। তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছজ্ঞান কৰিলে। তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।
Lamentations 2:6 in Assamese 6 তেওঁ নিজ তম্বু বাৰীৰ টঙি ধ্ৱংস কৰাৰ দৰে ধ্ৱংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।
Lamentations 2:16 in Assamese 16 তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে। তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ। আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!”
Ezekiel 25:6 in Assamese 6 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।
Micah 6:16 in Assamese 16 অম্রীৰ বিধিবোৰ, আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা, তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা; সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম, আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব, মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।”
Nahum 3:19 in Assamese 19 তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?
Zephaniah 2:15 in Assamese 15 এয়ে সেই নির্ভয়ে থকা উল্লাসপ্রিয়া নীনবি নগৰ; তাই নিজৰ মনতে কয়, “ময়েই আছো, মোৰ সমান আন কোনো নাই!” তাই কেনেকৈ ধ্বংস হৈ গ’ল! বন্য পশুৰ আশ্রয়স্থল হ’ল! যিসকলে তাইৰ ওচৰেদি যাব, প্ৰতিজনে ইচ ইচ কৰি ঘৃণা কৰিব আৰু তাইক হাতেৰে ভুকু দেখুৱাব।
Matthew 27:39 in Assamese 39 তেতিয়া যি সকলে সেই বাটেদি অহা-যোৱা কৰিছিল, সেই বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে,
Mark 15:29 in Assamese 29 পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি ক’বলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,