Joshua 22:5 in Assamese 5 কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।”
Other Translations King James Version (KJV) But take diligent heed to do the commandment and the law, which Moses the servant of the LORD charged you, to love the LORD your God, and to walk in all his ways, and to keep his commandments, and to cleave unto him, and to serve him with all your heart and with all your soul.
American Standard Version (ASV) Only take diligent heed to do the commandment and the law which Moses the servant of Jehovah commanded you, to love Jehovah your God, and to walk in all his ways, and to keep his commandments, and to cleave unto him, and to serve him with all your heart and with all your soul.
Bible in Basic English (BBE) Only take great care to do the orders and the law which Moses, the Lord's servant, gave you; to have love for the Lord your God and to go in all his ways; and to keep his laws and to be true to him and to be his servants with all your heart and with all your soul.
Darby English Bible (DBY) Only, take great heed to do the commandment and the law, which Moses the servant of Jehovah commanded you, to love Jehovah your God, and to walk in all his ways, and to keep his commandments, and to cleave unto him, and to serve him with all your heart and with all your soul.
Webster's Bible (WBT) But take diligent heed to perform the commandment and the law, which Moses the servant of the LORD charged you, to love the LORD your God, and to walk in all his ways, and to keep his commandments, and to cleave to him, and to serve him with all your heart, and with all your soul.
World English Bible (WEB) Only take diligent heed to do the commandment and the law which Moses the servant of Yahweh commanded you, to love Yahweh your God, and to walk in all his ways, and to keep his commandments, and to cleave to him, and to serve him with all your heart and with all your soul.
Young's Literal Translation (YLT) Only, be very watchful to do the command and the law which Moses, servant of Jehovah, commanded you, to love Jehovah your God, and to walk in all His ways, and to keep His commands, and to cleave to Him, and to serve Him, with all your heart, and with all your soul.'
Cross Reference Exodus 15:26 in Assamese 26 তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়া সকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।
Exodus 20:6 in Assamese 6 কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাওঁ।
Deuteronomy 4:1 in Assamese 1 এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছো, সেইবোৰ মানি চলিব।
Deuteronomy 4:4 in Assamese 4 কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
Deuteronomy 4:6 in Assamese 6 আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
Deuteronomy 4:9 in Assamese 9 যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
Deuteronomy 6:5 in Assamese 5 আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
Deuteronomy 6:17 in Assamese 17 আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
Deuteronomy 10:12 in Assamese 12 ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
Deuteronomy 10:20 in Assamese 20 আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব।
Deuteronomy 11:1 in Assamese 1 “আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।
Deuteronomy 11:13 in Assamese 13 গতিকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্রেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই আপোনালোকক দিলো তাক আপোনালোকে বিশ্বস্ততাৰে পালন কৰিব।
Deuteronomy 11:22 in Assamese 22 কিয়নো এই যি আজ্ঞাবোৰ মই আপোনালোকক আদেশ দিছোঁ, আপোনালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে, তেওঁৰ সকলো পথত চলে, আৰু তেওঁত লাগি থাকে,
Deuteronomy 13:4 in Assamese 4 আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
Joshua 23:8 in Assamese 8 কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা।
Joshua 24:14 in Assamese 14 এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্ব্ব পুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
1 Samuel 7:3 in Assamese 3 চমূৱেলে ইস্ৰায়েলৰ আটাই বংশক ক’লে, “তোমালোকে যদি তোমালোকৰ সকলো চিত্তেৰে যিহোৱালৈ উভটি আহা, আৰু তোমালোকৰ মাজৰ পৰা ভিন্ন দেশীয় দেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰ দূৰ কৰা আৰু যিহোৱালৈ নিজৰ মন পৰিবৰ্তন কৰি যদি কেৱল তেওঁৰেই সেৱা কৰা; তেনেহলে তেওঁ ফিলিষ্টীয়াসকলৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব।”
1 Samuel 12:20 in Assamese 20 চমূৱেলে উত্তৰ দি ক’লে, “ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।
1 Samuel 12:24 in Assamese 24 তোমালোকে কেৱল যিহোৱালৈ ভয় ৰাখা আৰু সত্যতাৰে সকলো হৃদয়েৰে তেওঁৰ আৰাধনা কৰা; আৰু তেওঁ তোমালোকৰ অৰ্থে কৰা মহৎ কর্মৰ কথা বিবেচনা কৰা।
1 Chronicles 28:7 in Assamese 7 আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
Psalm 106:3 in Assamese 3 ধন্য সেইসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্ম্মাচৰণ কৰে।
Psalm 119:4 in Assamese 4 তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা।
Proverbs 4:23 in Assamese 23 সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
Isaiah 55:2 in Assamese 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
Jeremiah 12:16 in Assamese 16 এনেকৈ তেওঁলোকে মোৰ প্ৰজাসকলক বালৰ নামেৰে শপত খাবলৈ শিকাইছিল, তেনেকৈ “যিহোৱাৰ জীৱনৰ শপত!” বুলি মোৰ নামেৰে শপত কৰিবলৈ মোৰ প্ৰজাসকলৰ পথ যদি তেওঁলোকে যত্নেৰে শিকে, তেন্তে মোৰ প্ৰজাসকলৰ মাজত তেওঁলোকক স্থাপন কৰা হ’ব।
Matthew 4:10 in Assamese 10 তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, ‘তোমাৰ প্ৰভু পৰমেশ্বৰক সেৱা কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা’।”
Matthew 6:24 in Assamese 24 কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
Matthew 22:37 in Assamese 37 যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’৷
Luke 1:74 in Assamese 74 শত্রুবোৰৰ হাতৰ পৰা আমাক ৰক্ষা কৰিম বুলি তেওঁ প্রতিশ্রুতি দিলে, যাতে আমি নির্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ,
John 12:26 in Assamese 26 কোনোৱে যদি মোৰ পৰিচাৰক হ’ব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তেতিয়া মই যি ঠাইত থাকোঁ, মোৰ পৰিচাৰক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
John 14:15 in Assamese 15 তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
John 14:21 in Assamese 21 যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
Acts 11:23 in Assamese 23 তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত বিশ্বাসযোগ্য হৈ থাকিবলৈ সকলোকে উদগালে৷
Acts 27:23 in Assamese 23 কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
Romans 1:9 in Assamese 9 কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,
Romans 8:28 in Assamese 28 আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
Romans 12:9 in Assamese 9 প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি সত্য, সেই সত্যত আসক্ত হওক৷
Hebrews 6:11 in Assamese 11 আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হ’ব যে, আপোনালোকৰ আশা পূর্ণ হ’ব।
Hebrews 12:15 in Assamese 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
James 1:12 in Assamese 12 যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
James 2:5 in Assamese 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
2 Peter 1:5 in Assamese 5 ইয়াৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
1 John 5:2 in Assamese 2 আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।