Lamentations 1:6 in Assamese 6 আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে। তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল, আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গ’ল।
Other Translations King James Version (KJV) And from the daughter of Zion all her beauty is departed: her princes are become like harts that find no pasture, and they are gone without strength before the pursuer.
American Standard Version (ASV) And from the daughter of Zion all her majesty is departed: Her princes are become like harts that find no pasture, And they are gone without strength before the pursuer.
Bible in Basic English (BBE) And all her glory has gone from the daughter of Zion: her rulers have become like harts with no place for food, and they have gone in flight without strength before the attacker.
Darby English Bible (DBY) And from the daughter of Zion all her splendour is departed: her princes are become like harts that find no pasture; and they are gone without strength before the pursuer.
World English Bible (WEB) From the daughter of Zion all her majesty is departed: Her princes are become like harts that find no pasture, They are gone without strength before the pursuer.
Young's Literal Translation (YLT) And go out from the daughter of Zion doth all her honour, Her princes have been as harts -- They have not found pasture, And they go powerless before a pursuer.
Cross Reference Leviticus 26:36 in Assamese 36 আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।
Deuteronomy 28:25 in Assamese 25 যিহোৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব; আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক সিচঁৰিত হ’ব।
Deuteronomy 32:30 in Assamese 30 এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
Joshua 7:12 in Assamese 12 সেই বাবে ইস্ৰায়েলৰ সন্তানসকলে শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিলে৷ তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ’ল৷ তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম।
2 Samuel 4:11 in Assamese 11 পাছত, দুষ্টবোৰে এজন নিৰ্দোষীলোকক তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ খাটত শুই থাকোতে তেওঁক যদি বধ কৰে, তেনেহ’লে তোমালোকৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ তাতকৈ অধিক নল’ম নে? আৰু তোমালোকক পৃথিৱীৰ পৰা উচ্ছন্ন নকৰিম নে?”
2 Kings 19:21 in Assamese 21 তেওঁৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘চিয়োনৰ যুৱতী কন্যাই তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্রূপ কৰি হাঁহে; যিৰূচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে।
Psalm 44:9 in Assamese 9 কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্যসমূহৰ লগত তুমি যাত্রা নকৰা।
Psalm 48:2 in Assamese 2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
Psalm 50:2 in Assamese 2 চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
Psalm 96:9 in Assamese 9 যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা।
Psalm 132:12 in Assamese 12 তোমাৰ সন্তানসকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তানসকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
Isaiah 1:21 in Assamese 21 কি দৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰী সকলেৰে পৰিপূৰ্ণ।
Isaiah 4:5 in Assamese 5 তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব।
Isaiah 12:6 in Assamese 6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চ স্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মাজত মহান।”
Jeremiah 13:18 in Assamese 18 তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
Jeremiah 14:5 in Assamese 5 এনে কি, ঘাঁ নোহোৱাতে হৰিণীয়েও পথাৰত পোৱালি জগাই এৰি থৈ গৈছে।
Jeremiah 29:4 in Assamese 4 পত্রখনত এইদৰে কৈছিল, যে, “মই যিৰূচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে:
Jeremiah 47:3 in Assamese 3 শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত, ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত, পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তানসকলকৈ ঘূৰি নাচাব।
Jeremiah 48:41 in Assamese 41 কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল; আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।
Jeremiah 51:30 in Assamese 30 বাবিলৰ বীৰবিলাকে যুদ্ধ কৰিবলৈ এৰিছে, তেওঁবিলাকৰ দৃঢ় কোঁঠবোৰত থাকিছে; তেওঁবিলাকৰ শক্তি নাইকিয়া হ’ল; তেওঁবিলাক তিৰোতাৰ নিচিনা হ’ল, বাবিলৰ বাসস্থানবোৰত জুই লাগিল, তাৰ ডাংবোৰ ভাগিল।
Jeremiah 52:7 in Assamese 7 সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, (তেতিয়া কল্দীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল) আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
Jeremiah 52:11 in Assamese 11 তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
Jeremiah 52:13 in Assamese 13 যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
Lamentations 2:1 in Assamese 1 প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে! তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে; আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে।
Ezekiel 7:20 in Assamese 20 তেওঁৰ সুন্দৰ ভূষমৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মুৰ্ত্তি আৰু তেওঁলোকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই সেইবোৰ তেওঁলোকলৈ অশুচি বস্তু যেন কৰিলোঁ।
Ezekiel 11:22 in Assamese 22 তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
Ezekiel 24:21 in Assamese 21 ‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Ezekiel 24:25 in Assamese 25 “কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম -
Zephaniah 3:14 in Assamese 14 হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!