Joshua 5:14 in Assamese 14 তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?”
Other Translations King James Version (KJV) And he said, Nay; but as captain of the host of the LORD am I now come. And Joshua fell on his face to the earth, and did worship, and said unto him, What saith my Lord unto his servant?
American Standard Version (ASV) And he said, Nay; but `as' prince of the host of Jehovah am I now come. And Joshua fell on his face to the earth, and did worship, and said unto him, What saith my lord unto his servant?
Bible in Basic English (BBE) And he said, No; but I have come as captain of the armies of the Lord. Then Joshua, falling down with his face to the earth in worship, said, What has my lord to say to his servant?
Darby English Bible (DBY) And he said, No; for [as] captain of the army of Jehovah am I now come. Then Joshua fell upon his face to the earth, and worshipped, and said to him, What saith my lord unto his servant?
Webster's Bible (WBT) And he said, No; but as captain of the host of the LORD am I now come. And Joshua fell on his face to the earth, and worshiped, and said to him, What saith my lord to his servant?
World English Bible (WEB) He said, No; but [as] prince of the host of Yahweh am I now come. Joshua fell on his face to the earth, and did worship, and said to him, What says my lord to his servant?
Young's Literal Translation (YLT) And He saith, `No, for I `am' Prince of Jehovah's host; now I have come;' and Joshua falleth on his face to the earth, and doth obeisance, and saith to Him, `What is my Lord speaking unto His servant?'
Cross Reference Genesis 17:3 in Assamese 3 তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
Genesis 17:17 in Assamese 17 এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
Exodus 4:10 in Assamese 10 তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”
Exodus 4:13 in Assamese 13 কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।”
Exodus 23:20 in Assamese 20 যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।
Leviticus 9:24 in Assamese 24 আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।
Numbers 16:22 in Assamese 22 তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”
Numbers 16:45 in Assamese 45 “তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক মিনিষতে এওঁলোকক সংহাৰ কৰোঁ।” তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল।
1 Samuel 3:9 in Assamese 9 তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল।
Psalm 110:1 in Assamese 1 যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
Isaiah 6:8 in Assamese 8 মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”
Isaiah 55:4 in Assamese 4 চোৱা, মই তেওঁক দেশবোৰৰ সাক্ষীস্বৰূপে, আৰু লোকসকলৰ মুখ্য ব্যক্তি আৰু অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।”
Daniel 10:13 in Assamese 13 পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষকদূতসকলৰ মাজৰ মীখায়েল নামেৰে এজনে মোক সহায় কৰিবলৈ আহিল।
Daniel 10:21 in Assamese 21 কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষকদূতসকলৰ মাজত মীখায়েলৰ বাহিৰে আন কোনো শক্তিশালী নাই।”
Daniel 12:1 in Assamese 1 সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক-দূত মিখায়েল থিয় হ’ব। দেশৰ আৰম্ভণী নোহোৱা সময়ৰে পৰা যেনে সঙ্কট কেতিয়াও হোৱা নাই, তেনে সঙ্কটৰ সময় আহিব। সেই সময়ত পুস্তক খনত নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব।
Matthew 8:2 in Assamese 2 সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
Matthew 22:44 in Assamese 44 প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
Luke 1:43 in Assamese 43 মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল?
Luke 5:12 in Assamese 12 এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
Luke 20:42 in Assamese 42 কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক’লে, ‘মোৰ সোঁ হাতে বহি থাকা,
John 20:28 in Assamese 28 থোমাই উত্তৰ দি তেওঁক ক’লে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”
Acts 9:6 in Assamese 6 এতিয়া উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”
Acts 10:25 in Assamese 25 পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণিপাত কৰিলে৷
Philippians 3:8 in Assamese 8 মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ আৰু আবৰ্জনা যেন গণ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷
Hebrews 2:10 in Assamese 10 সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে দুখভোগৰ মাজেদি পৰিত্ৰাণৰ আদিকৰ্তাই সঠিক কাৰ্যটো সিদ্ধ কৰিলে, এইটোৱে আছিল ঈশ্বৰৰ বাবে উপযুক্ত কার্য।
Revelation 12:7 in Assamese 7 এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মিখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷
Revelation 19:10 in Assamese 10 তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা।”
Revelation 22:8 in Assamese 8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক (যি জনে এই সকলোকে মোক দেখুৱালে) তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।