Lamentations 1:20 in Assamese 20 হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।
Other Translations King James Version (KJV) Behold, O LORD; for I am in distress: my bowels are troubled; mine heart is turned within me; for I have grievously rebelled: abroad the sword bereaveth, at home there is as death.
American Standard Version (ASV) Behold, O Jehovah; for I am in distress; my heart is troubled; My heart is turned within me; for I have grievously rebelled: Abroad the sword bereaveth, at home there is as death.
Bible in Basic English (BBE) See, O Lord, for I am in trouble; the inmost parts of my body are deeply moved; my heart is turned in me; for I have been uncontrolled: outside the children are put to the sword, and in the house there is death.
Darby English Bible (DBY) See, Jehovah, for I am in distress, my bowels are troubled; my heart is turned within me, for I have grievously rebelled: without, the sword hath bereaved [me], within, it is as death.
World English Bible (WEB) See, Yahweh; for I am in distress; my heart is troubled; My heart is turned within me; for I have grievously rebelled: Abroad the sword bereaves, at home there is as death.
Young's Literal Translation (YLT) See, O Jehovah, for distress `is' to me, My bowels have been troubled, Turned hath been my heart in my midst, For I have greatly provoked, From without bereaved hath the sword, In the house `it is' as death.
Cross Reference Leviticus 26:40 in Assamese 40 কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্য লঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্ৱীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,
Deuteronomy 32:25 in Assamese 25 বাটত তৰোৱালে মাৰিব, ভিতৰ-কোঠালিত আতঙ্কত মৰিব। যুৱক আৰু কুমাৰীসকলক, পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
1 Kings 8:47 in Assamese 47 তথাপি তেওঁলোকে যদি বন্দী কৰি নিয়া দেশত নিজে বিবেচনা কৰি মন ঘূৰাই, আৰু তেওঁলোকে বন্দী কৰি নিয়াসকলৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি, ‘আমি পাপ কৰিলোঁ, আমি অপথে গলোঁ, আমি কুকৰ্ম্ম কৰিলোঁ’,
Job 30:27 in Assamese 27 মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্তিত হৈছে।
Job 33:27 in Assamese 27 সি মানুহৰ আগত গীত গাই কব, “মি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
Psalm 22:14 in Assamese 14 মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
Psalm 51:3 in Assamese 3 মোৰ পাপবোৰ মই নিজে জানিছোঁ; মোৰ পাপ সদায় মোৰ আগত আছে।
Proverbs 28:13 in Assamese 13 যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
Isaiah 16:11 in Assamese 11 সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে।
Isaiah 38:14 in Assamese 14 মই বগলীৰ দৰে চিঁচিঁয়াই আছোঁ; কপৌৰ দৰে শোক ধ্বনি কৰিছোঁ; ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ’ল; হে যিহোৱা মই উপদ্ৰৱ পাইছোঁ, মোক সহায় কৰক।
Jeremiah 2:35 in Assamese 35 তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল। চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে, মই তোমাৰে সৈতে বিচাৰস্থানত সোমাম।
Jeremiah 3:13 in Assamese 13 তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আতঁৰি গ’লা।
Jeremiah 4:19 in Assamese 19 হায় হায় মোৰ নাড়ী ! মোৰ নাড়ী ! মই অতিশয় শোক-পীড়িত হৈছো; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
Jeremiah 9:21 in Assamese 21 কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকীয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
Jeremiah 14:18 in Assamese 18 মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ, আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ; কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে।
Jeremiah 31:20 in Assamese 20 ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
Jeremiah 48:36 in Assamese 36 এই কাৰণে মোৰ অন্তৰ মোৱাবৰ বাবে বাঁহীৰ নিচিনাকৈ বাজিছে আৰু মোৰ হৃদয় কীৰ-হেৰেচৰ লোকসকলৰ বাবে বাঁহীৰ দৰে বাজিছে; কাৰণ সি অৰ্জ্জা অধিক বস্তু নষ্ট হ’ল।
Lamentations 1:9 in Assamese 9 তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
Lamentations 1:11 in Assamese 11 তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।
Lamentations 1:18 in Assamese 18 যিহোৱা ধাৰ্ম্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
Lamentations 2:11 in Assamese 11 মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
Lamentations 4:9 in Assamese 9 ভোকত মৰা লোকতকৈ তৰোৱালৰ দ্বাৰাই হত হোৱা লোক ধন্য, কিয়নো তেওঁলোক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোকৰূপ তৰোৱালেৰে খোঁচা যেন হৈ ক্ষীণাই গৈছে।
Ezekiel 7:15 in Assamese 15 তৰোৱাল দেশৰ বাহিৰত আৰু মহামাৰী আৰু আকাল দেশৰ ভিতৰত আছে। যি সকল লোক পথাৰত আছে, তেওঁলোকক তৰোৱালেৰে বধ হ’ব আৰু যি সকল লোক নগৰৰ ভিতৰত আছে, তেওঁলোকক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব।
Hosea 11:8 in Assamese 8 হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
Habakkuk 3:16 in Assamese 16 মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে! মোৰ হাড়বোৰ ক্ষয় হ’ব ধৰিছে, আৰু মোৰ ভিতৰ অংশ কঁপি উঠিছে তথাপি যি সকলে আমাক আক্রমণ কৰিলে, তেওঁলোকৰ ওপৰলৈ সঙ্কটৰ দিন অহাৰ বাবে মই নিৰৱে অপেক্ষা কৰি আছোঁ।
Luke 15:18 in Assamese 18 মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বর্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলোঁ;
Luke 18:13 in Assamese 13 কিন্তু কৰ সংগ্রহকাৰী জনে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে দয়ালু ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰায়শ্চিত্তৰ দ্বাৰাই প্ৰসন্ন হওক’।