Lamentations 1:18 in Assamese 18 যিহোৱা ধাৰ্ম্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
Other Translations King James Version (KJV) The LORD is righteous; for I have rebelled against his commandment: hear, I pray you, all people, and behold my sorrow: my virgins and my young men are gone into captivity.
American Standard Version (ASV) Jehovah is righteous; for I have rebelled against his commandment: Hear, I pray you, all ye peoples, and behold my sorrow: My virgins and my young men are gone into captivity.
Bible in Basic English (BBE) The Lord is upright; for I have gone against his orders: give ear, now, all you peoples, and see my pain, my virgins and my young men have gone away as prisoners.
Darby English Bible (DBY) Jehovah is righteous; for I have rebelled against his commandment. Hear, I pray you, all ye peoples, and behold my sorrow. My virgins and my young men are gone into captivity.
World English Bible (WEB) Yahweh is righteous; for I have rebelled against his commandment: Please hear all you peoples, and see my sorrow: My virgins and my young men are gone into captivity.
Young's Literal Translation (YLT) Righteous is Jehovah, For His mouth I have provoked. Hear, I pray you, all ye peoples, and see my pain, My virgins and my young men have gone into captivity.
Cross Reference Exodus 9:27 in Assamese 27 তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ন, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ন।
Deuteronomy 28:32 in Assamese 32 আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোতা কোনো নাথাকিব।
Deuteronomy 29:22 in Assamese 22 এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰপুৰুষসকলে, সন্তানসকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্রশ্ন কৰিব।
Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
Judges 1:7 in Assamese 7 তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলো। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলো, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
1 Samuel 12:14 in Assamese 14 তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা।
1 Samuel 15:23 in Assamese 23 কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়েহে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
1 Kings 9:8 in Assamese 8 আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য্য কৰিলে?’
1 Kings 13:21 in Assamese 21 আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা,
Ezra 9:13 in Assamese 13 আমাৰ কু-ক্ৰিয়াবোৰৰ আৰু মহাদোষৰ কাৰণে আমালৈ ঘটা সকলো অমঙ্গলৰ পাছত, আমাৰ ঈশ্বৰ যি আপুনি, আপুনি আমাৰ অপৰাধৰ পাবলগা দণ্ড কম কৰি, আমাক জীৱিত কৰি ৰাখিলে।
Nehemiah 1:6 in Assamese 6 আপোনাৰ দাস ইস্ৰায়েলী লোকসকলৰ অৰ্থে মই আপোনাৰ আগত দিনে-ৰাতিয়ে কৰা প্ৰাৰ্থনা শুনক আৰু মোলৈ দৃষ্টি কৰক। আমি আপোনাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, এনে কি মই, আৰু মোৰ পিতৃ পৰিয়ালেও যি পাপ কৰিলে, তাৰ বাবে মই ইস্রায়েলী লোকসকলৰ হৈ পাপ স্ৱীকাৰ কৰিছোঁ।
Nehemiah 9:26 in Assamese 26 তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
Nehemiah 9:33 in Assamese 33 আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
Psalm 107:11 in Assamese 11 কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামর্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
Psalm 119:75 in Assamese 75 হে যিহোৱা, মই জানো যে , তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
Psalm 145:17 in Assamese 17 যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্ম্মিক আৰু সমুদায় কাৰ্য্যতে দয়াৱান।
Jeremiah 12:1 in Assamese 1 “হে যিহোৱা, তুমি ধাৰ্ম্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
Jeremiah 22:8 in Assamese 8 আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক কব, “যিহোৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে?”
Jeremiah 25:28 in Assamese 28 আৰু তেতিয়া যদি তেওঁলোকে পান কৰিবলৈ তোমাৰ হাতৰ পৰা পান-পাত্ৰটি লবলৈ অস্বীকাৰ কৰে, তোতিয়া তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, তোমালোকে অৱশ্যে পান কৰিবই লাগে।
Jeremiah 49:12 in Assamese 12 কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।
Lamentations 1:5 in Assamese 5 তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল। কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে। তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
Lamentations 1:12 in Assamese 12 হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে? বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে? কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।
Lamentations 3:42 in Assamese 42 “আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা।
Ezekiel 14:22 in Assamese 22 তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।
Daniel 9:7 in Assamese 7 হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰুচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
Daniel 9:9 in Assamese 9 আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
Zephaniah 3:5 in Assamese 5 তাইৰ মাজত থকা যিহোৱা ধাৰ্ম্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায়বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
Romans 2:5 in Assamese 5 কিন্তু আপোনাৰ কঠিনতা আৰু মন-পালটন নকৰা হৃদয়ে, ঈশ্বৰৰ ধাৰ্মিকতাপূৰ্ণ সোধ-বিচাৰৰ ন্যায় প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
Romans 3:19 in Assamese 19 আমি জানো যে, বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগতে ঈশ্বৰৰ সন্মুখত হিচাব দিবলৈ বাধ্য৷
Revelation 15:3 in Assamese 3 সেই লোক সকলে ঈশ্বৰৰ দাস মোচিৰ গীত আৰু সেই মেষ পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে জাতিবোৰ ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
Revelation 16:5 in Assamese 5 তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি তোমাৰ ন্যায়ত ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।