Lamentations 1:5 in Assamese 5 তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল। কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে। তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
Other Translations King James Version (KJV) Her adversaries are the chief, her enemies prosper; for the LORD hath afflicted her for the multitude of her transgressions: her children are gone into captivity before the enemy.
American Standard Version (ASV) Her adversaries are become the head, her enemies prosper; For Jehovah hath afflicted her for the multitude of her transgressions: Her young children are gone into captivity before the adversary.
Bible in Basic English (BBE) Those who are against her have become the head, everything goes well for her haters; for the Lord has sent sorrow on her because of the great number of her sins: her young children have gone away as prisoners before the attacker.
Darby English Bible (DBY) Her adversaries have become the head, her enemies prosper; for Jehovah hath afflicted her for the multitude of her transgressions: her children are gone into captivity before the adversary.
World English Bible (WEB) Her adversaries are become the head, her enemies prosper; For Yahweh has afflicted her for the multitude of her transgressions: Her young children are gone into captivity before the adversary.
Young's Literal Translation (YLT) Her adversaries have become chief, Her enemies have been at ease, For Jehovah hath afflicted her, For the abundance of her transgressions, Her infants have gone captive before the adversary.
Cross Reference Leviticus 26:15 in Assamese 15 মোৰ বিধি অগ্ৰাহ্য কৰা, আৰু মনতে মোৰ শাসন-প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য্য নকৰা, কিন্তু মোৰ নিয়মটি লঙ্ঘন কৰা;
Deuteronomy 4:25 in Assamese 25 যি সকল আপোনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
Deuteronomy 28:15 in Assamese 15 কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।
Deuteronomy 29:18 in Assamese 18 সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাসকলৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।
Deuteronomy 31:16 in Assamese 16 যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হবা; এই লোকসমূহে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাসকলৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
Deuteronomy 31:29 in Assamese 29 কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
Deuteronomy 32:15 in Assamese 15 যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
2 Chronicles 36:14 in Assamese 14 বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্য-লঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
Nehemiah 9:33 in Assamese 33 আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
Psalm 80:6 in Assamese 6 তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্রতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে। আমাৰ শত্রুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি-তামাচা কৰে।
Psalm 89:42 in Assamese 42 তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
Psalm 90:7 in Assamese 7 তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে, তোমাৰ কোপত আমি ব্যাকুল হওঁ।
Isaiah 63:18 in Assamese 18 তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।
Jeremiah 5:3 in Assamese 3 হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
Jeremiah 5:29 in Assamese 29 যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্য্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম? মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
Jeremiah 12:7 in Assamese 7 মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
Jeremiah 23:14 in Assamese 14 মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কু-কৰ্ম্মিসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
Jeremiah 30:14 in Assamese 14 তোমাৰ প্ৰেমকাৰিণী সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে, কিয়নো তোমাৰ অপৰাধৰ বহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰূৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ, নিষ্ঠূৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ।
Jeremiah 39:9 in Assamese 9 এই সময়ত নবূজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
Jeremiah 44:21 in Assamese 21 “যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত তোমালোকে, তোমালোকৰ পূৰ্ব্ব-পুৰুষসকল, তোমালোকৰ ৰজা, তোমালোকৰ প্ৰধান লোকসকল আৰু দেশৰ প্ৰজাসকলে যি ধূপ দাহ কৰিছিল, সেই ধূপ দাহ জানো যিহোৱাই সোঁৱৰণ কৰা নাই? এই সকলো তেওঁৰ মনত আছিল।
Jeremiah 52:27 in Assamese 27 পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল.
Lamentations 1:18 in Assamese 18 যিহোৱা ধাৰ্ম্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
Lamentations 2:17 in Assamese 17 যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্ব্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে, আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।
Lamentations 3:39 in Assamese 39 জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?
Lamentations 3:46 in Assamese 46 আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে।
Ezekiel 8:17 in Assamese 17 তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য্য কৰিছে, সেই সকলো কাৰ্য্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে।
Ezekiel 9:9 in Assamese 9 তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
Ezekiel 22:24 in Assamese 24 “হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
Daniel 9:7 in Assamese 7 হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰুচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
Micah 3:9 in Assamese 9 সকলো সৎ কাৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মুখ্যলোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;
Micah 7:8 in Assamese 8 হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।
Zephaniah 3:1 in Assamese 1 ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।